قُلْ: لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، اللهُ أَكْبَرُ كَبِيرًا، وَالْحَمْدُ لِلَّهِ كَثِيرًا، سُبْحَانَ اللهِ رَبِّ الْعَالَمِينَ، لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللهِ الْعَزِيزِ الْحَكِيمِ
Choose an available translation of this Hadeeth
Hadeeth text
ছা'দ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন বেদুইন আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ মোক এনেকুৱা কিছুমান বাক্য শিকাওক, যিবোৰ মই পাঠ কৰিব পাৰোঁ। তেতিয়া তেখেতে ক'লে, এইটো কোৱাঃ «قُلْ: لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، اللهُ أَكْبَرُ كَبِيرًا، وَالْحَمْدُ لِلَّهِ كَثِيرًا، سُبْحَانَ اللهِ رَبِّ الْعَالَمِينَ، لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللهِ الْعَزِيزِ الْحَكِيمِ»
অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। মহানতাৰ ক্ষেত্ৰত আল্লাহ আটাইতকৈ মহান, অসংখ্য অগণন প্ৰশংসা আল্লাহৰ বাবেই। বিশ্বজগতৰ ৰব্ব মহান আল্লাহ অতি পৱিত্ৰ। গুনাহৰ পৰা ৰক্ষা আৰু নেক কামৰ শক্তিৰ উৎস একমাত্ৰ আল্লাহেই। তেওঁ পৰাক্ৰমশালী মহাপ্ৰজ্ঞাময়।
ব্যক্তিজনে এই সকলোবোৰ দেখোন মোৰ প্ৰতিপালকৰ বাবে, মোৰ বাবে কি আছে, তেতিয়া তেখেতে ক'লেঃ «قُلْ: اللهُمَّ اغْفِرْ لِي وَارْحَمْنِي وَاهْدِنِي وَارْزُقْنِي»
অৰ্থঃ কোৱা, হে আল্লাহ! মোক ক্ষমা কৰা, মোৰ প্ৰতি ৰহম কৰা, মোক হিদায়ত দিয়া আৰু জীৱিকা প্ৰদান কৰা।
Explanation
Benefits
দুআ কৰাৰ পূৰ্বে আল্লাহক স্মৰণ কৰা আৰু তেওঁৰ প্ৰশংসা কৰা মুস্তাহাব।
মানুহে উত্তম বাক্যৰে দুআ কৰা মুস্তাহাব, বিশেষকৈ প্ৰমাণিত দুআৰ জৰিয়তে দুআ কৰা, য'ত পৃথিৱী আৰু আখিৰাতৰ বিষয়ক সামৰি লোৱা হৈছে। ইয়াৰ বাহিৰেও নিজৰ প্ৰয়োজন অনুসাৰে দুআ কৰিব পাৰে।
বান্দা এনেকুৱা বিষয় শিকাৰ প্ৰতি আগ্ৰহী হোৱা উচিত, যিবোৰৰ দ্বাৰা সি পৃথিৱী আৰু আখিৰাতত উপকৃত হ'ব পাৰিব।
জীৱিকা, দয়া আৰু মাগফিৰাত প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰা হৈছে। এইবোৰ হৈছে কল্যাণৰ ভাণ্ডাৰ।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মতক সদায় উপকাৰী শিক্ষা দিবলৈ আগ্ৰহী আছিল।
মাগফিৰাতৰ পিছত ৰহমতৰ কথা উল্লেখ হৈছে, যাতে পৰিপূৰ্ণ পৱিত্ৰতা অৰ্জন হয়। মাগফিৰাতৰ জৰিয়তে গুনাহ মাফ কৰা হয় বা মচি দিয়া হয় আৰু জাহান্নামৰ পৰা ৰক্ষা কৰা হয়। আনহাতে ৰহমতৰ জৰিয়তে কল্যাণ দান কৰা হয় আৰু জান্নাতত প্ৰৱেশ কৰোৱা হয়। এইটোৱে হৈছে মহা সফলতা।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

