উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজু বিকা মিন গালাবাতিত দাইন, অগালাবাতিল আদুউ, অশ্বামা-তাতিল আ'দা।
Choose an available translation of this Hadeeth
Hadeeth text
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইবোৰ বাক্যৰ জৰিয়তে দুআ কৰিছিলঃ উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজু বিকা মিন গালাবাতিত দাইন, অগালাবাতিল আদুউ, অশ্বামা-তাতিল আ'দা।"
অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ঋণৰ বোজা, শত্ৰুৰ প্ৰাধান্য, আৰু শত্ৰুৰ আনন্দৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ।
Explanation
প্ৰথমঃ (اللهم إني أعوذ) মই আশ্ৰয় বিচাৰোঁ, (بك) কেৱল তোমাৰ ওচৰত, (من غلبة الدَّين) ঋণৰ বোজাৰ পৰা, লগতে মই তোমাৰ ওচৰত এই ঋণ পৰিশোধৰ কাৰণে সহায় প্ৰাৰ্থনা কৰোঁ।
দ্বিতীয়ঃ (وغلبة العدو) শত্ৰুৰ প্ৰাধান্যতা আৰু বৰ্বৰতাৰ পৰাও আশ্ৰয় বিচাৰোঁ। লগতে শত্ৰুৰ হাত বিৰত ৰাখিবলৈ আৰু এই ক্ষেত্ৰত সহায় কৰিবলৈ তোমাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ।
তৃতীয়ঃ (وشماتة الأعداء) মুছলিমসকলৰ বিপদ-আপদৰ সময়ত শত্ৰুৰ আনন্দ প্ৰকাশৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।
Benefits
সাধাৰণতে ঋণ লোৱাত কোনো বাধা নাই, কিন্তু এনেকুৱা ঋণ গ্ৰহণ কৰা উচিত নহয় যিটো পৰিশোধ কৰাৰ সামৰ্থ নাই। এই ঋণকে বোজা বুলি কোৱা হৈছে।
মানুহে এনেকুৱা কাম পৰিহাৰ কৰা উচিত, যাৰ ফলত অপমানিত হ'বলগীয়া হয় তথা সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয়।
এইটো বৰ্ণনা কৰা হৈছে যে, মুমিনসকলৰ সৈতে কাফিৰসকলে সদায় শত্ৰুতা পোষণ কৰে, তথা তেওঁলোকৰ বিপদ-আপদত সিহঁতে আনন্দ প্ৰকাশ কৰে।
মানুহৰ বিপদ-আপদত শত্ৰুৰ আনন্দই সেই বিপদতকৈও অধিক কষ্ট দিয়ে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

