افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3142[ছহীহ]
HadeethEnc · 1.16.0

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে এই দুআ পাঠ কৰিছিল, (يَا مُقَلِّبَ القُلُوبِ ثَبِّتْ قَلْبِي عَلَى دِينِكَ) "হে অন্তৰ পৰিবৰ্তনকাৰী! তোমাৰ দ্বীনৰ ওপৰত মোৰ অন্তৰ দৃঢ় ৰাখিবা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে এই দুআ পাঠ কৰিছিল, (يَا مُقَلِّبَ القُلُوبِ ثَبِّتْ قَلْبِي عَلَى دِينِكَ) "হে অন্তৰ পৰিবৰ্তনকাৰী! তোমাৰ দ্বীনৰ ওপৰত মোৰ অন্তৰ দৃঢ় ৰাখিবা।" এই দেখি মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ ওপৰত আৰু আপুনি লৈ অহা চৰীয়তৰ ওপৰত ঈমান আনিছোঁ, তথাপিও আমাকলৈ আপোনাৰ ভয় আছে নেকি? তেখেতে ক'লেঃ "হয়। নিশ্চয় অন্তৰসমূহ আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত থাকে, তেওঁ যিদৰে ইচ্ছা কৰে সেইদৰেই পৰিবৰ্তন কৰে।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে আল্লাহৰ ওচৰত এই দুআ কৰিছিল যে, আল্লাহে যেন তেখেতক দ্বীনৰ ওপৰত আৰু তেওঁৰ আনুগত্যৰ ওপৰত প্ৰতিষ্ঠিত ৰাখে, লগতে পথভ্ৰষ্টতা আৰু বক্ৰতাৰ পৰা দূৰৈত ৰাখে। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে আশ্চৰ্য প্ৰকাশ কৰিলে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো ইমান কিয় পাঠ কৰে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক জনালে যে, অন্তৰসমূহ আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত থাকে, তেওঁ যিদৰে ইচ্ছা কৰে সেইদৰেই পৰিবৰ্তন কৰে। অন্তৰ হৈছে ঈমান আৰু কুফৰীৰ প্লেটফৰ্ম। অধিক পৰিবৰ্তন হোৱাৰ কাৰণেই আৰবী ভাষাত ইয়াক (القلب) ক্বাল্ব নামেৰে নামকৰণ কৰা হৈছে। আনকি ই কোনো পাত্ৰত উতলি থকা গলিত বস্তুতকৈ বেছি পৰিবৰ্তনশীল। সেয়ে আল্লাহে যাক ইচ্ছা কৰে তাৰ অন্তৰ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত ৰাখে আৰু দ্বীনৰ ওপৰত অটল ৰাখে। আনহাতে আল্লাহে যাক ইচ্ছা কৰে তাৰ অন্তৰ হিদায়তৰ পৰা বক্ৰতা আৰু পথভ্ৰষ্টতাৰ পিনে পৰিবৰ্তন কৰি দিয়ে।
03

Benefits

ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেখেতৰ প্ৰতিপালকৰ প্ৰতি অত্যন্ত বিনয়ী আছিল। লগতে তেখেতে উম্মতক এনেকৈ দুআ কৰিবলৈ নিৰ্দেশনা দিছে।
দ্বীনৰ ওপৰত অটল তথা প্ৰতিষ্ঠিত থকাৰ গুৰুত্ব, শেষ পৰিণাম হৈছে মূল বিষয়।
আল্লাহে প্ৰতিষ্ঠিত নকৰাকৈ বান্দাই এক পলৰ কাৰণেও ইছলামৰ ওপৰত প্ৰতিষ্ঠিত থাকিব নোৱাৰে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ অৱলম্বন কৰি এই দুআটো বেছি বেছি পাঠ কৰিবলৈ উৎসাহিত কৰা হৈছে।
ইছলামৰ ওপৰত প্ৰতিষ্ঠিত থকাটো হৈছে এটা ডাঙৰ নিয়ামত, যাৰ বাবে বান্দাই সদায় প্ৰচেষ্টা কৰা উচিত আৰু মহান আল্লাহৰ চুকৰিয়া আদায় কৰা উচিত।

Attribution

[(তিৰমিজী, আহমদ)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...