“হে মোৰ বান্দাসকল! মই মোৰ ওপৰত অন্যায়-অত্যাচাৰক হাৰাম কৰি লৈছোঁ, আৰু তোমালোকৰ মাজতো ইয়াক হাৰাম কৰিছোঁ। গতিকে তোমালোকেও ইজনে সিজনক অন্যায় নকৰিবা।
Choose an available translation of this Hadeeth
Hadeeth text
আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আবু জৰ গিফাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মহান প্ৰতিপালক আল্লাহৰ পৰা বৰ্ণনা কৰি কৈছে যে, মহান আল্লাহে কৈছে, “হে মোৰ বান্দাসকল! মই মোৰ ওপৰত অন্যায়-অত্যাচাৰক হাৰাম কৰি লৈছোঁ, আৰু তোমালোকৰ মাজতো ইয়াক হাৰাম কৰিছোঁ। গতিকে তোমালোকেও ইজনে সিজনক অন্যায় নকৰিবা। হে মোৰ বান্দাসকল! তোমালোক আটায়েই পথভ্রষ্ট; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই সঠিক পথ দেখুৱাইছোঁ (অৰ্থাৎ হিদায়ত প্ৰদান কৰিছোঁ)। গতিকে তোমালোকে মোৰ ওচৰত হিদায়ত কামনা কৰা, ময়ে তোমালোকক সঠিক পথ দেখুৱাম। হে মোৰ বান্দাসকল! তোমালোক সকলোৱে ক্ষুধাৰ্ত; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই পানাহাৰ কৰাওঁ। গতিকে তোমালোকে মোৰ ওচৰতেই পানাহাৰ বিচৰা, ময়ে তোমালোকক খুৱাম। হে মোৰ বান্দাসকল! তোমালোক সকলোৱে বস্ত্রহীন; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই বস্ত্র দান কৰিছোঁ। গতিকে তোমালোকে মোৰ ওচৰত বস্ত্র বিচৰা, মই তোমালোকক বস্ত্রদান কৰিম। হে মোৰ বান্দাসকল! তোমালোকে দিনে-ৰাতি পাপ কৰি থাকা আৰু ময়েই তোমালোকৰ সকলো পাপ ক্ষমা কৰি দিওঁ। গতিকে তোমালোকে কেৱল মোৰ ওচৰতেই ক্ষমা প্রার্থনা কৰা, নিশ্চয় মই তোমালোকক ক্ষমা কৰি দিম। হে মোৰ বান্দাসকল! তোমালোকে কেতিয়াও মোৰ একো ক্ষতি কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। হে মোৰ বান্দাসকল! যদি তোমালোকৰ মাজৰ প্ৰত্যেকেই প্রথমৰ পৰা শেষলৈকে, জ্বিন হওক অথবা মানুহ, তোমালোক সকলোৱে যদি তোমালোকৰ মাজৰ আটাইতকৈ মুত্তাক্বী ব্যক্তিৰ নিচিনা মুত্তাক্বী হৈ যোৱা, তথাপিও মোৰ ৰাজত্বৰ একো বৃদ্ধি নহ’ব। হে মোৰ বান্দাসকল! আনহাতে যদি তোমালোকৰ মাজৰ প্ৰত্যেকেই প্রথমৰ পৰা শেষলৈকে মানৱ আৰু জ্বিন সকলোৱে যদি তোমালোকৰ মাজৰ আটাইতকৈ ডাঙৰ পাপীৰ দৰে হৈ পৰে, তথাপিও এইটোৱে মোৰ ৰাজত্বৰ একো হ্ৰাস কৰিব নোৱাৰিব। হে মোৰ বান্দাসকল! যদি তোমালোকৰ প্রথম প্রজন্মৰ পৰা শেষ প্রজন্মলৈকে মানৱ আৰু জ্বিন সকলোৱে মিলি এখন পথাৰত একত্রিত হৈ মোৰ ওচৰত প্রার্থনা কৰা, আৰু মই যদি তোমালোকৰ প্রত্যেককে তাৰ বিচৰা বস্তুটো দান কৰোঁ, তথাপিও (এই দানে) মোৰ ওচৰত থকা ভাণ্ডাৰৰ কেৱল সেইখিনিয়ে হ্ৰাস কৰিবলৈ সক্ষম হ’ব, এটা বেজি সাগৰৰ পানীত ডুবালে সাগৰৰ পানীৰ পৰা যিমানখিনি হ্ৰাস হয়। হে মোৰ বান্দাসকল! নিশ্চয় মই তোমালোকৰ কর্মসমূহ হিচাপ কৰি ৰাখিছোঁ। এতেকে মই তোমালোকক ইয়াৰ পৰিপূৰ্ণ বিনিময় দান কৰিম। এতেকে যিয়ে কল্যাণ লাভ কৰিব, তেওঁ আল্লাহৰ প্রশংসা কৰা উচিত। আৰু যিয়ে ইয়াৰ বিপৰীতটো (অর্থাৎ অকল্যাণ) লাভ কৰিব, সি নিজকেই তিৰস্কাৰ কৰা উচিত।”
Explanation
মহান আল্লাহে বান্দাৰ আমল সংৰক্ষণ কৰি ৰাখে আৰু হিচাপ কৰি ৰাখে। ইয়াৰ পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক ইয়াৰ পৰিপূৰ্ণ প্ৰতিদান প্ৰদান কৰিব। যিয়ে সিদিনা নিজৰ কৰ্মৰ ভাল প্ৰতিদান লাভ কৰিব, তেওঁ আল্লাহৰ প্ৰশংসা কৰিব, কাৰণ তেৱেঁই তাক আনুগত্য কৰাৰ তাওফীক দান কৰিছিল। আনহাতে যিয়ে নিজৰ কৰ্মৰ বেয়া প্ৰতিফল লাভ কৰিব, সি নিজকে ভৰ্ৎসনা কৰিব, কাৰণ তাৰ বেয়া প্ৰবৃত্তিয়ে তাক ধ্বংসৰ পথ দেখুৱাইছিল।
Benefits
বান্দাই যি জ্ঞান অৰ্জন কৰে অথবা হিদায়ত লাভ কৰে, সেই হিদায়ত আৰু শিক্ষা আল্লাহৰ পৰাই লাভ কৰে।
বান্দাই যি কল্যাণ অৰ্জন কৰে সেইটো আল্লাহৰেই অনুগ্ৰহ। আনহাতে বান্দাই যি অকল্যাণৰ সন্মুখীন হয়, সেয়া সি নিজৰ দোষতে হয়।
যিয়ে সৎকৰ্ম কৰে, সি আল্লাহৰ তাওফীকতে কৰে আৰু ইয়াৰ প্ৰতিফলো আল্লাহৰ অনুগ্ৰহতে লাভ কৰিব, গতিকে প্ৰশংসা কেৱল আল্লাহৰেই। আনহাতে যিয়ে অসৎকৰ্ম কৰে, সি নিজকেই ভৰ্ৎসনা কৰিব।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

