ভাতৃৰ অনুপস্থিতিত মুছলিম ভাতৃৰ দুআ লগে লগে কবূল হয়।
Choose an available translation of this Hadeeth
Hadeeth text
উম্মে দাৰদা আৰু আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ভাতৃৰ অনুপস্থিতিত মুছলিম ভাতৃৰ দুআ লগে লগে কবূল হয়। তেওঁৰ মূৰৰ কাষত এজন ফিৰিস্তা নিয়োজিত থাকে, যেতিয়া তেওঁ নিজৰ ভাতৃৰ বাবে কোনো কল্যাণমূলক দুআ কৰে, তেতিয়া ফিৰিস্তাজনে কয়ঃ আমীন, লগতে তোমাকো অনুৰূপ দান কৰক।"
Explanation
Benefits
অনুপস্থিতিত দুআ কৰাটো হৈছে প্ৰকৃত ঈমান আৰু প্ৰকৃত ভাতৃত্বৰ স্পষ্ট প্ৰমাণ।
হাদীছটোত অনুপস্থিতিত দুআ কৰাৰ কথা কোৱা হৈছে, কাৰণ এইটো হৈছে আন্তৰিকতা আৰু ইখলাচৰ পূৰ্ণাংগ পৰ্যায়।
দুআ কবূল হোৱাৰ অন্যতম এটা উপায় হৈছে, মুছলিম ভাতৃৰ বাবে তেওঁৰ অনুপস্থিতিত দুআ কৰা।
ইমাম নাৱাৱীয়ে কৈছেঃ মুছলিম ভাতৃৰ অনুপস্থিতিত দুআ কৰাটো হৈছে এটা ফজীলতপূৰ্ণ কৰ্ম। যদিও কোনোবাই মুছলিমৰ এটা জামাতৰ বাবেও দুআ কৰে, তথাপিও তেওঁ ফজীলত অৰ্জন কৰিব। আনহাতে যদি কোনোবাই সমগ্ৰ মুছলিম জাতিৰ বাবে দুআ কৰে, তথাপিও তেওঁ এই ফজীলতৰ অধিকাৰী হ'ব এইটো স্পষ্ট। সেয়ে আমাৰ ছালাফসকলে (পূৰ্বৱৰ্তী পুণ্যৱান লোকসকলে) যেতিয়াই নিজৰ বাবে দুআ কৰিছিল, তেতিয়াই তেওঁলোকৰ মুছলিম কোনো ভাতৃৰ বাবেও দুআ কৰিছিল, কাৰণ ইয়াৰ ফলত দুআ কবূল হয়। লগতে সেই পৰিমাণ দুআ নিজৰ বাবেও গৃহীত হয়।
হাদীছটোত ফিৰিস্তাসকলৰ কিছুমান কৰ্মৰ কথা উল্লেখ হৈছে। তেওঁলোকৰ মাজৰ কিছুমানক আল্লাহে এই কৰ্মৰ বাবে নিয়োজিত কৰিছে৷
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

