افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65098[ছহীহ]
HadeethEnc · 1.16.0

সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকতকৈ মোৰ চালাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ। পৃথিৱীৰ পৰা বিদায় লোৱাৰ সময় পৰ্যন্ত এইটোৱে আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতি।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰমাজান মাহৰ চালাত বা আন কোনো মাহৰ চালাত ফৰজ হওক বা বেলেগ কোনো চালাত, প্ৰত্যেক চালাততে তেওঁ তাকবীৰ দিছিল। প্ৰথমে থিয় হোৱাৰ সময়ত তাকবীৰ দিছিল। ইয়াৰ পিছত ৰুকু কৰাৰ সময়ত তাকবীৰ দিছিল। (আকৌ ৰুকুৰ পৰা উঠোঁতে) ছামি আল্লাহু লিমান হামিদাহ কৈছিল। ইয়াৰ পিছত ৰুকুত যোৱাৰ আগতেই ৰাব্বানা অলাকাল হাম্দ পাঠ কৰিছিল। ইয়াৰ পিছত আল্লাহু আকবাৰ কৈ ছাজদাহ কৰিছিল। আকৌ ছাজদাৰ পৰা উঠোঁতে আল্লাহু আকবাৰ কৈছিল। পুনৰ ছাজদাহ কৰোঁতে আল্লাহু আকবাৰ কৈছিল, আকৌ ছাজদাৰ পৰা উঠোঁতে আল্লাহু আকবাৰ কৈছিল। দুই ৰাকাত শেষ কৰি বৈঠকৰ পৰা তৃতীয় ৰাকাতৰ বাবে উঠিবলৈও আল্লাহু আকবাৰ কৈছিল। এইদৰেই তেওঁ চালাত শেষ নোহোৱালৈকে প্ৰত্যেক ৰাকাততে তাকবীৰ দিছিল। চালাত শেষ কৰি তেওঁ কৈছিলঃ সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকতকৈ মোৰ চালাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ। পৃথিৱীৰ পৰা বিদায় লোৱাৰ সময় পৰ্যন্ত এইটোৱে আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতি।
02

Explanation

হাদীছটোত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতিৰ এটা অংশ বৰ্ণনা কৰিছে। তেওঁ কৈছে যে, তেখেতে চালাতৰ বাবে থিয় হৈ প্ৰথমে তাকবীৰে তাহৰীমা দিছিল। ইয়াৰ পিছত ৰুকু কৰোঁতেও তাকবীৰ দিছিল, লগতে ছাজদাহ কৰোঁতে আৰু ছাজদাৰ পৰা উঠোঁতেও তাকবীৰ দিছিল। এইদৰে দ্বিতীয় ছাজদাহ দিয়াৰ সময়ত আৰু দ্বিতীয় ছাজদাৰ পৰা উঠোঁতেও তাকবীৰ দিছিল। এইদৰে তিনি বা চাৰি ৰাকাত বিশিষ্ট চালাতত প্ৰথম তাশ্বাহহুদৰ পৰা তৃতীয় ৰাকাতৰ বাবে উঠোঁতেও তাকবীৰ দিছিল। এইদৰেই তেখেতে প্ৰত্যেক ৰাকাততে তাকবীৰ দি চালাত সম্পন্ন কৰিছিল। তেখেতে ৰুকুৰ পৰা উঠোঁতে ছামি আল্লাহু লিমান হামিদাহ কৈছিল, লগতে থিয় হৈ থকা অৱস্থাতে কৈছিল, ৰাব্বানা লাকাল হাম্দ।

চালাতৰ পদ্ধতি উপস্থাপন কৰি আবু হুৰাইৰাই কৈছেঃ সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকতকৈ মোৰ চালাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ। পৃথিৱীৰ পৰা বিদায় লোৱাৰ সময় পৰ্যন্ত এইটোৱে আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতি।
03

Benefits

কেৱল ৰুকুৰ পৰা উঠাৰ বাহিৰে চালাতৰ প্ৰত্যেক উঠা নমাৰ সময়তে তাকবীৰ দিব লাগে। ৰুকুৰ পৰা উঠোঁতে ক'ব লাগে, ছামি আল্লাহু লিমান হামিদাহ।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত হিফাজত কৰাৰ ক্ষেত্ৰত লগতে তেখেতক অনুসৰণ কৰাৰ ক্ষেত্ৰত চাহাবাসকল খুবেই আগ্ৰহী আছিল।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...