মই যেতিয়া কোনো বিষয়ত তোমালোকক নিষেধ কৰোঁ, তেতিয়া তোমালোকে সেইটোৰ পৰা বিৰত থাকিবা, আৰু যদি কোনো বিষয়ৰ আদেশ দিওঁ তেন্তে সেইটো সাধ্যানুসাৰে বাস্তৱায়ন কৰিবা।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ আব্দুৰ ৰহমান ইবনে ছাখৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে- মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "মই যেতিয়া কোনো বিষয়ত তোমালোকক নিষেধ কৰোঁ, তেতিয়া তোমালোকে সেইটোৰ পৰা বিৰত থাকিবা, আৰু যদি কোনো বিষয়ৰ আদেশ দিওঁ তেন্তে সেইটো সাধ্যানুসাৰে বাস্তৱায়ন কৰিবা। কিয়নো তোমালোকৰ পূৰ্বৱৰ্তী লোকসকলে নবীসকলক বেছি বেছি প্রশ্ন কৰাৰ বাবে আৰু নবীসকলৰ লগত মতভেদ কৰাৰ বাবেই ধ্বংস হৈছিল।"
Explanation
Benefits
নিষিদ্ধ বিষয়সমূহৰ পৰা বিৰত থকাৰ ক্ষেত্রত কোনো অৱকাশ নাই। আনহাতে আদেশসমূহ বাস্তৱায়নৰ ক্ষেত্রত সক্ষমতা জৰুৰী। কিয়নো পৰিত্যাগ কৰিবলৈ কোনো সক্ষমতাৰ প্ৰয়োজন নহয়। পক্ষান্তৰে কোনো কাম কৰিবলৈহে সক্ষমতাৰ প্রয়োজন হয়।
অধিক প্রশ্ন কৰাটো নিষিদ্ধ কৰা হৈছে। উলামাসকলে প্রশ্নক দুইভাগত বিভক্ত কৰিছে। প্রথম: দ্বীনৰ প্রয়োজনীয় বিষয়সমূহ শিকিবলৈ প্রশ্ন কৰা, এইটো কৰাত কোনো বাধা নাই, চাহাবাসকলেও এনেকুৱাই প্রশ্ন কৰিছিল। আনহাতে দ্বিতীয় প্রকাৰটো হৈছে, কৃত্রিম তথা বিৰক্তিকৰ আৰু অহংকাৰবশতঃ কৰা প্ৰশ্ন, এই ধৰণৰ প্রশ্ন কৰাটো নিষিদ্ধ।
এই উম্মতক তেওঁলোকৰ নবীৰ বিৰোধিতা কৰিবলৈ নিষেধ কৰা হৈছে, যিদৰে পূৰ্বৱৰ্তী উম্মতসকলে কৰিছিল।
নিষিদ্ধৰ ভিতৰত কম আৰু বেছি দুয়োটাই অন্তৰ্ভুক্ত। কিয়নো নিষেধাজ্ঞাৰ ওপৰত আমল কৰা তেতিয়াহে সাব্যস্ত হ’ব যেতিয়া কম হওক বা বেছি গোটেই নিষিদ্ধ বস্তুৰ পৰা বিৰত থাকিব। উদাহৰণস্বৰূপে আমাক সুতৰ পৰা নিষেধ কৰিছে। গতিকে সুত কম হওক বা বেছি গোটেই প্ৰক্ৰিয়াটো ইয়াৰ অন্তৰ্ভুক্ত।
হাৰামৰ পিনে লৈ যোৱা উপকৰণ পৰিত্যাগ কৰিব লাগিব। কাৰণ এইটোও বিৰত থকাৰ ভিতৰত পৰে।
ৰাছুলৰ নিৰ্দেশ শুনাৰ পিছত কোনো ব্যক্তিয়ে এই কথা কোৱা উচিত নহয় যে, এইটো ওৱাজিব নে মুস্তাহাব। বৰং সেইটো কৰিবলৈ আগভাগ লোৱা উচিত। কাৰণ তেখেতে কৈছেঃ "তোমালোকে সক্ষম অনুযায়ী সেইটো পালন কৰিবলৈ যত্ন কৰা।"
অত্যাধিক প্ৰশ্ন হৈছে ধ্বংসৰ কাৰণ। বিশেষকৈ সেইবোৰ বিষয়ত যিবোৰ বিষয়ৰ গভীৰলৈ যোৱাটো অসম্ভৱ। উদাহৰণস্বৰূপে গায়েব বা অদৃশ্য সম্পৰ্কীয় বিষয়াদি, কিয়ামত দিৱসৰ অৱস্থা সম্পৰ্কীয় বিষয়াদি। এনেকুৱা বিষয়ত অধিক প্ৰশ্ন কৰিব নালাগে। অন্যথা ধ্বংস অনিবাৰ্য্য। এইদৰে বিৰক্তিকৰ আৰু হেও প্ৰতিপন্ন কৰা প্ৰশ্নৰ পৰাও বিৰত থকা উচিত।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

