افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#6017[ছহীহ]
HadeethEnc · 1.16.0

যিয়ে গোটেই বছৰ ৰোজা পালন কৰে, তাৰ ৰোজাই নহয়। মাহত তিনিটা ৰোজা পালন কৰিলেই গোটেই বছৰৰ ৰোজা পালন কৰাৰ ছোৱাব অৰ্জন হয়।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে (তেওঁক) কৈছিল যে, "তুমি বোলে সদায় ৰোজা ৰখা আৰু ওৰে ৰাতি নামাজ পঢ়া?" তেতিয়া মই ক'লোঁ, হয়। তেখেতে ক'লেঃ "তুমি এনেকৈ কৰিলে তোমাৰ চকু বহি পৰিব আৰু তোমাৰ শৰীৰ দুৰ্বল হ'ব। যিয়ে গোটেই বছৰ ৰোজা পালন কৰে, তাৰ ৰোজাই নহয়। মাহত তিনিটা ৰোজা পালন কৰিলেই গোটেই বছৰৰ ৰোজা পালন কৰাৰ ছোৱাব অৰ্জন হয়।" তেতিয়া মই ক'লোঁ, মই ইয়াতকৈ বেছি ৰাখিবলৈ সক্ষম। তেতিয়া তেখেতে ক'লেঃ "তেন্তে তুমি দাঊদ আলাইহিচ্ছালামৰ দৰে ৰোজা পালন কৰা, তেওঁ এদিন ৰোজা ৰাখিছিল আৰু এদিন ৰখা নাছিল। লগতে তেওঁ যেতিয়া শত্ৰুৰ সন্মুখীন হৈছিল তেতিয়া পলায়ন কৰা নাছিল।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে খবৰ পালে যে, আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাই গোটেই বছৰ ৰোজা পালন কৰে, এদিনো ৰোজা নৰখাকৈ নাথাকে। এইদৰে ওৰে ৰাতি নামাজ পঢ়ি অতিবাহিত কৰে, ৰাতি নুশুৱে। ফলত তেখেতে তেওঁক মাতি আনি ইয়াৰ পৰা নিষেধ কৰিলে আৰু ক'লে যে, এদিন ৰোজা ৰাখিবা আৰু এদিন এৰি দিবা, ৰাতিত নামাজো পঢ়িবা আৰু টোপনিও যাবা। লগতে তেখেতে তেওঁক একেলেঠাৰিয়ে ৰোজা ৰাখিবলৈ আৰু গোটেই ৰাতি নামাজ পঢ়িবলৈ নিষেধ কৰিছে। তেওঁক উপদেশ দি কৈছেঃ যদি তুমি এনেকৈ কৰি থাকা তেন্তে তোমাৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰিব আৰু চকু ভিতৰ ফালে সোমাই পৰিব আৰু তোমাৰ শৰীৰ দুৰ্বল হৈ পৰিব আৰু তুমি ক্লান্ত হৈ পৰিবা। শুনা! কোনো দিন ৰোজা এৰি নিদিয়াকৈ যিয়ে গোটেই বছৰ ৰোজা ৰাখে, তাৰ কোনো ৰোজাই নহয়। কাৰণ নিষেধাজ্ঞাক অমান্য কৰি ৰোজা ৰাখিলে সেই ৰোজাৰ কোনো ছোৱাব নাই। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক প্ৰত্যেক মাহত তিনিটাকৈ ৰোজা ৰখাৰ উপদেশ দিলে যে, ইয়াৰ ফলত গোটেই বছৰৰ ৰোজাৰ ছোৱাব পোৱা যাব। কাৰণ প্ৰতিটো ৰোজাৰ ছোৱাব, দহটা ৰোজাৰ সমপৰিমাণ। এইটো হৈছে ছোৱাব বৃদ্ধিৰ নূন্যতম উদাহৰণ। তেতিয়া আব্দুল্লাহে ক'লেঃ মই ইয়াতকৈও অধিক ৰাখিবলৈ সক্ষম। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তেন্তে তুমি চওমে দাঊদ পালন কৰা। এইটো হৈছে উত্তম চিয়াম। তেওঁ এদিন ৰোজা ৰাখিছিল আৰু এদিন এৰি দিছিল। লগতে তেওঁ যেতিয়া শত্ৰুৰ মুখামুখি হৈছিল, তেতিয়া পলায়ন কৰা নাছিল। কাৰণ এনেকুৱা ৰোজাৰ ফলত শৰীৰ দুৰ্বল নহয়।
03

