আদম সন্তানৰ অন্তৰসমূহ দয়াময় আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত এটা অন্তৰৰ দৰে অৱস্থিত। তেওঁ যিদৰে ইচ্ছা সেইদৰেই সেইবোৰক ওলট-পালট কৰি থাকে।
Choose an available translation of this Hadeeth
Hadeeth text
আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "আদম সন্তানৰ অন্তৰসমূহ দয়াময় আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত এটা অন্তৰৰ দৰে অৱস্থিত। তেওঁ যিদৰে ইচ্ছা সেইদৰেই সেইবোৰক ওলট-পালট কৰি থাকে।" এই হাদীছটো বৰ্ণনা কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআটো পাঠ কৰিছিলঃ "আল্লাহুম্মা মুচাৰ্ৰিফাল ক্বুলূব, চাৰ্ৰিফ ক্বুলুবানা আলা ত্বআতিক।"
Explanation
Benefits
মুছলিমৰ উচিত সদায় আল্লাহৰ ওচৰত এই বুলি দুআ কৰা যে, আল্লাহে যেন সত্যৰ ওপৰত আৰু হিদায়তৰ ওপৰত অটল ৰাখে।
আল্লাহক ভয় কৰিব লাগে আৰু তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰিব লাগে। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই।
আজুৰী ৰাহিমাহুল্লাহে কৈছেঃ "আহলে হক (সত্যৰ অনুসাৰীসকলে) সৰ্বশক্তিমান আল্লাহক সেইবোৰ গুণেৰে গুণাম্বিত কৰে, যিবোৰ গুণেৰে তেওঁ নিজকে গুণাম্বিত কৰিছে, লগতে যিদৰে তেওঁৰ নবীয়ে তেওঁক গুণাম্বিত কৰিছে, এইদৰে চাহাবাসকলে যিবোৰ গুণেৰে গুণাম্বিত কৰিছে। এইটোৱে হৈছে সত্যৰ অনুসাৰী উলামাসকলৰ মজহাব, যিসকলে নিজকে বিদআতৰ পৰা আঁতৰত ৰাখিছে।" সমাপ্ত। আহলে ছুন্নত অল জামাআতে মহান আল্লাহৰ বাবে সেই সকলো নাম আৰু গুণাৱলী সাব্যস্ত কৰে, যিবোৰ নাম আৰু গুণাৱলী স্বয়ং আল্লাহে নিজৰ বাবে সাব্যস্ত কৰিছে। তেওঁলোকে এইবোৰ নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিবৰ্তন, পৰিবৰ্ধন, বিকৃত, আৰু ধৰণ-গঠণ উপমা সাদৃশ্য আদি সাব্যস্ত নকৰে। লগতে তেওঁলোকে আল্লাহৰ বাবে সেই সকলো দোষ-ত্ৰুটি নসাৎ কৰে যিবোৰ দোষ-ত্ৰুটি আল্লাহে নিজৰ বাবে নসাৎ কৰিছে। লগতে তেওঁলোকে সেইসমূহ বিষয়ত মৌনতা অৱলম্বন কৰে যিবোৰ ক্ষেত্ৰত কোনো ধৰণৰ ইতিবাচক বা নেতিবাচক কোনো প্ৰমাণ নাই। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ (একোৱেই তেওঁৰ সদৃশ নহয়, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।)
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

