নিশ্চয় আল্লাহে যেতিয়া কোনো বান্দাক ভাল পায়, তেতিয়া জিব্ৰীল আলাইহিচ্ছালামক মাতি কয়: 'মই অমুক বান্দাক ভাল পাওঁ, তুমিও তাক ভাল পোৱা'। তেখেতে কৈছেঃ তেতিয়া জিব্ৰীলেও তাক ভাল পায়।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নিশ্চয় আল্লাহে যেতিয়া কোনো বান্দাক ভাল পায়, তেতিয়া জিব্ৰীল আলাইহিচ্ছালামক মাতি কয়: 'মই অমুক বান্দাক ভাল পাওঁ, তুমিও তাক ভাল পোৱা'। তেখেতে কৈছেঃ তেতিয়া জিব্ৰীলেও তাক ভাল পায়। ইয়াৰ পিছত তেওঁ আকাশমণ্ডলত ঘোষণা দি কয়: নিশ্চয় 'আল্লাহে অমুক বান্দাক ভাল পায়, তোমালোকে তাক ভাল পোৱা'। তেতিয়া আকাশবাসীসকলে তাক ভাল পায়। তেখেতে কৈছেঃ ইয়াৰ পিছত তাক পৃথিৱীত নন্দিত সমাদৃত কৰা হয়। পক্ষান্তৰে আল্লাহে যেতিয়া কোনো বান্দাক অপছন্দ কৰে, তেতিয়া জিব্ৰীল আলাইহিচ্ছালামক মাতি কয়: 'মই অমুক বান্দাক অপছন্দ কৰোঁ, তুমিও তাক অপছন্দ কৰা'। তেখেতে কৈছেঃ তেতিয়া জিব্ৰীলেও তাক অপছন্দ কৰে। ইয়াৰ পিছত তেওঁ আকাশবাসীসকলৰ মাজত ঘোষণা কৰি দিয়ে যে, 'আল্লাহে অমুক বান্দাক অপছন্দ কৰে, তোমালোকেও তাক অপছন্দ কৰা'। তেখেতে কৈছেঃ তেতিয়া তেওঁলোকেও তাক অপছন্দ কৰে,
আৰু পৃথিৱীত তাক সকলোৱে ঘৃণা কৰিবলৈ ধৰে।"
Explanation
Benefits
যাক আল্লাহে মুহাব্বত কৰে, তাক আকাশমণ্ডল আৰু পৃথিৱীৰ অধিবাসীসকলেও মুহাব্বত কৰে। আনহাতে যাক আল্লাহে অপছন্দ কৰে, তাক আকাশমণ্ডল আৰু পৃথিৱীৰ অধিবাসীসকলেও অপছন্দ কৰে।
ছিন্ধীয়ে কৈছেঃ "আৰু পৃথিৱীত তেওঁৰ বাবে গ্ৰহণযোগ্যতা স্থাপন কৰা হয়"—এই কথাষাৰৰ অৰ্থ এইটো নহয় যে, সকলোৱে তাক ভাল পাব (সাৰ্বজনীনভাবে)। বৰঞ্চ ইয়াৰ অৰ্থ হৈছে, আল্লাহে যিমানখিনি গ্ৰহণযোগ্যতা তেওঁৰ বাবে নিৰ্ধাৰণ কৰিছে, সিমানখিনি অৰ্জন কৰিব। কিয়নো সৎলোকৰ প্ৰতি অসৎলোকৰ শত্ৰুতা হৈছে এটা সুপৰিচিত বিষয়।
সকলো ধৰণৰ নেক আমল ফৰজ হওক বা ছুন্নত আদি পৰিপূৰ্ণভাৱে আদায় কৰিবলৈ উৎসাহিত কৰা হৈছে, লগতে পাপকৰ্ম আৰু বিদ্আতৰ পৰা কঠোৰভাৱে সতৰ্ক কৰা হৈছে, কিয়নো এইবোৰ হৈছে আল্লাহৰ অসন্তুষ্টিৰ কাৰণ।
ইবনু হাজাৰ ৰাহিমাহুল্লাহে কৈছে: এই হাদীছৰ পৰা বুজা যায় যে, মানুহৰ হৃদয়ত প্ৰিয় হোৱাটো আল্লাহৰ মুহাব্বতৰ এটা সংকেত। লগতে ইয়াৰ সপক্ষে জানাজাৰ হাদীছৰ এই বাক্যাংশ সমৰ্থন কৰে, 'তোমালোকেই পৃথিৱীত আল্লাহৰ সাক্ষী' (অৰ্থাৎ: মানুহৰ মাজত সৎ ব্যক্তিৰ স্বীকৃতি আল্লাহৰ পক্ষৰ পৰা হয়)।
ইবনুল আৰাবী আল-মালিকীয়ে কৈছেঃ 'পৃথিৱীবাসী' বুলি ইয়াত কেৱল সেইসকল লোককে বুজোৱা হৈছে যিসকলে তেওঁক চিনি পায়। যিসকলে তেওঁক চিনি নাপায় বা তেওঁৰ কথা শুনা নাই, তেওঁলোকক বুজোৱা হোৱা নাই।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

