সৎ সঙ্গী আৰু অসৎ সঙ্গীৰ উদাহৰণ হৈছে আতৰ বিক্ৰেতা আৰু ভাটিত ফুঁ দিয়া কমাৰৰ দৰে।
Choose an available translation of this Hadeeth
Hadeeth text
আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সৎ সঙ্গী আৰু অসৎ সঙ্গীৰ উদাহৰণ হৈছে আতৰ বিক্ৰেতা আৰু ভাটিত ফুঁ দিয়া কমাৰৰ দৰে। সুগন্ধি বিক্ৰেতাই হয়তো আপোনাক আতৰ উপহাৰ হিচাপে দিব, নহ'লে আপুনি তাৰ পৰা কিনি ল'ব, নাইবা আপুনি তাৰ ওচৰত থাকিলে ভাল সুগন্ধি পাই থাকিব। আনহাতে ভাটিত ফুঁ দিয়া কমাৰৰ ওচৰত বহিলে হয়তো ফিৰিঙতিয়ে আপোনাৰ কাপোৰ পুৰি দিব নাইবা আপুনি বেয়া গোন্ধ পাই থাকিব।"
Explanation
প্ৰথম প্ৰকাৰঃ এনেকুৱা নেক সঙ্গী বা বন্ধু যিয়ে আল্লাহৰ ফালে পথ দেখুৱায়, আৰু যিটো কৰিলে আল্লাহ সন্তুষ্ট হয়। লগতে নেক কামত সহায় কৰে। ইয়াৰ উদাহৰণ হৈছে, আতৰ বিক্ৰেতাৰ দৰে। আতৰ বিক্ৰেতাৰ সৈতে যদি আপুনি বহে, হয়তো তেওঁ আপোনাক আতৰ উপহাৰ দিব, অথবা আপুনি তেওঁৰ পৰা কিনি ল'ব, নাইবা আপুনি তেওঁৰ সৈতে থাকিলে সুগন্ধি পাই থাকিব।
দ্বিতীয় প্ৰকাৰ হৈছে বেয়া বন্ধু বা বেয়া সংগী: যিয়ে আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, আৰু অসৎকৰ্মত সহযোগ কৰে, লগতে সদায় বেয়া কৰ্মত লিপ্ত থাকে। এনেকুৱা অসৎ চৰিত্ৰ লোকৰ সৈতে থাকিলে নিন্দিত হ'ব লাগিব, অন্যথা নিজেও এটা সময়ত বেয়া কামত লিপ্ত হ'ব। ইয়াৰ উদাহৰণ হৈছে কমাৰৰ দৰে, যিয়ে কমাৰ শালত সদায় জুই ফুঁৱাই থাকে, ফলত যিয়ে তাৰ সৈতে বহিব, হয়তো ফিৰিঙতিয়ে তাৰ কাপোৰ পুৰিব, অথবা সি বেয়া গোন্ধ পায়ে থাকিব।
Benefits
আনুগত্যশীল নেক লোকৰ সৈতে উঠা বহা কৰিবলৈ উৎসাহিত কৰা হৈছে। আনহাতে অসৎ চৰিত্ৰ তথা দুষ্ট লোকৰ সংগ ত্যাগ কৰিবলৈ উপদেশ দিয়া হৈছে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

