মই তোমালোকক তোমালোকৰ সকলো আমলতকৈ উত্তম এটা আমল সম্পৰ্কে সংবাদ নিদিমনে, যিটো তোমালোকৰ প্ৰতিপালকৰ ওচৰত অতিকৈ পৱিত্ৰ আৰু তোমালোকৰ মৰ্যাদা উন্নীত কৰিব।
Choose an available translation of this Hadeeth
Hadeeth text
আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মই তোমালোকক তোমালোকৰ সকলো আমলতকৈ উত্তম এটা আমল সম্পৰ্কে সংবাদ নিদিমনে, যিটো তোমালোকৰ প্ৰতিপালকৰ ওচৰত অতিকৈ পৱিত্ৰ আৰু তোমালোকৰ মৰ্যাদা উন্নীত কৰিব। এনেকুৱা আমল যিটো সোণ-ৰূপ দান কৰাতকৈও উত্তম আৰু সেই যুদ্ধতকৈও উত্তম যি যুদ্ধত তোমালোকে শত্ৰুসকলক হত্যা কৰা আৰু সিহঁতে তোমালোকক শ্বহীদ কৰে?" চাহাবাসকলে ক'লেঃ নিশ্চয় জনাওক। তেখেতে ক'লেঃ সেয়া হৈছে, "মহান আল্লাহক স্মৰণ কৰা (অৰ্থাৎ জিকৰ-আজকাৰ কৰা)।"
Explanation
তোমালোকে বিচৰানে যে, মই তোমালোকক এনেকুৱা আমল সম্পৰ্কে সংবাদ দিওঁ তথা এনেকুৱা এটা বিষয় শিকাওঁ, যিটো তোমালোকৰ সকলো আমলতকৈ উত্তম, তথা তোমালোকৰ মালিক সৰ্বশক্তিমান আল্লাহৰ দৃষ্টিত অত্যন্ত মৰ্যাদাৱান, অতি উত্তম তথা অতি পৱিত্ৰ?
লগতে যি আমলে জান্নাতত তোমালোকৰ মৰ্যাদা উন্নীত কৰিব?
যিটো তোমালোকৰ বাবে সোণ-ৰূপ চাদাক্বাহ কৰাতকৈও উত্তম?
আনকি যুদ্ধক্ষেত্ৰত শত্ৰুসকলৰ মুখামুখী হোৱাতকৈও উত্তম, য'ত তোমালোকে শত্ৰুপক্ষক আঘাত কৰা আৰু সিহঁতে তোমালোকক আঘাত কৰে।
চাহাবাসকলে ক'লেঃ হয় আমি এইটো বিচাৰোঁ।
তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ সকলো সময়তে আৰু সকলো অৱস্থাতে আল্লাহৰ জিকৰ-আজকাৰ কৰা।
Benefits
সকলো প্ৰকাৰ আমলৰ মূল উদ্দেশ্য হৈছে আল্লাহৰ জিকৰ-আজকাৰ। যেনে- মহান আল্লাহে কৈছেঃ (وَأَقِمِ الصَّلَاةَ لِذِكْرِي) আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা। এইদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তাৱাফ, চাফা আৰু মাৰৱাৰ মাজত ছাঈ, জামাৰাতত শিলগুটি দলিওৱা আদিৰ উদ্দেশ্য হৈছে আল্লাহৰ জিকৰ-আজকাৰ প্ৰতিষ্ঠা কৰা। (হাদীছটো আবু দাঊদ আৰু তিৰমিজীত আছে)
ঈঝ বিন আব্দুচ্ছালামে তেওঁৰ কাৱাঈদ গ্ৰন্থত কৈছেঃ এই হাদীছটোৱে প্ৰমাণ কৰে যে, সকলো প্ৰকাৰ ইবাদততে কষ্ট অনুযায়ী ছোৱাব প্ৰদান কৰা নহয়, বৰং আল্লাহে কেতিয়াবা সৰু সৰু আমলৰ বিনিময়তো ডাঙৰ ছোৱাব প্ৰদান কৰে। গতিকে ছোৱাব প্ৰদান কৰা হয় আমলৰ মৰ্যাদা অনুসৰি।
মুনাৱী ৰাহিমাহুল্লাহে ফাইজুল ক্বাদীৰ গ্ৰন্থত কৈছেঃ এই হাদীছটোৱে প্ৰমাণ কৰে যে, ইয়াৰ দ্বাৰা যিসকলক সম্বোধন কৰা হৈছে তেওঁলোকৰ বাবে জিকৰ-আজকাৰ অতিকৈ গুৰুত্বপূৰ্ণ। যদি ইয়াৰ দ্বাৰা কোনো বাহাদুৰ ব্যক্তিক সম্বোধন কৰা হয়, যাৰ দ্বাৰা যুদ্ধত ইছলামৰ উপকাৰ হয়, তেন্তে তাক এই আমলৰ সৈতে জিহাদ অব্যাহত ৰাখিবলৈ কোৱা হ'ব। অথবা যদি কোনো ঐশ্বৰ্যশীল ব্যক্তিক সম্বোধন কৰা হয়, যাৰ সম্পদৰ দ্বাৰা দৰিদ্ৰ দুখীয়াই উপকৃত হয় তেন্তে তাক এই আমলৰ সৈতে চাদাক্বাহ অব্যাহত ৰাখিবলৈ কোৱা হ'ব। এইদৰে হজ্জৰ বাবে সক্ষম ব্যক্তিক হজ্জ কৰিবলৈ কোৱা হ'ব আৰু পিতৃ-মাতৃ থকা ব্যক্তিক তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ কৰিবলৈ কোৱা হ'ব। ইয়াৰ দ্বাৰা তেওঁ এইবোৰ কামত তাওফীক্ব অৰ্জন কৰিব।
পৰিপূৰ্ণ জিকৰ হৈছে সেইটো, যিটো আন্তৰিকভাৱে চিন্তা-চৰ্চাৰ লগতে মৌখিকভাৱে উচ্চাৰণ কৰা হয়। ইয়াৰ পিছত হৈছে সেইটো যিটো কেৱল আন্তৰিকভাৱে চিন্তা-চৰ্চা কৰা হয়। ইয়াৰ পিছত সেইটো যিটো কেৱল মৌখিকভাৱে উচ্চাৰণ কৰা হয়। প্ৰতিটোতে ইন শ্বা আল্লাহ ছোৱাব পোৱা যাব।
প্ৰতিজন মুছলিমে অৱস্থাৰ সৈতে জড়িত দুআসমূহ নিয়মিত পাঠ কৰা উচিত। উদাহৰণস্বৰূপে- পুৱা গধূলিৰ দুআসমূহ। মছজিদত, ঘৰত আৰু শৌচালয় আদিত প্ৰৱেশ কৰাৰ দুআ, আৰু এইবোৰৰ পৰা ওলোৱাৰ দুআ। ইয়াৰ ফলত বান্দাক সেইসকল লোকৰ অন্তৰ্ভুক্ত কৰা হ'ব, যিসকলে আল্লাহক বেছি বেছি স্মৰণ কৰে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

