তোমালোকে ইয়াহুদী আৰু নাচাৰাসকলক প্ৰথমে ছালাম নকৰিবা। ৰাস্তাত যদি সিহঁতৰ মাজৰ কাৰোবাৰ সৈতে তোমালোকৰ সাক্ষাৎ হয় তেন্তে তাক সংকীৰ্ণ পথেৰে যাবলৈ বাধ্য কৰিবা।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে ইয়াহুদী আৰু নাচাৰাসকলক প্ৰথমে ছালাম নকৰিবা। ৰাস্তাত যদি সিহঁতৰ মাজৰ কাৰোবাৰ সৈতে তোমালোকৰ সাক্ষাৎ হয় তেন্তে তাক সংকীৰ্ণ পথেৰে যাবলৈ বাধ্য কৰিবা।"
Explanation
Benefits
যদি সিহঁতে প্ৰথমে ছালাম কৰে তেন্তে উত্তৰত কেৱল এইখিনি কোৱাটো বৈধ, ওৱা আলাইকুম।
ইচ্ছাকৃতভাৱে বিনা কোনো কাৰণত কোনো কাফিৰকে হাৰাশাস্তি কৰাটো কোনো মুছলিমৰ বাবেই বৈধ নহয়। কিন্তু পথ যদি সংকীৰ্ণ হয় অথবা ভিৰ থাকে তেন্তে কাফিৰে মুছলিমৰ বাবে পথ এৰি দিয়াটো কৰ্তব্য।
বেয়া ভাষা ব্যৱহাৰ নকৰাকৈ অথবা কাৰো প্ৰতি অন্যায় নকৰাকৈ মুছলিমসকলৰ মৰ্যাদা প্ৰকাশ কৰিবলৈ বেলেগক তল খাপৰ দেখুৱাত কোনো বাধা নাই।
কাফিৰসকলৰ প্ৰতি পথ সংকীৰ্ণ কৰাৰ কাৰণ হৈছে সিহঁতে আল্লাহক অস্বীকাৰ কৰিছে। সেয়ে কেতিয়াবা এইটো ইছলাম গ্ৰহণৰ কাৰণ হ'ব পাৰে, ফলত সি জাহান্নামৰ পৰা ৰক্ষা পাব। যদি সি ইয়াৰ ফলত সত্য জানিবলৈ চেষ্টা কৰে।
মুছলিমে প্ৰয়োজনত প্ৰথমে কোনো কাফিৰক এই বুলি কোৱাত কোনো বাধা নাই, উদাহৰণস্বৰূপেঃ কি খবৰ তোমাৰ? কেনে আছা? খা-খবৰ ভালনে আদি? কাৰণ নিষেধ কৰা হৈছে কেৱল প্ৰথমে ছালাম দিবলৈ।
ত্বীবি ৰাহিমাহুল্লাহে কৈছেঃ সঠিক মত এইটোৱে যে, কোনো বিদআতীক প্ৰথমে ছালাম কৰা উচিত নহয়। যদি কোনোবাই নাজানি এনেকুৱা ব্যক্তিক ছালাম কৰে আৰু পিছত যদি গম পায় যে, সি এজন যিম্মী কাফিৰ অথবা বিদআতী তেন্তে এইদৰে ক'ব লাগেঃ মই মোৰ ছালাম ঘূৰাই ল'লোঁ। যাতে সি নিজকে তুচ্ছ জ্ঞান কৰে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

