افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#10906[ছহীহ]
HadeethEnc · 1.16.0

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাকবীৰৰ জৰীয়তে নামাজ আৰম্ভ কৰিছিল আৰু আলহাম্দুলিল্লাহি ৰাব্বিল আলামীনৰ দ্বাৰা কিৰাআত আৰম্ভ কৰিছিল।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাকবীৰৰ জৰীয়তে নামাজ আৰম্ভ কৰিছিল আৰু আলহাম্দুলিল্লাহি ৰাব্বিল আলামীনৰ দ্বাৰা কিৰাআত আৰম্ভ কৰিছিল। তেখেতে যেতিয়া ৰুকু কৰিছিল, তেতিয়া মূৰ বেছি ওপৰলৈ তুলিও নাৰাখিছিল আৰু বেছি নিম্নগামী কৰিও নাৰাখিছিল, বৰং পিঠি আৰু মূৰ সমতল কৰি ৰাখিছিল। তেখেতে যেতিয়া ৰুকুৰ পৰা মূৰ তুলিছিল, তেতিয়া তেখেতে পোন হৈ থিয় নোহোৱা পৰ্যন্ত ছাজদাহ কৰা নাছিল। তেখেতে (প্ৰথম) ছাজদাৰ পৰা উঠি স্থিৰভাৱে পোন হৈ নবহালৈকে পুনৰ (দ্বিতীয়) ছাজদাহ কৰা নাছিল। তেখেতে প্ৰত্যেক দুই ৰাকাতৰ অন্তত আত্তাহিয়্যাতু পাঠ কৰিছিল। তেখেতে বহাৰ সময়ত বাওঁ ভৰি পাৰি ৰাখিছিল আৰু সোঁ ভৰি থিয় কৰাই ৰাখিছিল। তেখেতে চয়তানৰ দৰে বহিবলৈ নিষেধ কৰিছে। এইদৰে তেখেতে পুৰুষসকলক হিংস্ৰ জন্তুৰ দৰে দুই হাত প্ৰসাৰিত কৰিবলৈ নিষেধ কৰিছে। তেখেতে ছালামৰ মাধ্যমত নামাজ শেষ কৰিছিল।
02

Explanation

হাদীছটোত উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নামাজ পঢ়াৰ পদ্ধতি বৰ্ণনা কৰিছে যে, তেখেতে তাকবীৰে তাহৰীমাৰ জৰিয়তে অৰ্থাৎ আল্লাহু আকবাৰ বুলি কৈ নামাজ আৰম্ভ কৰিছিল। এইদৰে তেখেতে ছুৰা ফাতিহাৰ জৰিয়তে কিৰাআত পাঠ কৰা আৰম্ভ কৰিছিল। আলহামদুলিল্লা-হি ৰাব্বিল আলামীন।..... তেখেতে কিয়ামৰ পিছত যেতিয়া ৰুকু কৰিছিল, তেতিয়া ৰুকুৰ সময়ছোৱাত তেখেতে নিজৰ মূৰ পিঠিৰ সমপৰ্যায়ত সমতলভাৱে ৰাখিছিল, বেছি ওখতো ৰখা নাছিল আৰু তলফালে বেছি হালি থকাও নাছিল। তেখেতে ৰুকুৰ পৰা উঠি সম্পূৰ্ণৰূপে পোন হৈ থিয় দিছিল, তাৰ পিছতহে ছাজদাহ কৰিছিল। এইদৰে তেখেতে যেতিয়া প্ৰথম ছাজদাৰ পৰা উঠিছিল তেতিয়া পোন হৈ স্থিৰভাৱে বহিছিল, তাৰ পিছত পুনৰ দ্বিতীয় ছাজদাহ কৰিছিল। তেখেতে প্ৰত্যেক দুই ৰাকাতৰ পিছত তাশ্বাহহুদৰ বাবে বহিছিল। এই বৈঠকত তেখেতে এই দুআ পাঠ কৰিছিল, «التحيات لله والصلوات والطيبات...» । তেখেতে দুই ছাজদাৰ মাজত অথবা তাশ্বাহহুদত যেতিয়া বহিছিল তেতিয়া বাওঁ ভৰি পাৰি বহিছিল আৰু সোঁ ভৰি থিয় কৰি ৰাখিছিল। তেখেতে নামাজত চয়তানৰ দৰে বহিবলৈ নিষেধ কৰিছে। অৰ্থাৎ দুই ভৰি মাটিত পাৰি ভৰিৰ গোৰোহাৰ ওপৰত বহিবলৈ। অথবা নিতম্ব মাটিত স্পৰ্শ কৰোৱাই সন্মুখৰ ফালে ভৰি দুটা থিয়কৈ ৰাখি বহিবলৈ নিষেধ কৰিছে, এইদৰে কুকুৰ নিচিনা হাত দুটা প্ৰসাৰিত কৰিবলৈ নিষেধ কৰিছে। লগতে ছাজদাৰ কৰাৰ সময়ত হিংস্ৰ প্ৰাণীৰ দৰে দুয়ো হাত প্ৰসাৰিত কৰি ৰাখিবলৈ নিষেধ কৰিছে। তেখেতে ছালামৰ জৰিয়তে নামাজ শেষ কৰিছিল। এবাৰ সোঁফালে আৰু এবাৰ বাওঁফালে আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ বুলি কৈছিল।
03

