সূৰ্য্য উদয় হোৱা দিনসমূহৰ মাজত উত্তম দিন হৈছে জুমুআৰ দিন।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সূৰ্য্য উদয় হোৱা দিনসমূহৰ মাজত উত্তম দিন হৈছে জুমুআৰ দিন। জুমুআৰ দিনাই আদমক সৃষ্টি কৰা হৈছে আৰু এই দিনাই তেওঁক জান্নাতত প্ৰৱেশ কৰোৱা হৈছিল, আৰু জুমুআৰ দিনাই তেওঁক তাৰ পৰা বহিষ্কাৰ কৰা হৈছে, আৰু জুমুআৰ দিনাই ক্বিয়ামত সংঘটিত হ'ব।"
Explanation
Benefits
জুমুআৰ দিনত নেক আমল বেছি বেছি কৰিবলৈ উৎসাহিত কৰা হৈছে। গতিকে এই দিৱসটোত আল্লাহৰ ৰহমত অৰ্জন কৰাৰ প্ৰস্তুতি লোৱা উচিত আৰু তেওঁৰ ক্ৰোধৰ পৰা ৰক্ষা পোৱাৰ উপায় অলম্বন কৰা উচিত।
হাদীছত বৰ্ণিত এইবোৰ হৈছে জুমুআৰ দিনৰ বৈশিষ্ট্য। কিছুমানে কৈছেঃ এইবোৰে জুমুআৰ দিৱসৰ ফজীলত বহন নকৰে, কাৰণ আদমক কৰা বহিষ্কাৰ আৰু কিয়ামত সংঘটিত হোৱা বিষয়বোৰ ফজীলতৰ অন্তৰ্ভুক্ত নহয়। আন কিছুমানে কৈছেঃ উল্লিখিত আটাইবোৰ হৈছে ফাজাঈল। আদম আলাইহিচ্ছালামৰ বহিষ্কাৰো হৈছে এটা ফজীলত, কাৰণ ইয়াৰ ফলতে তেওঁৰ সন্তানসকলৰ মাজৰ পৰা নবী, ৰাছুল আৰু পুণ্যৱান লোকসকল অস্তিত্বলৈ আহিছে। এইদৰে কিয়ামত সংঘটিত হোৱাটোও হৈছে এটা ফজীলত, কাৰণ ইয়াৰ ফলত পূণ্যৱান লোকসকলে সোনকালেই তেওঁলোকৰ প্ৰতিফল লাভ কৰিব আৰু আল্লাহে তেওঁলোকৰ বাবে যিবোৰ নিয়ামত প্ৰস্তুত কৰি ৰাখিছে সেইবোৰ অৰ্জন কৰিব।
এই হাদীছত বৰ্ণিত বৈশিষ্ট্যসমূহৰ উপৰিও জুমুআৰ দিনৰ আৰু কেইবাটাও বৈশিষ্ট্য আছে। যেনে- আদম আলাইহিচ্ছালামে এই দিৱসতে তাওবা কৰিছিল, এই দিৱসটোতে তেওঁ মৃত্যুবৰণ কৰিছিল। এই দিৱসটোত এনেকুৱা এটা সময় আছে, যিটো সময়ত বান্দাই যদি নামাজ পঢ়ি আল্লাহৰ ওচৰত দুআ কৰে তথা কিবা বিচাৰে তেন্তে আল্লাহে তাক সেইটো প্ৰদান কৰে।
বছৰৰ সৰ্বোত্তম দিন হৈছে আৰাফাৰ দিন। কিছুমানে কৈছেঃ কুৰবানীৰ দিন। সপ্তাহৰ ভিতৰত সৰ্বোত্তম দিন হৈছে জুমুআৰ দিন আৰু সৰ্বোত্তম ৰাতি হৈছে ক্বদৰৰ ৰাতি।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

