ইবনে আদমে মোৰ প্ৰতি মিথ্যাৰোপ কৰিছে, অথচ সেয়া তাৰ বাবে উচিত নহয়, সি মোক গালি পাৰিছে যদিও সেয়া তাৰ বাবে সমীচিন নহয়।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ
ইবনে আদমে মোৰ প্ৰতি মিথ্যাৰোপ কৰিছে, অথচ সেয়া তাৰ বাবে উচিত নহয়, সি মোক গালি পাৰিছে যদিও সেয়া তাৰ বাবে সমীচিন নহয়। মোক মিথ্যাৰোপ কৰাটো হৈছে তাৰ এই বাক্য যে, "মোক তেওঁ কেতিয়াও পুনৰজীৱিত নকৰিব যেনেকৈ তেওঁ প্ৰথমে সৃষ্টি কৰিছে"। অথচ পুনৰ সৃষ্টি কৰাটো প্ৰথমবাৰ সৃষ্টি কৰাতকৈ কঠিন নহয়। আনহাতে সি দিয়া গালিটো হৈছে তাৰ এই কথা কোৱা যে, "আল্লাহে সন্তান গ্ৰহণ কৰিছে"। অথচ মই একক, অমুখাপেক্ষী, মই নিজেও জন্ম গ্ৰহণ কৰা নাই আৰু কাকো জন্মও দিয়া নাই, আৰু মোৰ সমকক্ষ কোনো নাই।"
Explanation
সিহঁতে আল্লাহক অস্বীকাৰ কৰাৰ অৰ্থ হৈছেঃ সিহঁতে এই ধাৰণা পোষণ কৰে যে, আল্লাহে সিহঁতক সিহঁতৰ মৃত্যুৰ পিছত কেতিয়াও পুনৰ্জীৱিত কৰিব নোৱাৰিব। অথচ তেৱেঁই সিহঁতক অনস্তিত্বৰ পৰা অস্তিত্বলৈ আনিছে। সেয়ে আল্লাহে সিহঁতৰ এই ধাৰণা খণ্ডন কৰি কৈছে যে, যি সত্ত্বাই তোমালোকক অনস্তিত্বৰ পৰা অস্তিত্বলৈ আনিছে, তেওঁ নিশ্চয় তোমালোকক পুনৰ্জীৱিত কৰিবলৈ সক্ষম, বৰং এইটো তেওঁৰ বাবে অতি সহজ। যদিও আল্লাহৰ বাবে দুয়োটা কামেই একে সমান সহজ। মহান আল্লাহ সকলো বিষয়তে ক্ষমতাৱান।
আনহাতে সিহঁতে দিয়া গালিটো হৈছে সিহঁতৰ এই কথা কোৱা যে, আল্লাহৰ সন্তান আছে। ইয়াৰ উত্তৰত আল্লাহে কৈছে যে, তেওঁ একক, তেওঁ সকলো ক্ষেত্ৰতে অদ্বিতীয়, কৰ্মৰ ক্ষেত্ৰতে হওক বা নাম আৰু গুণাৱলীৰ ক্ষেত্ৰতে হওক, তেওঁ সকলো ক্ষেত্ৰতে পূৰ্ণাংগ চিফাতৰ অধিকাৰী। তেওঁ সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। তেওঁ অমুখাপেক্ষী, তেওঁৰ কাকো প্ৰয়োজন নহয়। বৰং সকলোৱে তেওঁৰ মুখাপেক্ষী। তেওঁ কাৰো পিতৃ নহয়, আৰু তেৱোঁ কাৰো সন্তান নহয়। মহান আল্লাহৰ সমপৰ্যায় বা সমকক্ষ একো নাই।
Benefits
মৃত্যুৰ পিছত হ'বলগীয়া পুনৰ্জীৱন প্ৰমাণিত।
পুনৰুত্থানক যিয়ে অস্বীকাৰ কৰে, সি কুফৰী কৰে। এইদৰে আল্লাহৰ সৈতে যিয়ে সন্তান সম্পৃক্ত কৰে সিও কুফৰী কৰে।
মহান আল্লাহৰ কোনো সমকক্ষ নাই। তেওঁৰ লগত কাৰো ৰিজনিও নাখাটে।
আল্লাহৰ সহনশীলতা অপৰিসীম। তেওঁ কাফিৰসকলক অৱকাশ দিয়ে যাতে সিহঁতে উভতি আহে আৰু তাওবা কৰে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

