যিয়ে পাহাৰৰ ওপৰৰ পৰা জাপ মাৰি আত্মহত্যা কৰে, সি জাহান্নামত থাকিব, তাত সি চিৰকাল সেইদৰে জঁপিয়াই থাকিব।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে পাহাৰৰ ওপৰৰ পৰা জাপ মাৰি আত্মহত্যা কৰে, সি জাহান্নামত থাকিব, তাত সি চিৰকাল সেইদৰে জঁপিয়াই থাকিব। যিয়ে বিষ খাই আত্মহত্যা কৰিব, জাহান্নামত এই বিষ তাৰ হাতত থাকিব, চিৰকাল সি সেই বিষ তাত সেৱন কৰিব। এইদৰে যিয়ে লোহাৰ অস্ত্ৰৰে আত্মহত্যা কৰিব, জাহান্নামত সেই অস্ত্ৰ তাৰ হাতত থাকিব, আৰু তাত সি সেইটোৰে চিৰকাল নিজৰ পেটত আঘাত কৰিব।"
Explanation
Benefits
হাদীছটোত যিবোৰ কথা উল্লেখ হৈছে, এইবোৰ হৈছে আত্মহত্যাৰ কেইটিমান উদাহৰণহে। অন্যথা যিয়ে যিদৰে আত্মহত্যা কৰিব, তাক সেইদৰেই শাস্তি বিহা হ'ব। ছহীহ বুখাৰীৰ এটা হাদীছত আহিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে নিজৰ শ্বাসৰুদ্ধ কৰি আত্মহত্যা কৰিব, জাহান্নামত সি সেইদৰেই শাস্তি ভোগ কৰিব, আৰু যিয়ে চোকা অস্ত্ৰৰে আঘাত কৰি আত্মহত্যা কৰিব, সি জাহান্নামত নিজকে সেইদৰেই ঘপিয়াই থাকিব।"
ইমাম নাৱাৱীয়ে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী (সি জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত চিৰকাল থাকিব)। এই বিষয়ে কেইবাটাও ব্যাখ্যা আছেঃ প্ৰথম ব্যাখ্যাঃ এইটো সেই ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য, যিয়ে ইয়াক হালাল বুলি গণ্য কৰে, তথা হাৰাম বুলি জানিও সেইটো কৰে, তেন্তে তেনেকুৱা ব্যক্তি হৈছে কাফিৰ। এইটোৱে হৈছে শাস্তি। দ্বিতীয় ব্যাখ্যাঃ ইয়াত চিৰকাল বুলি দীৰ্ঘ ম্যাদ বুজোৱা হৈছে। যেনে কোৱা হয় যে, আল্লাহে বাদশ্বাহৰ ৰাজত্ব চিৰকাল অক্ষুণ্ণ ৰাখক। তৃতীয় ব্যাখ্যাঃ এইটো হৈছে সেই ব্যক্তিজনৰ বাবে নিৰ্ধাৰিত শাস্তি, কিন্তু মহান আল্লাহ হৈছে দয়াশীল, তেওঁ জনাইছে যে, যিয়ে মুছলিম অৱস্থাত মৃত্যুবৰণ কৰিব, তেওঁ জাহান্নামত চিৰস্থায়ী নহ'ব।
এইটো হৈছে দুনিয়াৰ অপৰাধৰ বাবে আখিৰাতৰ শাস্তিৰ সৈতে মিল থকা এটি উদাহৰণ। ইয়াৰ পৰা বুজা যায় যে, এজন ব্যক্তিয়ে নিজৰ ওপৰত কৰা অপৰাধো আনৰ ওপৰত কৰা অপৰাধৰ দৰেই সমান গুনাহৰ অন্তৰ্ভুক্ত। কাৰণ তাৰ নিজৰ জীৱন বা শৰীৰ সম্পূৰ্ণৰূপে তাৰ অধিকাৰভুক্ত নহয়, বৰং এইটো হৈছে আল্লাহৰ। ব্যক্তিয়ে মাত্ৰ সেইবোৰ কামহে কৰিব পাৰে, যিবোৰৰ অনুমতি আল্লাহে তাক দিছে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

