HadeethEnc · 1.16.0
মানুহে নিজৰ বন্ধুৰ পথ অনুকৰণ কৰে। গতিকে তোমালোকৰ মাজৰ প্ৰত্যেকেই মনোযোগ দিয়া উচিত যে, সি কাক বন্ধুৰূপে গ্ৰহণ কৰিছে।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মানুহে নিজৰ বন্ধুৰ পথ অনুকৰণ কৰে। গতিকে তোমালোকৰ মাজৰ প্ৰত্যেকেই মনোযোগ দিয়া উচিত যে, সি কাক বন্ধুৰূপে গ্ৰহণ কৰিছে।"
02
Explanation
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, মানুহে তাৰ বন্ধুৰ তথা অন্তৰংগ সংগীৰ চৰিত্ৰ, অভ্যাস আদিৰ অনুকৰণ কৰে। এই বন্ধুত্বই তাৰ স্বভাৱ, চৰিত্ৰ আৰু চাল-চলনত প্ৰভাৱ পেলায়। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তম লোকক বন্ধু হিচাপে চয়ন কৰিবলৈ নিৰ্দেশনা দিছে। কাৰণ এনেকুৱা বন্ধুৱে ঈমান, হিদায়ত আৰু কল্যাণৰ পথ দেখুৱাব, যিটো তাৰ বন্ধুৰ বাবে সহায়ক হ'ব।
03
Benefits
সৎ লোকৰ সংগ অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এইদৰে অসৎ লোকৰ সংগ অৱলম্বন কৰিবলৈ নিষেধ কৰা হৈছে।
হাদীছটোত বন্ধুক নিৰ্দিষ্ট কৰা হৈছে, আত্মীয়ক নহয়। কাৰণ বন্ধুক আপুনি নিৰ্বাচন কৰিব পাৰে, আনহাতে আত্মীয়ক নিৰ্বাচন কৰিবলৈ আপোনাৰ কোনো ক্ষমতা নাই।
চাইচিতি সংগ অৱলম্বন কৰিব লাগে।
মুমিনসকলৰ সংগত থাকিলে মানুহৰ দ্বীন মজবুত হয়, আৰু ফাছিক্বসকলৰ সংগত থাকিলে দুৰ্বল হয়।
হাদীছটোত বন্ধুক নিৰ্দিষ্ট কৰা হৈছে, আত্মীয়ক নহয়। কাৰণ বন্ধুক আপুনি নিৰ্বাচন কৰিব পাৰে, আনহাতে আত্মীয়ক নিৰ্বাচন কৰিবলৈ আপোনাৰ কোনো ক্ষমতা নাই।
চাইচিতি সংগ অৱলম্বন কৰিব লাগে।
মুমিনসকলৰ সংগত থাকিলে মানুহৰ দ্বীন মজবুত হয়, আৰু ফাছিক্বসকলৰ সংগত থাকিলে দুৰ্বল হয়।
Attribution
[(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares

