এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ আছে পাঁচটা অধিকাৰ: ছালামৰ উত্তৰ দিয়া, বেমাৰীক শুশ্ৰূষা কৰা, জানাযাৰ অনুসৰণ কৰা, নিমন্ত্ৰণ গ্ৰহণ কৰা আৰু হাঁচি দিয়া ব্যক্তিৰ উত্তৰ দিয়া।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ আছে পাঁচটা অধিকাৰ: ছালামৰ উত্তৰ দিয়া, বেমাৰীক শুশ্ৰূষা কৰা, জানাযাৰ অনুসৰণ কৰা, নিমন্ত্ৰণ গ্ৰহণ কৰা আৰু হাঁচি দিয়া ব্যক্তিৰ উত্তৰ দিয়া।
Explanation
দ্বিতীয় অধিকাৰটো হৈছে, বেমাৰীক শুশ্ৰূষা কৰা আৰু সাক্ষাৎ কৰা।
তৃতীয় অধিকাৰটো হৈছে, ঘৰৰ পৰা জানাজা পঢ়াৰ স্থানলৈকে অনুসৰণ কৰা আৰু জানাজা পঢ়াৰ পিছত কবৰস্থানলৈকে যোৱা আৰু দাফন কাৰ্যত চামিল হোৱা।
চতুৰ্থ অধিকাৰটো হৈছে, যদি কোনোবাই অলীমা আদিৰ নিমন্ত্ৰণ কৰে তেন্তে সেই নিমন্ত্ৰণ গ্ৰহণ কৰা।
পঞ্চম অধিকাৰটো হৈছে, হাঁচি কৰা ব্যক্তিয়ে যদি আলহাম্দুলিল্লাহ কয় তেন্তে তাৰ উত্তৰত ক'ব য়াৰহামুকাল্লাহ। ইয়াৰ পিছত হাঁচিকাৰীয়ে আকৌ ক'ব, য়াহদিকুমুল্লাহু ৱা ইউচলিহু বা-লাকুম।
Benefits
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

