افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65001[ছহীহ]
HadeethEnc · 1.16.0

“তোমালোকৰ মাজৰ যিয়ে কোনো অন্যায় দেখা পাাইছে, সি যেন নিজৰ হাতৰ দ্বাৰা সেইটোক পৰিবৰ্তন কৰে, যদি এইটো কৰিব নোৱাৰে তেন্তে জিভাৰ দ্বাৰা অৰ্থাৎ মৌখিকভাৱে যেন বাধা দিয়ে, আৰু যদি সি এইটোও কৰিব নোৱাৰে তেন্তে সি অন্তৰৰ দ্বাৰা ইয়াক পৰিবৰ্তন (কৰাৰ পৰিকল্পনা) কৰা উচিত। এইটো হৈছে ঈমানৰ সৰ্বনিম্ন স্তৰ।”

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ “তোমালোকৰ মাজৰ যিয়ে কোনো অন্যায় দেখা পাাইছে, সি যেন নিজৰ হাতৰ দ্বাৰা সেইটোক পৰিবৰ্তন কৰে, যদি এইটো কৰিব নোৱাৰে তেন্তে জিভাৰ দ্বাৰা অৰ্থাৎ মৌখিকভাৱে যেন বাধা দিয়ে, আৰু যদি সি এইটোও কৰিব নোৱাৰে তেন্তে সি অন্তৰৰ দ্বাৰা ইয়াক পৰিবৰ্তন (কৰাৰ পৰিকল্পনা) কৰা উচিত। এইটো হৈছে ঈমানৰ সৰ্বনিম্ন স্তৰ।”
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সক্ষম অনুযায়ী মুনকাৰ তথা অন্যায়ক প্ৰতিহত কৰাৰ নিৰ্দেশ দিছে। আল্লাহ আৰু তেওঁৰ ৰাছুলে নিষেধ কৰা প্ৰতিটো বস্তুৱে হৈছে মুনকাৰ। যদি কোনো ব্যক্তিয়ে মুনকাৰ দেখা পায়, তেন্তে সেইটোক হাতৰ দ্বাৰা বাধা দিয়াটো তাৰ ওপৰত অনিবাৰ্য হৈ পৰে, যদি তেওঁ ইয়াৰ বাবে সক্ষম। যদি হাতৰ দ্বাৰা নোৱাৰে তেন্তে মৌখিকভাৱে সেইটোক বাধা দিয়া উচিত, অৰ্থাৎ অন্যায়ত লিপ্ত ব্যক্তিক বিৰত ৰখা উচিত, সেই কৰ্মৰ ক্ষতি সম্পৰ্কে তাক অৱগত কৰোৱা উচিত আৰু ইয়াৰ পৰিবৰ্তে তাক ভাল কামৰ প্ৰতি নিৰ্দেশনা দিয়া উচিত। এইটো পৰ্যায়তো যদি ব্যৰ্থ হয়, তেন্তে অন্তৰৰ দ্বাৰা সেইটোক পৰিবৰ্তন তথা বাধা প্ৰদানৰ পৰিকল্পনা কৰা উচিত, অৰ্থাৎ অন্তৰেৰে সেইটোক ঘৃণা কৰা উচিত আৰু এইটো সংকল্প লোৱা উচিত যে, যদি সেইটোক বাধা দিবলৈ সমক্ষ হয় তেন্তে নিশ্চয় বাধা প্ৰদান কৰিব। অন্তৰৰ দ্বাৰা ঘৃণা কৰা বা পৰিবৰ্তন কৰাৰ পৰিকল্পনা কৰাটো হৈছে মুনকাৰক বাধা প্ৰদান কৰাৰ ক্ষেত্ৰত ঈমানৰ সৰ্বনিম্ন পৰ্যায়।
03

Benefits

এই হাদীছটো হৈছে অন্যায়ক প্রতিহত কৰাৰ স্তৰসমূহৰ ক্ষেত্ৰত এটা মূলনীতি।
পৰ্যায় অনুসৰি মুনকাৰক বাধা প্ৰদান কৰা উচিত, নিজৰ নিজৰ ক্ষমতা আৰু শক্তি অনুসাৰে।
মুনকাৰ বা অন্যায়ৰ পৰা মানুহক বিৰত ৰখা বিষয়টো হৈছে ইছলামৰ এটা গুৰুত্বপূৰ্ণ বিষয়, যিটো দায়িত্বৰ পৰা কোনেও সাৰি নাযায়, এই দায়িত্ব প্ৰতিজন মুছলিমকে অৰ্পন কৰা হৈছে নিজৰ নিজৰ ক্ষমতা অনুসৰি।
সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা বিৰত ৰখাটো হৈছে ঈমানৰ এটা বৈশিষ্ট্য। ঈমান বৃদ্ধিও হয় আৰু হ্ৰাসো হয়।
অন্যায়ক প্ৰতিহত কৰাৰ চৰ্ত হৈছে, বাধা প্ৰদান কৰা কামটো যে মুনকাৰ, সেইটো জনা হ'ব লাগিব।
মুনকাৰক বাধা দিয়াৰ আৰু এটা চৰ্ত হৈছে এই যে, কোনো মুনকাৰ বা অন্যায়ক বাধা দিবলৈ গৈ তাতকৈ ডাঙৰ অন্যায় যাতে নহয়।
মুনকাৰক বাধা প্ৰদান কৰাৰ কিছুমান নিয়ম-কানূন আছে, প্ৰতিজন মুছলিমে সেইবোৰ শিকি লোৱা উচিত।
অন্যায়ক প্ৰতিহত কৰিবলৈ চৰীয়তি নিয়ম নীতি জনা আৰু সুক্ষ্ম জ্ঞান তথা দক্ষতা থকাটো প্ৰয়োজন।
অন্তৰেৰে ঘৃণা নকৰাটো হৈছে দুৰ্বল ঈমানৰ পৰিচয়।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...