মোৰ সন্মুখত জান্নাত আৰু জাহান্নামক উপস্থাপন কৰা হৈছিল। আজিৰ দৰে ভাল আৰু বেয়া কোনো দিনেই মই দেখা নাছিলোঁ। মই যি গম পাইছোঁ, সেয়া যদি তোমালোকে গম পালাহেঁতেন তেন্তে তোমালোকে খুবেই কম হাঁহিলাহেঁতেন আৰু বেছিভাগ সময়তে কান্দিলাহেঁতেন।
Choose an available translation of this Hadeeth
Hadeeth text
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ বিষয়ে কিবা শুনা পাই ভাষণ প্ৰদান কৰি ক'লে: "মোৰ সন্মুখত জান্নাত আৰু জাহান্নামক উপস্থাপন কৰা হৈছিল। আজিৰ দৰে ভাল আৰু বেয়া কোনো দিনেই মই দেখা নাছিলোঁ। মই যি গম পাইছোঁ, সেয়া যদি তোমালোকে গম পালাহেঁতেন তেন্তে তোমালোকে খুবেই কম হাঁহিলাহেঁতেন আৰু বেছিভাগ সময়তে কান্দিলাহেঁতেন।" বৰ্ণনাকাৰীয়ে কৈছেঃ চাহাবীসকলৰ ওপৰত সেই দিনটোতকৈ কঠিন দিন আৰু অহা নাছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ (কথাষাৰ শুনি) তেওঁলোকে নিজৰ মূৰ ঢাকি লৈছিল আৰু হুক হুকাই কান্দি আছিল। ইয়াৰ পিছত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে থিয় হৈ ক'লেঃ আমি আল্লাহক ৰব্ব হিচাপে, ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে পাই সন্তুষ্ট হৈছোঁ। বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত এজন ব্যক্তিয়ে থিয় হৈ তেখেতক প্ৰশ্ন কৰিলেঃ মোৰ পিতা কোন? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তোমাৰ পিতা হৈছে অমুক ব্যক্তি।" ইয়াৰ পিছত এই আয়াত অৱতীৰ্ণ হ'লঃ "হে মুমিনসকল! তোমালোকে এনে কোনো বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে তোমালোকে কষ্ট পাবা।" (ছুৰা আল-মায়িদাহঃ ১০১)
Explanation
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰত কৈছিল যে, "অমুক ব্যক্তি হৈছে তোমাৰ পিতা।" ইয়াৰ পিছত এই আয়াত অৱতীৰ্ণ হৈছিলঃ "হে মুমিনসকল! তোমালোকে এনে কোনো বিষয়ে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে সেয়া তোমালোকক কষ্ট দিব।" (ছুৰা মায়িদাহঃ ১০১)
Benefits
চাহাবাসকলে ওৱাজ নছিহত শুনিলে প্ৰভাৱিত হৈছিল। লগতে সৰ্বশক্তিমান আল্লাহৰ শাস্তিক অত্যন্ত ভয় কৰিছিল।
কান্দা কটা কৰাৰ সময়ত মূৰ ঢাকি লোৱা মুস্তাহাব।
খাত্তাবীয়ে কৈছেঃ এই হাদীছটো সেইসকল লোকৰ বিষয়ে, যিসকলে অপ্ৰয়োজনীয় বিৰক্তিকৰ প্ৰশ্ন এনেয়ে সুধি থাকে, যিবোৰৰ কোনো দৰকাৰ নাই। আনহাতে প্ৰয়োজনীয় তথা কোনো সমস্যাৰ সন্মুখীন হোৱা বিষয় এটা সম্পৰ্কে প্ৰশ্ন কৰাত কোনো বাধা নাই। এনেকুৱা বিষয়ে প্ৰশ্ন কৰাত কোনো গুনাহ নাই।
আল্লাহৰ আনুগত্যত দৃঢ়ভাৱে অটল থাকিবলৈ আৰু গুনাহৰ পৰা আঁতৰত থাকিবলৈ, এইদৰে আল্লাহৰ সীমা অতিক্ৰম নকৰিবলৈ উৎসাহিত কৰা হৈছে।
ওৱাজ নছিহত আৰু শিক্ষা দিয়াৰ ক্ষেত্ৰত ক্ৰোধান্বিত হোৱাটো বৈধ।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

