افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4817[ছহীহ]
HadeethEnc · 1.16.0

বান্দাই যেতিয়া কোনো গুনাহ কৰাৰ পিছত কয়, হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সৰ্বশক্তিমান প্ৰতিপালক আল্লাহৰ পৰা বৰ্ণনা কৰিছে যে, মহান আল্লাহে কৈছেঃ বান্দাই যেতিয়া কোনো গুনাহ কৰাৰ পিছত কয়, হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে যে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। সেইজন বান্দাই পুনৰ গুনাহ কৰে আৰু আকৌ কয়ঃ হে মোৰ ৰব্ব! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে যে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। সেইজন বান্দাই পুনৰ গুনাহ কৰে আৰু আকৌ কয়ঃ হে মোৰ ৰব্ব! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। তেতিয়া মহান আল্লাহে কয়ঃ যোৱা যি ইচ্ছা কৰাগৈ, মই তোমাক ক্ষমা কৰি দিলোঁ।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ পৰা বৰ্ণনা কৰি কৈছে যে, যেতিয়া বান্দাই কোনো গুনাহ কৰে আৰু তাৰ পিছত কয়ঃ হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া, তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই গুনাহ কৰিছে আৰু সি জানে যে, তাৰ এজন ৰব্ব আছে যিয়ে গুনাহ ক্ষমা কৰে। ফলত আল্লাহে তাৰ গুনাহ গোপন ৰাখে আৰু ক্ষমা কৰি দিয়ে নাইবা অনুৰূপ শাস্তি প্ৰদান কৰি তাক মাফ কৰি দিয়ে। সেইজন বান্দাই পুনৰ গুনাহ কৰে, আৰু আকৌ আল্লাহৰ শৰনাপন্ন হয় আৰু কয়ঃ হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই গুনাহ কৰিছে আৰু সি জানে যে, তাৰ এজন ৰব্ব আছে যিয়ে গুনাহ ক্ষমা কৰে। ফলত আল্লাহে তাৰ গুনাহ গোপন কৰি ৰাখে আৰু তাক ক্ষমা কৰি দিয়ে নাইবা অনুৰূপ শাস্তি প্ৰদান কৰে আৰু কয়ঃ মোৰ বান্দাক মই ক্ষমা কৰি দিলোঁ। সেইজন বান্দাই পুনৰ গুনাহ কৰে, আৰু আকৌ আল্লাহৰ শৰনাপন্ন হয় আৰু কয়ঃ হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই গুনাহ কৰিছে আৰু সি জানে যে, তাৰ এজন ৰব্ব আছে যিয়ে গুনাহ ক্ষমা কৰে। ফলত আল্লাহে তাৰ গুনাহ গোপন কৰি ৰাখে আৰু তাক ক্ষমা কৰি দিয়ে নাইবা অনুৰূপ শাস্তি প্ৰদান কৰে আৰু কয়ঃ মোৰ বান্দাক মই ক্ষমা কৰি দিলোঁ। গতিকে যেতিয়ালৈকে সি গুনাহ কৰাৰ পিছত অনুতপ্ত হ'ব আৰু গুনাহ নকৰাৰ সংকল্প লব কিন্তু প্ৰবৃত্তিৰ প্ৰৱঞ্চনাৰ চিকাৰ হোৱাৰ কাৰণে গুনাহত বাৰে বাৰে লিপ্ত হয় তেতিয়ালৈকে আল্লাহে তাক স্বাধীনতা প্ৰদান কৰিব যে, তুমি যি ইচ্ছা সেইটোৱে কৰা। এতেকে যেতিয়ালৈকে সি গুনাহ কৰি অনুতপ্ত হৈ তাওবা কৰিব ময়ো তাক ক্ষমা কৰি যাম। কাৰণ তাওবাই পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়ে।
03

Benefits

বান্দাসকলৰ প্ৰতি মহান আল্লাহৰ এইটো অসীম ৰহমত যে, মানুহে যিমানেই গুনাহ নকৰক কিয়, যদি সি আন্তৰিকতাৰে তাওবা কৰে আৰু আল্লাহৰ ফালে উভতি আহে, তেন্তে আল্লাহেও তাক ক্ষমা কৰি দিয়ে।
মুমিন বান্দাই সদায় আল্লাহৰ ক্ষমাৰ অনুসন্ধানত থাকে আৰু তেওঁৰ শাস্তিক ভয় কৰে, ফলত মুমিন ব্যক্তিয়ে তাওবা কৰাৰ ক্ষেত্ৰত পলম নকৰে আৰু গুনাহৰ ওপৰতো অটল নাথাকে।
সঠিক তাওবাৰ চৰ্তসমূহঃ গুনাহ পৰিত্যাগ কৰা, অনুতপ্ত হোৱা, আৰু পুনৰ গুনাহত লিপ্ত নোহোৱাৰ সংকল্প লোৱা। কিন্তু যদি গুনাহটো কোনো বান্দাৰ প্ৰতি অন্যায়-অত্যাচাৰ কৰা সম্পৰ্কীয় হয় যেনে- কাৰোবাৰ ধন-সম্পদ আত্মসাৎ কৰা, অথবা কাৰোবাৰ সন্মান হানি কৰা আৰু কাৰোবাক ক্ষতি কৰা তেন্তে চতুৰ্থ চৰ্ত হৈছেঃ যাৰ অধিকাৰ খৰ্ব কৰা হৈছে তাক তাৰ সেই অধিকাৰ ঘূৰাই দিয়া নাইবা মীমাংসা কৰা।
আল্লাহ সম্পৰ্কে জ্ঞান অৰ্জন কৰাৰ গুৰুত্ব, যাৰ ফলত বান্দা দ্বীনি বিষয় সম্পৰ্কে জ্ঞাত হয়। ফলত বান্দাই যেতিয়াই গুনাহ কৰে তেতিয়াই তাওবা কৰে। ফলত সি নিৰাশ নহয় আৰু গুনাহৰ ওপৰত অটলো নাথাকে।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...