HadeethEnc · 1.16.0
মোক মোৰ অন্তৰঙ্গ বন্ধুৱে (অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে) তিনিটা বিষয়ৰ উপদেশ দিছে। প্ৰত্যেক মাহত তিনিটা ৰোজা ৰাখিবলৈ, চাস্তৰ সময়ত দুই ৰাকাত নামাজ পঢ়িবলৈ, আৰু মই যেন টোপনি যোৱাৰ আগত ৱিতিৰ পঢ়ি শুবলৈ যাওঁ।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ "মোক মোৰ অন্তৰঙ্গ বন্ধুৱে (অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে) তিনিটা বিষয়ৰ উপদেশ দিছে। প্ৰত্যেক মাহত তিনিটা ৰোজা ৰাখিবলৈ, চাস্তৰ সময়ত দুই ৰাকাত নামাজ পঢ়িবলৈ, আৰু মই যেন টোপনি যোৱাৰ আগত ৱিতিৰ পঢ়ি শুবলৈ যাওঁ।"
02
Explanation
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, তেওঁৰ অন্তৰঙ্গ প্ৰিয় বন্ধুৱে তেওঁক তিনিটা উপদেশ দিছে যে,
১) প্ৰত্যেক মাহত তিনিটা ৰোজা ৰাখিবা।
২) দৈনিক চাস্তৰ সময়ত দুই ৰাকাত নামাজ পঢ়িবা।
৩) ৰাতি শুবলৈ যোৱাৰ আগত ৱিতিৰ পঢ়ি ল'বা। এইটো হৈছে সেই ব্যক্তিৰ বাবে যিয়ে শেষ ৰাতি উঠিব নোৱাৰিব বুলি আশংকা কৰে।

03
Benefits
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বিভিন্ন চাহাবাক বিভিন্ন উপদেশ দিছিল। তেখেতে চাহাবাসকলৰ অৱস্থা অনুসৰি যাৰ বাবে যিটো উপযুক্ত তাক সেইটো উপদেশ দিছিল। এতেকে শক্তিশালী ব্যক্তিৰ বাবে জিহাদ উপযুক্ত, ইবাদতকাৰীৰ বাবে ইবাদত উপযুক্ত আৰু আলিমৰ বাবে ইল্ম উপযুক্ত। এইদৰে উপদেশ দিছিল।
ইবনে হাজাৰ আছক্বালানী ৰাহিমাহুল্লাহে হাদীছটোৰ এই বাক্য সম্পৰ্কে কৈছে, প্ৰত্যেক মাহত তিনিটা ৰোজা ৰাখিবা, ইয়াৰ দ্বাৰা বুজোৱা হৈছে আয়্যামে বীজৰ ৰোজা। সেয়া হৈছেঃ হিজৰী মাহৰ তেৰ, চৈধ্য আৰু পোন্ধৰ তাৰিখে ৰোজা পালন কৰা।
ইবনু হাজাৰ আছক্বালানী ৰাহিমাহুল্লাহে কৈছেঃ ৰাতি টোপনি যোৱাৰ আগত ৱিতিৰ পঢ়ি লোৱাটো মুস্তাহাব। এইটো হৈছে সেই ব্যক্তিৰ বাবে যাৰ ফজৰৰ আগত উঠাৰ কোনো নিশ্চয়তা নাই।
এই তিনিটা আমলৰ গুৰুত্ব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেইবাজনো চাহাবাক এই উপদেশ দিছিল।
ইবনু দাক্বীক্বুল ঈদে হাদীছটোৰ এই বাক্য প্ৰসংগত কৈছে (وركعتي الضحى) সম্ভৱতঃ তেখেতে নূন্যতম ৰাকাত সংখ্যা উল্লেখ কৰি ইয়াৰ গুৰুত্ব বুজাইছে। এইটোৱে প্ৰমাণ কৰে যে, চালাতুজ দ্বুহা পঢ়াটো মুস্তাহাব, যদিও দুই ৰাকাতে নহওক কিয়।
চালাতুজ দ্বুহাৰ সময়ঃ সূৰ্য উদয় হোৱাৰ পোন্ধৰ মিনিট পিছৰ পৰা আৰম্ভ কৰি জোহৰৰ দহ মিনিট আগলৈকে এই সময় থাকে। ইয়াৰ ৰাকাত সংখ্যা নূন্যতম দুই ৰাকাত। সৰ্বাধিকৰ ক্ষেত্ৰত মতানৈক্য আছে, কিছুমানে কৈছেঃ আঠ ৰাকাত, আৰু আন কিছুমানে কৈছে, ইয়াৰ কোনো নিৰ্দিষ্ট সংখ্যা নাই।
ৱিতিৰৰ সময়ঃ ঈশ্বাৰ পিছৰ পৰা ফজৰ সময় আৰম্ভ নোহোৱালৈকে। নূন্যতম ৰাকাত সংখ্যা হৈছে এক ৰাকাত, সৰ্বাধিক ৰাকাত সংখ্যা হৈছে এঘাৰ ৰাকাত।

Attribution
[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares