মোক সাতডাল হাড়ৰ (অংগৰ) দ্বাৰা ছাজদাহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
Choose an available translation of this Hadeeth
Hadeeth text
আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোক সাতডাল হাড়ৰ (অংগৰ) দ্বাৰা ছাজদাহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কপাল আৰু তেখেতে হাতৰ দ্বাৰা ইংগিত কৰি নাক কপালৰ অন্তর্ভুক্ত বুলি কৈছিল। দুই হাত, দুই আঠু আৰু দুয়ো ভৰিৰ আঙুলিসমূহৰ ওপৰত। আমি চুলি আৰু কাপোৰ কোঁচাই লোৱা নাছিলোঁ।"
Explanation
প্ৰথমঃ কপাল। নাক আৰু দুয়ো চকুৰ ওপৰত থকা প্ৰশস্ত অংশখিনিক কপাল বুলি কোৱা হয়। লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নাকৰ প্ৰতি ইংগিত কৰি বুজাইছে যে, নাক আৰু কপাল হৈছে সেই সাতটা অংগৰে এটা অংগ। তেখেতে গুৰুত্ব প্ৰদান কৰিছে যে, যাতে ছাজদাহকাৰীয়ে ছাজদাহ দিওঁতে মাটিত নাক স্পৰ্শ কৰে।
দ্বিতীয় আৰু তৃতীয় অংগ হৈছে, দুই হাত।
চতুৰ্থ আৰু পঞ্চম অংগ হৈছে, দুই আঠু।
ষষ্ঠ আৰু সপ্তম অংগ হৈছে, দুয়ো ভৰি।
এইদৰে আমাক নিৰ্দেশ দিছে যে, আমি যাতে চুলি বান্ধি নাৰাখোঁ। লগতে ছাজদাহ কৰাৰ সময়ত আমি যাতে কাপোৰ কোচাই নলওঁ, বৰং এৰি দিওঁ আৰু যিবোৰ অংগৰ ওপৰত ভৰ কৰি ছাজদাহ কৰিবলৈ কৈছে সেইবোৰৰ ওপৰত ছাজদাহ কৰোঁ।
Benefits
নামাজত থকা অৱস্থাত চুলি আৰু কাপোৰ কানি কোঁচাই লোৱা অপছন্দনীয়।
মুচল্লীয়ে চালাতত ধীৰ স্থিৰতা বজায় ৰখা ওৱাজিব। শৰীৰৰ সাতটা অংগ মাটিত ৰাখি ধীৰ স্থিৰভাৱে চৰীয়তসন্মত দুআসমূহ পাঠ কৰা উচিত।
কেৱল পুৰুষসকলকহে চুলি বান্ধি ৰাখিবলৈ নিষেধ কৰা হৈছে, নাৰীসকলক নহয়, কাৰণ নাৰীসকলক নামাজত পৰ্দাৰ হুকুম দিয়া হৈছে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

