ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাত আৰম্ভ কৰিছিল, তেতিয়া তেখেতে উভয় হাত কান্ধ পৰ্যন্ত উত্তোলন কৰিছিল।
Choose an available translation of this Hadeeth
Hadeeth text
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাত আৰম্ভ কৰিছিল, তেতিয়া তেখেতে উভয় হাত কান্ধ পৰ্যন্ত উত্তোলন কৰিছিল। এইদৰে যেতিয়া ৰূকুৰ বাবে তাকবীৰ দিছিল আৰু ৰূকুৰ পৰা মূৰ তুলিছিল তেতিয়াও সেইদৰেই হাত উত্তোলন কৰিছিল। লগতে তেখেতে কৈছিলঃ "ছামিআল্লাহু লিমান হামিদাহ, ৰাব্বানা অলাকাল হাম্দ।" কিন্তু ছাজদাৰ সময়ত তেখেতে ৰাফউল য়াদাইন (হাত উত্তোলন) কৰা নাছিল।
Explanation
প্ৰথম স্থানঃ চালাতৰ আৰম্ভণিত তাকবীৰে তাহৰিমা কোৱাৰ সময়ত।
দ্বিতীয় স্থানঃ ৰূকুত যাবলৈ তাকবীৰ কোৱাৰ সময়ত।
তৃতীয় স্থানঃ ৰূকুৰ পৰা মূৰ উঠাওঁতে "ছামিআল্লাহু লিমান হামিদাহ ৰাব্বানা অলাকাল হাম্দ" কোৱাৰ সময়ত।
কিন্তু ছাজদাহ দিওঁতে অথবা ছাজদাৰ পৰা মূৰ উঠাওঁতে তেখেতে হাত উত্তোলন কৰা নাছিল।
Benefits
চতুৰ্থ আন এটা স্থানত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দুহাত উত্তোলন কৰা প্ৰমাণিত আছে। যেনে- আবু হুমাইদ আচ-ছায়িদীৰ সূত্ৰত আবু দাঊদে আৰু অন্যান্য মুহাদ্দিছসকলে বৰ্ণনা কৰিছে। সেই স্থানটো হৈছে, চাৰি ৰাকাত বা তিনি ৰাকাত বিশিষ্ট চালাতৰ প্ৰথম তাশ্বাহহুদৰ পৰা উঠি থিয় হোৱাৰ সময়ত।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটোও প্ৰমাণিত যে, তেখেতে কাণ স্পৰ্শ নকৰাকৈ কাণৰ লতিলৈকে হাত উত্তোলন কৰিছিল। যেনে- বুখাৰী আৰু মুছলিমত মালিক ইবনুল হুৱাইৰিছৰ পৰা বৰ্ণিত আছে যে, "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া তাকবীৰ দিছিল, তেতিয়া তেখেতে নিজৰ দুয়ো হাত কাণৰ লতি পৰ্যন্ত উত্তোলন কৰিছিল।"
"ছামিআল্লাহু লিমান হামিদাহ ৰাব্বানা অলাকাল হাম্দ" এই বাক্যটো কেৱল ইমাম আৰু অকলশৰীয়া নামাজীৰ বাবে নিৰ্দিষ্ট। আনহাতে মুক্তাদীয়ে কেৱল এইখিনি ক'লেই যথেষ্টঃ ৰাব্বানা অলাকাল হাম্দ।
ৰূকুৰ পিছত "ৰাব্বানা অলাকাল হাম্দ" পাঠ কৰাৰ চাৰিটা ধৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সঠিক সূত্ৰত প্ৰমাণিত আছে। এইটো হৈছে তাৰেই এটা। গতিকে উত্তম হৈছে, কেতিয়াবা এইটো পাঠ কৰা আৰু কেতিয়াবা সেইটো পাঠ কৰা।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