Benefits

প্ৰত্যেক মাহত তিনিটা ৰোজা পালন কৰিলে, গোটেই বছৰ ৰোজা ৰখাৰ ছোৱাব অৰ্জন হয়। কাৰণ প্ৰতিটো নেকী নূন্যতম দহগুণ বৃদ্ধিকৈ প্ৰদান কৰা হয়। এতেকে তিনিটাৰ ফলত ত্ৰিছটাৰ ছোৱাব পোৱা যায়। এতেকে যিয়ে প্ৰত্যেক মাহত তিনিটা ৰোজা পালন কৰে, তেওঁ গোটেই বছৰ ৰোজা ৰখাৰ ছোৱাব অৰ্জন কৰে।
আল্লাহৰ প্ৰতি আহ্বানৰ অন্যতম এটা উপায় হৈছে এই যে, আমলৰ প্ৰতি উৎসাহিত কৰিব লাগে, লগতে নিয়মিত আমল কৰাৰ ছোৱাব আৰু উপকাৰ সম্পৰ্কে অৱগত কৰিব লাগে।
খাত্তাবী ৰাহিমাহুল্লাহে কৈছেঃ আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুৰ এই ঘটনাৰ সাৰাংশ হৈছে এই যে, আল্লাহে তেওঁৰ বান্দাসকলক কেৱল ৰোজাৰ জৰিয়তেই ইবাদত কৰিবলৈ কোৱা নাই। বৰং বিভিন্ন প্ৰকাৰৰ ইবাদত কৰিবলৈ নিৰ্দেশ দিছে। এতেকে যদি কোনোবাই নিজৰ সকলো শক্তি সামৰ্থ এটা ইবাদতে শেষ কৰি পেলায় তেন্তে বেলেগ ইবাদত কৰিবলৈ তেওঁৰ সামৰ্থ নাথাকিব। এতেকে সংযম সহকাৰে ৰোজা পালন কৰা উচিত, যাতে বেলেগ ইবাদত কৰিবলৈও কিছু শক্তি অৱশিষ্ট থাকে। এইকাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দাঊদ আলাইহিচ্ছালামৰ বিষয়ে উল্লেখ কৰি এই কথাৰ প্ৰতি ইংগিত কৰিছে যে, তেওঁ শত্ৰুৰ মুখামুখি হ'লে পলায়ন কৰা নাছিল। কাৰণ তেওঁ মাজে মাজে (নফল) ৰোজা এৰি জিহাদৰ বাবে শক্তি গোটাই ৰাখিছিল।
ইবাদতৰ ক্ষেত্ৰত অতিৰঞ্জনৰ পৰা আৰু কৃত্ৰিমতাৰ নিষেধ কৰা হৈছে। ছুন্নত অনুযায়ী আমল কৰা উত্তম।
জমহুৰ উলামাসকলৰ মতে গোটেই বছৰ একেলেঠাৰিয়ে ৰোজা পালন কৰাটো অপছন্দনীয়। লগতে যদি নিজৰ ওপৰত কঠোৰতা অৱলম্বন কৰে, আৰু নিজৰ বাবে ক্ষতিকৰ হয় তথা ক্ষতি হোৱাৰ আশংকা থাকে, বা ছুন্নতৰ পৰা বিমুখ হয় আৰু এইটো ধাৰণা কৰে যে, ছুন্নততকৈ এইটো উত্তম, তেন্তে এনে ক্ষেত্ৰত সেই ইবাদত হাৰাম হৈ পৰে।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...