Benefits

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ নামাজ আদায় কৰিছিল তাৰে কিয়দাংশ উল্লেখ কৰা হৈছে।
তাকবীৰে তাহৰীমা দিয়াটো ওৱাজিব, এইটো তাকবীৰ দিয়াৰ লগে লগে প্ৰত্যেক সেইবোৰ কথা আৰু কৰ্ম হাৰাম হৈ যায় যিবোৰ নামাজৰ পৰিপন্থী। এইদৰে নিৰ্দিষ্ট বাক্যৰ পৰিবৰ্তে বেলেগ কোনো বাক্যৰ দ্বাৰা নামাজত প্ৰৱেশ কৰাটো যথেষ্ট নহয়।
ছুৰা আল-ফাতিহা পাঠ কৰা ওৱাজিব।
ৰুকু কৰাটো হৈছে ফৰজ, ৰুকুৰ সময়ছোৱাত পিঠি আৰু মূৰ সমতল ৰখা উচিত। মূৰ যাতে পিঠিতকৈ ওপৰতো নাথাকে আৰু তলফালেও যাতে হালি নাথাকে।
ৰুকুৰ পৰা থিয় হোৱাটোও ওৱাজিব, এইদৰে ৰুকুৰ পৰা উঠি পোন হৈ থিয় হোৱাটোও অনিবাৰ্য্য।
ছাজদা কৰা আৰু ছাজদাৰ পৰা উঠা ওৱাজিব। এইদৰে দুই ছাজদাৰ মাজত স্থিৰ হৈ বহাও অনিবাৰ্য্য।
নামাজৰ বৈঠকত বহাৰ নিয়ম হৈছে, বাওঁ ভৰি পাৰি সোঁ ভৰি থিয় কৈ ৰাখি বহিব লাগে। আনহাতে শেষ তাশ্বাহহুদত যিটো নামাজত দুটা তাশ্বাহহুদ আছে যেনে- মাগৰিব ঈশ্বা আদিত তাৱাৰ্ৰুক কৰিব লাগে। এইটো অন্যান্য কেইবাটাও হাদীছত বৰ্ণিত হৈছে।
চয়তানৰ নিচিনা বহিবলৈ নিষেধ কৰা হৈছে। অৰ্থাৎ ভৰি মাটিত পাৰি গোৰোহাৰ ওপৰত বহা, অথবা মাটিত বহি দুয়ো ভৰি থিয় কৰি থোৱা।
এইদৰে হিংস্ৰ প্ৰাণীৰ নিচিনা বহিবলৈও নিষেধ কৰিছে। যেনে- দুয়ো বাহু মাটিত প্ৰসাৰিত কৰা। এইটো হৈছে অলসতা আৰু দুৰ্বলতাৰ প্ৰতীক।
চয়তান আৰু জীৱ-জন্তুৰ সাদৃশ্য গ্ৰহণ কৰিবলৈ নিষেধ কৰিছে।
ছালামৰ জৰিয়তে নামাজ শেষ কৰাটো অনিবাৰ্য্য। দৰাচলতে এইটো হৈছে মুচল্লিসকলৰ বাবে তথা উপস্থিত আৰু অনুপস্থিত সকলোৰে বাবে ক্ষয়-ক্ষতি, অনিষ্ট আদিৰ পৰা নিৰাপত্তা লাভৰ দুআ।
নামাজত ধীৰ-স্থিৰতা বজায় ৰখা অনিবাৰ্য্য।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...