তোমালোকে সৰু সুৰা পাপ কৰ্মকো বৰ্জন কৰা
Choose an available translation of this Hadeeth
Hadeeth text
ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে সৰু সুৰা পাপ কৰ্মকো বৰ্জন কৰা, কিয়নো সৰু আৰু তুচ্ছ পাপ কৰ্মৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে যিসকলে (ভ্ৰমণত গৈ) কোনো এটা উপত্যকাত (বিশ্ৰামৰ বাবে) অৱস্থান কৰে। ইয়াৰ পিছত ইজনে এটা কাঠৰ টুকুৰা আনে আৰু সিজনে এটা কাঠৰ টুকুৰা আনে, অৱশেষত খৰিৰ স্তূপ হৈ যায়, আৰু সিহঁতে সেইবোৰৰ দ্বাৰা ৰুটী সেকি খায়। ঠিক সেইদৰে সৰু সুৰা পাপ কৰ্মত অটল থকা লোকক যেতিয়া কৰায়ত্ব কৰা হ'ব তেতিয়া এইবোৰ গুনাহেই তাক ধ্বংস কৰিব।"
Explanation
Benefits
সৰু সুৰা তথা তুচ্ছ গুনাহৰ পৰা সতৰ্ক কৰা হৈছে। লগতে ইয়াৰ পৰা যিমান সোনকালে পৰা যায় তাওবা কৰিবলৈ উৎসাহিত কৰা হৈছে।
সৰু সুৰা গুনাহবোৰক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। প্ৰথমঃ বান্দাই যিবোৰ গুনাহক সৰু সুৰা গুনাহ বুলি ভাবি কাৰ্যকৰী কৰে, অথচ সেইটো আল্লাহৰ দৃষ্টিত ডাঙৰ গুনাহ। দ্বিতীয়ঃ মানুহে যিবোৰ সৰু গুনাহ কৰে সেইবোৰৰ প্ৰতি ভ্ৰূক্ষেপ নকৰে আৰু তাওবা নকৰে। ফলত এইবোৰ সৰু সৰু গুনাহবোৰ জমা হৈ এটা স্তূপত পৰিণত হয়, আৰু অৱশেষত তাৰ বাবে ধ্বংস মাতি আনে। তৃতীয়ঃ মানুহে কৰা সৰু গুনাহবোৰক সিহঁতে ভ্ৰূক্ষেপ নকৰি তুচ্ছ জ্ঞান কৰে, ফলত এইবোৰ ধ্বংসাত্মক ডাঙৰ গুনাহত পতিত হোৱাৰ কাৰণ হৈ পৰে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

