তোমালোকে জানানে তোমালোকৰ প্ৰতিপালকে কি কৈছে? তেওঁলোকে ক'লেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। তেখেতে ক'লেঃ (আল্লাহে কৈছে) "মোৰ কিছুমান বান্দাই মুমিন হৈ আৰু কিছুমান বান্দাই কাফিৰ হৈ প্ৰভাত কৰিছে।
Choose an available translation of this Hadeeth
Hadeeth text
ঝায়েদ ইবনে খালিদ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ৰাতি বৰষুণ হোৱাৰ পাছত হুদাইবিয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাকলৈ ফজৰৰ চালাত আদায় কৰিলে। তেখেতে চালাত শেষ কৰি লোকসকলৰ ফালে মুখ কৰি বহিলে আৰু ক'লেঃ তোমালোকে জানানে তোমালোকৰ প্ৰতিপালকে কি কৈছে? তেওঁলোকে ক'লেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। তেখেতে ক'লেঃ (আল্লাহে কৈছে) "মোৰ কিছুমান বান্দাই মুমিন হৈ আৰু কিছুমান বান্দাই কাফিৰ হৈ প্ৰভাত কৰিছে।" এতেকে যিজন বান্দাই কৈছে যে, আল্লাহে তেওঁৰ দয়া আৰু অনুগ্ৰহত আমাৰ ওপৰত বৰষুণ দিছে, তেওঁ হৈছে মোৰ প্ৰতি বিশ্বাসী আৰু নক্ষত্ৰৰাজিৰ শক্তিক অস্বীকাৰকাৰী। আনহাতে যিয়ে কৈছে, অমুক অমুক নক্ষত্ৰৰ কাৰণে আজি বৰষুণ হৈছে, সেইজন হৈছে মোক অস্বীকাৰকাৰী আৰু নক্ষত্ৰৰাজিৰ প্ৰতি বিশ্বাসী।
Explanation
Benefits
বৰষুণ আদিৰ দৰে কোনো নিয়ামতক যদি কোনোবাই নক্ষত্ৰৰ সৈতে সম্পৃক্ত কৰে তথা নক্ষত্ৰক এনেকুৱা নিয়ামতৰ সৃষ্টিকৰ্তা আৰু আৱিষ্কাৰক বুলি ভাবিছে তেন্তে সি কুফৰে আকবৰ বা ডাঙৰ কুফৰ কৰিছে। আনহাতে যদি কোনোবাই নক্ষত্ৰক বৰষুণ হোৱাৰ কাৰণ হিচাপে গণ্য কৰে তেন্তে সি কুফৰে আচগৰ বা সৰু কুফৰ কৰিছে, কিয়নো চৰীয়ত আৰু বাহ্যিক কোনো এটা কাৰণেই ইয়াৰ সৈতে জৰিত নহয়।
নিয়ামত বিলাকো কুফৰৰ কাৰণ হয়, যদি সেইবোৰক কোনোবাই অস্বীকাৰ কৰে। আনহাতে যদি কৃতজ্ঞতা প্ৰকাশ কৰা হয় তেন্তে ঈমান লাভৰ কাৰণ হয়।
এনেকুৱা কথা ক'বলৈ নিষেধ কৰা হৈছেঃ "অমুক তৰা দেখা দিয়াৰ ফলত বৰষুণ হৈছে", যদিও ইয়াৰ দ্বাৰা সময়ক বুজোৱা হওক, তথাপিও এনেকুৱা কথাৰ পৰা নিষেধ কৰা হৈছে, যাতে শ্বিৰ্কৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ হয়।
বিপদ-আপদৰ পৰা ৰক্ষা পোৱাৰ ক্ষেত্ৰত আৰু নিয়ামতৰ দ্বাৰা উপকৃত হোৱাৰ ক্ষেত্ৰতো আল্লাহৰ সৈতে আন্তৰিকভাৱে সম্পৰ্ক স্থাপন কৰা অনিবাৰ্য।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

