এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ ছয়টা হক (অধিকাৰ) আছে।" প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি? তেখেতে ক'লেঃ "সাক্ষাৎ হ'লে ছালাম কৰিবা, যদি তোমাক নিমন্ত্ৰণ জনায় তেন্তে গ্ৰহণ কৰিবা, যদি তোমাৰ পৰা পৰামৰ্শ বিচাৰে তেন্তে সৎপৰামৰ্শ দিবা, এইদৰে যদি হাঁচি কৰি আলহাম্দুলিল্লাহ কয় তেন্তে তাৰ উত্তৰ দিবা, বেমাৰত পৰিলে খা-খবৰ ল'বা, আৰু যদি মৃত্যুবৰণ কৰে তেন্তে জানাযাৰ অনুসৰণ কৰিবা।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ ছয়টা হক (অধিকাৰ) আছে।" প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি? তেখেতে ক'লেঃ "সাক্ষাৎ হ'লে ছালাম কৰিবা, যদি তোমাক নিমন্ত্ৰণ জনায় তেন্তে গ্ৰহণ কৰিবা, যদি তোমাৰ পৰা পৰামৰ্শ বিচাৰে তেন্তে সৎপৰামৰ্শ দিবা, এইদৰে যদি হাঁচি কৰি আলহাম্দুলিল্লাহ কয় তেন্তে তাৰ উত্তৰ দিবা, বেমাৰত পৰিলে খা-খবৰ ল'বা, আৰু যদি মৃত্যুবৰণ কৰে তেন্তে জানাযাৰ অনুসৰণ কৰিবা।"
Explanation
Benefits
এজনক ছালাম কৰা হ'লে, ছালামৰ উত্তৰ দিয়াটো হৈছে ফৰজে আঈন। আনহাতে জামাতবদ্ধ লোকক ছালাম কৰিলে, যিকোনো এজনে উত্তৰ দিলেই যথেষ্ট। এইদৰে প্ৰথমে ছালাম কৰাটো হৈছে ছুন্নত।
বেমাৰত পৰা লোকক সাক্ষাৎ কৰিবলৈ যোৱাটো হৈছে মুছলিম ভাতৃৰ অন্যতম এটা অধিকাৰ। ইয়াৰ ফলত আন্তৰিক আনন্দ লাভ হয় আৰু মুহাব্বত সৃষ্টি হয়। এইটো হৈছে ফৰজে কিফায়া।
যদি গুনাহৰ সৈতে জৰিত নহয় তেন্তে নিমন্ত্ৰণ গ্ৰহণ কৰাটো অনিবাৰ্য্য। এইদৰে যদি নিমন্ত্ৰণটো নিকাহৰ অলীমাৰ হয় তেন্তে অধিকাংশ উলামাৰ মতে সেইটো গ্ৰহণ কৰা ওৱাজিব, কিন্তু যদি চৰীয়ত অনুসৰি নিমন্ত্ৰণ গ্ৰহণ নকৰাৰ উপযুক্ত কোনো কাৰণ থাকে তেন্তে বিষয়টো সুকীয়া। আনহাতে নিকাহৰ অলীমাৰ বাহিৰে বেলেগ নিমন্ত্ৰণ অধিকাংশ উলামাৰ মতে মুস্তাহাব।
হাঁচিকাৰীয়ে যদি আলহাম্দুলিল্লাহ বুলি কয় তেন্তে শ্ৰৱণকাৰীয়ে ইয়াৰ উত্তৰ দিয়াটো ওৱাজিব।
চৰীয়ত পৰিপূৰ্ণ, সমাজৰ বন্ধন আৰু ঈমান মজবুত কৰিবলৈ আৰু মানুহৰ মাজত মুহাব্বতৰ এনাজৰী দৃঢ় কৰিবলৈ চৰীয়ত সদায় আগ্ৰহী।
(فَسَمِّتْهُ) ইয়াত ছীনৰ সৈতে উল্লেখ হৈছে, আন কিছুমান ঠাইত আহিছে শ্বীনৰ সৈতে (فشمّته)। ইয়াৰ দ্বাৰা কল্যাণ তথা বৰকতৰ দুআ বুজোৱা হৈছে। "তাশ্বমিত"ৰ অৰ্থ হৈছেঃ আল্লাহে তোমাক শত্ৰুৰ আনন্দৰ পৰা আঁতৰত ৰাখক, আৰু তোমাক এনেকুৱা কৰ্মৰ পৰা আঁতৰত ৰাখক যাৰ দ্বাৰা শত্ৰুসকলে আনন্দিত হয়। আনহাতে "তাছমিত"ৰ অৰ্থ হৈছেঃ আল্লাহে তোমাক সঠিক দিশৰ হিদায়ত দিয়ক।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

