তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা।
Choose an available translation of this Hadeeth
Hadeeth text
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা। কাৰণ যিয়ে মোৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত অৱতীৰ্ণ কৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তোমালোকে মোৰ বাবে অছীলাহ মাগিবা। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ স্থান, যিখন আল্লাহৰ কোনো এজন নেক বান্দাক দিয়া হ'ব। মই আশা কৰোঁ সেইজন ময়েই হম। যিয়ে মোৰ বাবে অছীলাহ মাগিব, তাৰ ওপৰত মোৰ শ্বাফাআত ওৱাজিব হৈ যাব।
Explanation
ইয়াৰ পিছত তেখেতে আল্লাহৰ ওচৰত তেখেতৰ বাবে অছীলাহ তলব কৰিবলৈ কৈছে। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ তথা সুউচ্চ স্থান। সেইখন কেৱলমাত্ৰ এজন বান্দাইহে লাভ কৰিব। তেখেতে কৈছে, আশা কৰোঁ সেইজন কিজানি ময়ে হম। এই কথাষাৰ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে বিনয় সহকাৰে কৈছিল। কিয়নো সেই উচ্চ স্থান যদি কেৱল এজন বান্দাৰ বাবেই নিৰ্দিষ্ট হয়, তেন্তে সেইখন তেখেতৰ বাহিৰে আন কাৰো হ'বই নোৱাৰে, কাৰণ তেখেত হৈছে সকলো সৃষ্টিৰ মাজত সৰ্বোৎকৃষ্ট।
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যিয়ে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে অছীলাহ তলব কৰিব, তেওঁ তেখেতৰ শ্বাফাআত অৰ্জন কৰিব।
Benefits
আজানৰ উত্তৰ দিয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰাৰ ফজিলত।
তেখেতৰ প্ৰতি দৰূদ পাঠ কৰাৰ পিছত তেখেতৰ বাবে অছীলাহ বিচাৰি দুআ কৰিবলৈ উৎসাহিত কৰা হৈছে।
অছীলাৰ অৰ্থ বৰ্ণনা কৰা হৈছে যে, এইখন হৈছে সুউচ্চ স্থান, যিখন কেৱলমাত্ৰ এজন বান্দাৰ বাবেই নিৰ্দিষ্ট।
ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰো ফজিলত বৰ্ণিত হৈছে, কাৰণ এই সুউচ্চ স্থান তেখেতৰ বাবেই নিৰ্দিষ্ট ৰখা হৈছে।
যিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে অছীলাহ তলব কৰি প্ৰাৰ্থনা কৰে, তাৰ ওপৰত তেখেতৰ শ্বাফাআত ওৱাজিব হৈ যায়।
এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এক প্ৰকাৰ বিনয় যে, তেখেতে তেখেতৰ উম্মতিসকলক তেখেতৰ বাবে সেই সুউচ্চ স্থান বিচাৰি দুআ কৰিবলৈ নিৰ্দেশ দিছে। যদিও সেইখন তেখেতৰ বাবেই নিৰ্দিষ্ট কৰি ৰখা হৈছে।
আল্লাহৰ ফজল আৰু ৰহমত অপৰিসীম। সেয়ে প্ৰত্যেক নেকীৰ বিনিময় দহগুণ বৃদ্ধিকৈ প্ৰদান কৰে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

