মানুহৰ মাজত পোৱা দুটা বস্তু কুফৰ হিচাপে বিবেচিতঃ বংশীয় ক্ষেত্ৰত কটাক্ষ কৰা, আৰু মৃত ব্যক্তিকলৈ বিলাপ কৰা।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মানুহৰ মাজত পোৱা দুটা বস্তু কুফৰ হিচাপে বিবেচিতঃ বংশীয় ক্ষেত্ৰত কটাক্ষ কৰা, আৰু মৃত ব্যক্তিকলৈ বিলাপ কৰা।"
Explanation
প্ৰথমঃ মানুহৰ বংশ গোত্ৰক হেও প্ৰতিপন্ন কৰা আৰু কটাক্ষ কৰা, লগতে বংশকলৈ অহংকাৰ কৰা।
দ্বিতীয়ঃ ভাগ্যৰ ওপৰত অসন্তুষ্ট হৈ বিপদ-আপদৰ সময়ত বিলাপ কৰা, অথবা তীব্ৰ শোকত কাপোৰ ফালি পেলোৱা।
Benefits
অসন্তুষ্ট নোহোৱাকৈ বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰা ওৱাজিব।
এইবোৰ কৰ্ম হৈছে সৰু কুফৰৰ অন্তৰ্ভুক্ত। ইয়াৰ ফলত ব্যক্তি কাফিৰ হৈ মিল্লাতৰ পৰা বহিষ্কৃত নহয়, যেতিয়ালৈকে সি ডাঙৰ কুফৰ নকৰিব।
ইছলামে প্ৰত্যেক এনেকুৱা বিষয়ৰ পৰা নিষেধ কৰিছে, যাৰ ফলত মুছলিমসকলৰ মাজত বিভেদ সৃষ্টি হয়, যেনে- কাৰোবাৰ বংশক কটাক্ষ কৰা আদি।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

