মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেতে প্ৰস্ৰাৱ কৰি আহি অজু কৰাৰ সময়ত মোজাৰ ওপৰত মছেহ কৰিছিল।
Choose an available translation of this Hadeeth
Hadeeth text
ইব্ৰাহীম আন-নাখায়ীয়ে হাম্মাম ইবনুল হাৰিছৰ পৰা বৰ্ণনা কৰিছে, তেওঁ কৈছেঃ জাৰীৰে প্ৰস্ৰাৱ কৰি আহি অজু কৰিলে আৰু তেওঁৰ মোজাৰ ওপৰত মছেহ কৰিলে। তেওঁক কোৱা হ'লঃ আপুনি এনেকুৱাই কৰে নেকি? তেওঁ ক'লেঃ হয়। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেতে প্ৰস্ৰাৱ কৰি আহি অজু কৰাৰ সময়ত মোজাৰ ওপৰত মছেহ কৰিছিল। আ'মাশ্বে কৈছে ইব্ৰাহীমে কৈছে যে, এই হাদীছটোক হাদীছ বিশাৰদসকলে আগ্ৰহৰ সৈতে গ্ৰহণ কৰিছে। কিয়নো জাৰীৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) ছুৰা মায়িদা অৱতীৰ্ণ হোৱাৰ পিছত ইছলাম গ্ৰহণ কৰিছিল।
Explanation
Benefits
ইমাম নাৱাৱীয়ে কৈছেঃ যিসকলৰ ইজমা গ্ৰহণযোগ্য, তেওঁলোক সকলোৱে এই বিষয়ত একমত যে, মোজাৰ ওপৰত মছেহ কৰা বৈধ, নিজৰ ঠাইতে থাকক বা ভ্ৰমণত, প্ৰয়োজন হওক বা নহওক। আনকি ঘৰত থকা নাৰী অথবা চলাফুৰা কৰিবলৈ অক্ষম ব্যক্তিৰ বাবেও মছেহ কৰা বৈধ।
হাদীছটোৰ দ্বাৰা জাৰীৰ ইবনু আব্দুল্লাহৰ মৰ্যাদা প্ৰমাণিত হয়, কাৰণ তেওঁ আছিল প্ৰশস্ত অন্তৰৰ অধিকাৰী। তেওঁৰ ছাত্ৰসকলে কোনো বিষয়ত আপত্তি কৰিলেও তেওঁ সহনশীলতা প্ৰদৰ্শন কৰিছিল, যদিও সিহঁত ভুল কৰিছিল।
যিসকলে মোজাৰ ওপৰত মছেহ কৰাৰ বিষয়টোক অস্বীকাৰ কৰে আৰু ইয়াক ৰহিত হোৱা বুলি দাবী কৰে, সিহঁতৰ এই দাবীক খণ্ডন কৰিবলৈ জাৰীৰ ৰাদ্বিয়াল্লাহু আনহুৰ এই হাদীছটোৱে যথেষ্ট, কিয়নো তেওঁ অজুৰ আয়াত অৱতীৰ্ণ হোৱাৰ পিছত ইছলাম গ্ৰহণ কৰিছিল।
ইয়াৰ দ্বাৰা এইটোও স্পষ্ট হয় যে, যদি কোনোবাই কাৰোবাৰ ওপৰত কোনো বিষয়কলৈ আপত্তি কৰে, যাৰ ওপৰত আপত্তি কৰা হৈছে তেওঁ যদি বিষয়টোৰ সত্যতা সম্পৰ্কে নিশ্চিত থাকে তেন্তে আপত্তিকাৰীৰ প্ৰতি খং কৰা উচিত নহয়। বৰং শান্ত শিষ্টভাৱে উত্তম পন্থাৰে আলোচনা কৰা উচিত, আৰু নিজৰ অৱস্থানৰ ভিত্তি আৰু প্ৰমাণ উত্তমভাৱে বুজাই দিয়া উচিত।
প্ৰয়োজনত ইতিহাসৰ দ্বাৰা প্ৰমাণ সাব্যস্ত কৰাত কোনো অসুবিধা নাই।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

