যেতিয়া মুআজ্জিনে কয়ঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ।
Choose an available translation of this Hadeeth
Hadeeth text
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: যেতিয়া মুআজ্জিনে কয়ঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। ইয়াৰ পিছত যেতিয়া আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ। ইয়াৰ পিছত যেতিয়া আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ। ইয়াৰ পিছত যেতিয়া হাই আলাচ্ছালাহ কয়, তেতিয়া কোৱাঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ। ইয়াৰ পিছত যেতিয়া হাই আলাল ফালাহ কয়, তেতিয়াও কোৱাঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ। ইয়াৰ পিছত যেতিয়া আল্লাহু আকবাৰ, আল্লাহু আকবাৰ কয়, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। ইয়াৰ পিছত যেতিয়া লা ইলা-হা ইল্লাল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ লা ইলা-হা ইল্লাল্লাহ। যিয়ে আন্তৰিকতাৰে এই উত্তৰ প্ৰদান কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।
Explanation
উক্ত হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, মুআজ্জিনে যিবোৰ বাক্য উচ্চাৰণ কৰে সেইবোৰ বাক্যৰ জৰিয়তেই আজানৰ উত্তৰ দিব লাগে। উদাহৰণস্বৰূপে মুআজ্জিনে যেতিয়া কয়ঃ "আল্লাহু আকবাৰ", তেতিয়া শ্ৰৱণকাৰীয়েও কোৱা উচিত "আল্লাহু আকবাৰ"। কেৱল হাই আলাচ্ছালাহ আৰু হাই আলাল ফালাহৰ উত্তৰত "লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ" ক'ব লাগে।
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথাও উল্লেখ কৰিছে যে, যিয়ে আজানৰ উত্তৰ আন্তৰিকতাৰে দিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।
আজানৰ শব্দবোৰৰ অৰ্থঃ "আল্লাহু আকবাৰ"। অৰ্থাৎ সৰ্বশক্তিমান আল্লাহ আটাইতকৈ মহান, সৱাতোকৈ ডাঙৰ।
"আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ"। অৰ্থাৎ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।
"আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ"। অৰ্থাৎ মই আন্তৰিক আৰু মৌখিক স্বীকাৰোক্তি দিওঁ যে, মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল। সৰ্বশক্তিমান আল্লাহে তেওঁক প্ৰেৰণ কৰিছে। তেখেতৰ আনুগত্য কৰা ওৱাজিব।
"হাই আলাচ্ছালাহ"। অৰ্থাৎ নামাজলৈ আহা। ইয়াৰ উত্তৰত শ্ৰৱণকাৰীয়ে ক'ব লাগেঃ "লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ"। অৰ্থাৎ তেওঁৰ শক্তি অবিহনে আনুগত্যৰ পথত থকা বাধাৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় নাই, লগতে তেওঁৰ ক্ষমতা আৰু তাওফীক অবিহনে কোনো কাম কৰাৰো সামৰ্থ নাই।
"হাই আলাল ফালাহ"। অৰ্থাৎ সফলতাৰ ফালে আহা। সেয়া হৈছে জান্নাত লাভৰ সফলতা আৰু জাহান্নামৰ পৰা মুক্তি পোৱাৰ সফলতা।
Benefits
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

