افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65116[ছহীহ]
HadeethEnc · 1.16.0

সেই ব্যক্তিয়ে ঈমানৰ সোৱাদ লাভ কৰিছে, যিয়ে (আন্তৰিকতাৰে) আল্লাহক ৰব্ব হিচাপে, ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে মানি লৈ সন্তুষ্ট হৈছে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আব্বাছ বিন আব্দুল মুত্তালিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ সেই ব্যক্তিয়ে ঈমানৰ সোৱাদ লাভ কৰিছে, যিয়ে (আন্তৰিকতাৰে) আল্লাহক ৰব্ব হিচাপে, ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে মানি লৈ সন্তুষ্ট হৈছে।
02

Explanation

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে সততাৰ সৈতে ঈমান পোষণ কৰিছে, তথা এই ক্ষেত্ৰত যাৰ অন্তৰ সন্তুষ্ট হৈছে, তেওঁ নিশ্চয় নিজৰ অন্তৰত প্ৰশস্ততা অনুভৱ কৰিব, আৰু আনন্দ অনুভৱ কৰিব, লগতে আল্লাহৰ নৈকট্যৰ মিঠা সোৱাদ অনুভৱ কৰিব, যদি তেওঁ এই তিনিটা ক্ষেত্ৰত সন্তুষ্ট হয়ঃ

প্ৰথমঃ যদি আল্লাহক ৰব্ব হিচাপে পাই সন্তুষ্ট হৈছে, আৰু সেয়া হৈছে আল্লাহৰ ফালৰ পৰা পোৱা নিয়ামতেৰে তেওঁৰ অন্তৰ যাতে পৰিপূৰ্ণ হয়, মহান প্ৰতিপালকৰ ইচ্ছা অনুসৰি জীৱিকা আৰু পৰিস্থিতিৰ বিতৰণৰ ক্ষেত্ৰত তেওঁৰ হৃদয়ত যাতে কোনো আপত্তি নাথাকে। লগতে আল্লাহৰ বাহিৰে আন কোনো প্ৰতিপালক সন্ধান নকৰে।

দ্বিতীয়ঃ যদি ইছলামক দ্বীন হিচাপে পাই সন্তুষ্ট হৈছে। অৰ্থাৎ যিয়ে ইছলামৰ দায়িত্ব আৰু কৰ্তব্য আন্তৰিকতাৰে পালন কৰে, লগতে ইছলামৰ বাহিৰে আন কোনো পথ অনুসন্ধান নকৰে।

তৃতীয়ঃ যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে পাই সন্তুষ্ট হৈছে। অৰ্থাৎ যিয়ে কোনো ধৰণৰ সন্দেহ সংশয় নকৰাকৈ ৰাছুলে লৈ অহা প্ৰতিটো বিধান আন্তৰিকতাৰে মানি লৈছে তথা যিয়ে ৰাছুলৰ পথৰ বাহিৰে আন কোনো পথ অৱলম্বন নকৰে।
03

Benefits

ঈমানৰ এটা মিঠা সোৱাদ আছে, এই সোৱাদ কেৱল অন্তৰে অনুভৱ কৰে। যিদৰে খাদ্য আৰু পানীয়ৰ সোৱাদ জিভাৰে অনুভৱ কৰা হয়।
শৰীৰ যেনেকৈ সুস্থ থাকিলে খাদ্য আৰু পানীয়ৰ সোৱাদ বুজি পায়, ঠিক সেইদৰে অন্তৰ যদি বিভ্ৰান্তকৰ প্ৰবৃত্তি আৰু হাৰাম কামনা-বাসনাৰ পৰা সুৰক্ষিত থাকে তেন্তে ঈমানৰ সোৱাদ অনুভৱ কৰে। যেতিয়া অন্তৰ এইবোৰ ব্যাধিৰ দ্বাৰা অসুস্থ হয় তেতিয়া ঈমানৰ সোৱাদ গম নাপায়। বৰং সেইবোৰ কামনা-বাসনা আৰু গুনাহক হালাল বুলি ভাবে যিবোৰ তাৰ ধ্বংস কাৰণ হ'ব।
যদি কোনো ব্যক্তিয়ে কোনো বিষয়ত সন্তুষ্ট হয় আৰু ভাল অনুভৱ কৰে তেন্তে তেওঁৰ বাবে সেই কামটো সহজ হৈ যায়, আৰু তেওঁৰ বাবে একো কঠিন নহয়, আৰু তেওঁ কৰা কমত সুখ অনুভৱ কৰে, আন্তৰিকভাৱে শান্তি লাভ কৰে। ঠিক সেইদৰে মুমিনৰ অন্তৰত যেতিয়া ঈমান প্ৰৱেশ কৰে, তেতিয়া তেওঁৰ বাবে আনুগত্যমূলক কাম সহজ হৈ যায়, আৰু অন্তৰে সোৱাদ অনুভৱ কৰে, লগতে এই পথত হোৱা কষ্ট কঠিন অনুভৱ নহয়।
ইবনুল কায়্যিমে কৈছেঃ এই হাদীছত মহান আল্লাহৰ ৰুবুবিয়্যত আৰু উলুহিয়্যতৰ প্ৰতি সন্তুষ্টি অন্তৰ্ভুক্ত আছে, লগতে তেওঁৰ ৰাছুলৰ প্ৰতি সন্তুষ্টি আৰু তেওঁৰ আনুগত্যকো সামৰি লোৱা হৈছে, এইদৰে দ্বীনৰ প্ৰতি আত্মসমৰ্পন কৰাও ইয়াৰ অন্তৰ্ভুক্ত।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...