HadeethEnc · 1.16.0
“দু’আই হৈছে ইবাদত
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ “দু’আই হৈছে ইবাদত।” ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে: {وَقَالَ رَبُّكُمُ ادْعُونِي أَسْتَجِبْ لَكُمْ إِنَّ الَّذِينَ يَسْتَكْبِرُونَ عَنْ عِبَادَتِي سَيَدْخُلُونَ جَهَنَّمَ دَاخِرِينَ} [غافر: 60]». “আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।” [ছুৰা গাফিৰ, আয়াত: ৬০]
02
Explanation
হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, দু‘আই হৈছে ইবাদত। গতিকে সকলো ক্ষেত্ৰতে ইখলাচ অৱলম্বন কৰা অনিবাৰ্য। সহায়-সহযোগিতা কামনা কৰি দুআ কৰাৰ ক্ষেত্রতে হওক, যেনে আল্লাহৰ ওচৰত উপকাৰী কোনো বস্তু বিচৰা, দুনিয়া আৰু আখিৰাতৰ অকল্যাণৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা আদি। অথবা ইবাদতৰ উদ্দেশ্যে কৰা দু‘আই হওক, প্ৰত্যেক সেই কৰ্ম ইয়াৰ অন্তৰ্ভুক্ত যিটোক আল্লাহে ভালপায় তথা পছন্দ কৰে, সেয়া প্রকাশ্য হওক বা অপ্রকাশ্য, কথা হওক বা কৰ্ম, অন্তৰৰ ইবাদত হওক বা শাৰীৰিক ইবাদত নাইবা আৰ্থিক ইবাদত ইত্যাদি।
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ সপক্ষে এই দলীল উত্থাপন কৰিছে, মহান আল্লাহে কৈছেঃ "তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব।"

03
Benefits
দুআ হৈছে ইবাদতৰ মূল। গতিকে আল্লাহৰ বাহিৰে আন কাৰো ওচৰত দুআ কৰা বৈধ নহয়।
ইবাদতৰ বাস্তৱিকতা দু‘আৰ ভিতৰতেই নিহিত, কাৰণ ইয়াৰ দ্বাৰা মহান আল্লাহৰ ক্ষমতা আৰু অমুখাপেক্ষীতাক স্বীকাৰ কৰা হয়, লগতে এই কথা স্বীকাৰ কৰা হয় যে, বান্দা সদায় আল্লাহৰ মুখাপেক্ষী।
অহংকাৰ কৰি আল্লাহৰ ইবাদত পৰিত্যাগ কৰা আৰু তেওঁৰ ওচৰত কৰিবলগীয়া দু‘আ বৰ্জন কৰাৰ বিষয়ে কঠোৰ সতৰ্কবাণী দিয়া হৈছে যে, নিশ্চয় যিসকলে অহংকাৰ কৰি আল্লাহৰ ইবাদতৰ পৰা বিমুখ হ'ব, সিহঁত অচিৰেই লাঞ্ছিত অৱস্থাত জাহান্নামত প্রৱেশ কৰিব।

Attribution
[(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares