এই ঘৰচীয়া চতুষ্পদ জন্তুবোৰৰ মাজতো কেতিয়াবা বন্য প্ৰাণীৰ বৈশিষ্ট্য আহি যায়, সেয়ে যদি কেতিয়াবা এইবোৰে এনেকৈ দৌৰি পলায়ন কৰে তেন্তে তাৰ সৈতে এইদৰেই কৰিবা।
Choose an available translation of this Hadeeth
Hadeeth text
ৰাফে বিন খাদীজ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে জুল হুলাইফাত আছিলোঁ। উপস্থিত লোকসকল ভোকাতুৰ অৱস্থাত আছিল। ইপিনে আমাৰ ওচৰত কিছুমান উট আৰু ছাগলী যুদ্ধ লব্ধ সম্পদ হিচাপে আছিল। তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সেনা বাহিনীৰ একেবাৰে পিছফালে। মানুহে (ভোকৰ তাড়নাত) অলপ খৰখেদা কৰিলে, আৰু যুদ্ধত লাভ কৰা পশু ধৰি জবেহ কৰিলে আৰু পাত্ৰ চৌকাত উঠাই দিলে। পাছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশত সেই পাত্ৰবোৰ চৌকাৰ পৰা নমাই ওলটাই দিয়া হ'ল। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে যুদ্ধলব্ধ সম্পদ বণ্টন কৰা আৰম্ভ কৰিলে। দহটা ছাগলীক এটা উটৰ সমান ভাগ কৰিলে। হঠাৎ যুদ্ধ লব্ধ এটা উট পলায়ন কৰিলে। চাহাবাসকলে উটটোক ধৰিবলৈ বহুত চেষ্টা কৰিলে কিন্তু উটটোৱে তেওঁলোকক ক্লান্ত কৰি পেলালে। সেই সময়ত তেওঁলোকৰ ওচৰত খুবেই কম সংখ্যক ঘোঁৰা আছিল। অৱশেষত তেওঁলোকৰ মাজৰ কোনোবাই এটা কাঁড় নিক্ষেপ কৰিলে। ইয়াৰ ফলত আল্লাহে উটটোক ৰখাই দিলে। ইয়াৰ পিছত তেখেতে ক'লেঃ "এই ঘৰচীয়া চতুষ্পদ জন্তুবোৰৰ মাজতো কেতিয়াবা বন্য প্ৰাণীৰ বৈশিষ্ট্য আহি যায়, সেয়ে যদি কেতিয়াবা এইবোৰে এনেকৈ দৌৰি পলায়ন কৰে তেন্তে তাৰ সৈতে এইদৰেই কৰিবা।" তেতিয়া ৰাফে ৰাদ্বিয়াল্লাহু আনহুৱে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ আমি আশংকা কৰিছোঁ, কাইলৈ হয়তো শত্ৰুৰ সৈতে আমাৰ মোকাবিলা হ'ব। ইফালে আমাৰ ওচৰত কোনো ছুৰী নাই, সেয়ে আমি চোকা বাঁহৰ শলাৰে জবেহ কৰিব পাৰিমনে? তেতিয়া তেখেতে ক'লেঃ "যিটো বস্তুৰ দ্বাৰা তেজ প্ৰবাহিত কৰিব পৰা যায়, আৰু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছে, সেইটোৰ মাংস ভক্ষণ কৰিব পাৰিবা। কিন্তু দাঁত বা নখ আদিৰ দ্বাৰা জবেহ কৰা উচিত নহয়। শুনা! এই বিষয়ে কথা এটা কওঁ। দাঁত হৈছে এটা হাড় আৰু নখ হৈছে হাবশ্বীসকলৰ ছুৰী।"
Explanation
Benefits
ইমাম তথা নেতাই নিজৰ অধীনস্থ লোকসকলক আৰু সেনাবাহিনীক অনুশাসন শিকাব লাগে। যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকৰ খৰখেদাৰ বাবে আৰু অনুমতি নোলোৱাকৈ নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ বাবে তেওঁলোকক অনুশাসন কৰিছিল। ইয়াৰ ফলস্বৰূপে তেখেতে তেওঁলোকক সেইটোৰ পৰা বঞ্চিত কৰিছিল, যিটো তেওঁলোকে বিচাৰিছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশনাৰ প্ৰতি চাহাবাসকলে অতি ক্ষিপ্ৰতাৰে সঁহাৰি দিছিল।
যুদ্ধলব্ধ সম্পদ বণ্টন হোৱাৰ আগতে তাৰ পৰা কিবা লোৱা নিষেধ।
ন্যায় কৰা, বিশেষকৈ কাফিৰ শত্ৰুৰ সৈতে জিহাদ কৰাৰ সময়ত অত্যন্ত মহত্বপূৰ্ণ। কিয়নো এইটো হৈছে শত্ৰুৰ ওপৰত বিজয় লাভ কৰাৰ অন্যতম এটা কাৰণ।
ইমাম নাৱাৱীয়ে কৈছেঃ যদি কোনো ঘৰচীয়া জন্তু যেনে- উট, গৰু, ঘোঁৰা, ভেৰা, ছাগলী আদি বনৰীয়া পশুৰ দৰে আচৰণ কৰে, তেন্তে সেইটো চিকাৰী জন্তুৰ শাৰীত পৰে, তাৰ প্ৰতি কাঁড় নিক্ষেপ কৰা বৈধ।
জীৱ জন্তুক হালালভাৱে ভক্ষণ কৰিবলৈ হালাল পদ্ধতিৰে জবেহ কৰা অনিবাৰ্য্য। তাৰ বাবে কেইটামান চৰ্ত জৰুৰীঃ ১) জন্তুটো খোৱাৰ বাবে হালাল হ'ব লাগিব। ২) জন্তুটো আয়ত্তত থাকিব লাগিব। যদি আয়ত্তত নাথাকে তেন্তে সেইটো চিকাৰ হিচাপে গণ্য হ'ব। ৩) জন্তুটো স্থলত বাস কৰা হ'ব লাগিব। পানীত বাস কৰা জীৱ ভক্ষণ কৰিবলৈ জবেহ কৰাৰ প্ৰয়োজন নাই।
জবেহ কৰাৰ চৰ্তসমূহঃ ১) জবেহ কৰা ব্যক্তিজন বিবেক সম্পন্ন হ'ব লাগিব আৰু পাৰ্থক্য কৰিব পৰা ক্ষমতা থাকিব লাগিব, লগতে মুছলিম হ'ব লাগিব অথবা আহলে কিতাব হ'ব লাগিব। ২) জবেহ কৰাৰ সময়ত আল্লাহৰ নামত জবেহ কৰিব লাগিব। ৩) জবেহ কৰিবলৈ লোৱা অস্ত্ৰটো চোকা হ'ব লাগিব, যি ধাতুৰেই বনোৱা নহওক কিয়, কেৱল হাড় আৰু নখ হ'ব নালাগে। ৪) জন্তুটোৰ সেই অংশত কাটিব লাগিব, যিটো অংশক জবেহ কৰিবলৈ তথা নহৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ খাদ্য নলী তথা শ্বাসনলী কাটিব লাগিব, মহা ধমনিও ইয়াৰ অন্তৰ্ভুক্ত।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

