افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4725[ছহীহ]
HadeethEnc · 1.16.0

মই যেতিয়া কোনো বিষয়ত তোমালোকক নিষেধ কৰোঁ, তেতিয়া তোমালোকে সেইটোৰ পৰা বিৰত থাকিবা, আৰু যদি কোনো বিষয়ৰ আদেশ দিওঁ তেন্তে সেইটো সাধ্যানুসাৰে বাস্তৱায়ন কৰিবা। কিয়নো তোমালোকৰ পূৰ্বৱৰ্তী লোকসকলে নবীসকলক বেছি বেছি প্রশ্ন কৰাৰ বাবে আৰু নবীসকলৰ লগত মতভেদ কৰাৰ বাবেই ধ্বংস হৈছিল।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ: “মই যেতিয়া কোনো বিষয়ত তোমালোকক নিষেধ কৰোঁ, তেতিয়া তোমালোকে সেইটোৰ পৰা বিৰত থাকিবা, আৰু যদি কোনো বিষয়ৰ আদেশ দিওঁ তেন্তে সেইটো সাধ্যানুসাৰে বাস্তৱায়ন কৰিবা। কিয়নো তোমালোকৰ পূৰ্বৱৰ্তী লোকসকলে নবীসকলক বেছি বেছি প্রশ্ন কৰাৰ বাবে আৰু নবীসকলৰ লগত মতভেদ কৰাৰ বাবেই ধ্বংস হৈছিল।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)।
02

Explanation

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক নিৰ্দেশনা দিছে যে, যদি তেওঁ আমাক কোনো বিষয়ত নিষেধ কৰে তেন্তে কোনো ধৰণৰ আপত্তি নকৰাকৈ সেই নিষেধাজ্ঞাৰ ওপৰত আমল কৰাটো আমাৰ বাবে অনিবাৰ্য। আনহাতে যদি তেওঁ আমাক কোনো বিষয়ৰ নির্দেশ দিয়ে তেনেহ’লে সাধ্যানুসাৰে সেইটো পালন কৰা আমাৰ বাবে আৱশ্যক। ইয়াৰ পিছত তেওঁ আমাক সতর্ক কৰিছে যে, আমি যেন পূর্বৱর্তী কিছুমান উম্মতৰ দৰে নহওঁ, যিসকলে সিহঁতৰ নবীসকলক অধিক প্রশ্ন কৰিছিল আৰু তেওঁলোকৰ সৈতে বিৰোধিতা কৰিছিল। ফলত আল্লাহে সিহঁতক বিভিন্ন ধৰণৰ ধ্বংস আৰু আজাবৰ দ্বাৰা শাস্তি বিহিছিল। এতেকে আমাৰ উচিৎ, আমি যেন সিহঁতৰ দৰে নহওঁ। কাৰণ সিহঁতে যিদৰে ধ্বংস হৈছে, সেইদৰে যেন আমিও ধ্বংস নহওঁ।
03

Benefits

আদেশসমূহ বাস্তৱায়ন কৰিবলৈ আৰু নিষেধসমূহৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।
নিষিদ্ধ বিষয়সমূহৰ ক্ষেত্রত কোনো অৱকাশ নাই। আনহাতে আদেশসমূহ বাস্তৱায়নৰ ক্ষেত্রত সক্ষমতা জৰুৰী। কিয়নো পৰিত্যাগ কৰিবলৈ কোনো সক্ষমতাৰ প্ৰয়োজন নহয়। পক্ষান্তৰে কোনো কাম কৰিবলৈ সক্ষমতাৰ প্রয়োজন হয়।
অধিক হাৰত প্রশ্ন কৰিবলৈ নিষিদ্ধ কৰা হৈছে। উলামাসকলে প্রশ্নক দুইভাগত বিভক্ত কৰিছে। প্রথম: দ্বীনৰ প্রয়োজনীয় বিষয়সমূহ শিকিবলৈ প্রশ্ন কৰা, এইটো কৰাত কোনো অসুবিধা নাই, চাহাবাসকলেও এনেকুৱাই প্রশ্ন কৰিছিল। আৰু দ্বিতীয় প্রকাৰটো হৈছে, কৃত্রিম তথা বিৰক্তিকৰ আৰু অহংকাৰবশতঃ কৰা প্ৰশ্ন, এই ধৰণৰ প্রশ্ন কৰা নিষিদ্ধ।
এই উম্মতক তেওঁলোকৰ নবীৰ বিৰোধিতা কৰিবলৈ নিষেধ কৰা হৈছে, যিদৰে পূৰ্বৱৰ্তী উম্মতসকলে কৰিছিল।
নিষিদ্ধৰ ভিতৰত কম আৰু বেছি দুয়োটাই অন্তৰ্ভুক্ত। কিয়নো নিষেধাজ্ঞাৰ ওপৰত আমল কৰা তেতিয়াহে সাব্যস্ত হ’ব যেতিয়া কম হওক বা বেছি গোটেই নিষিদ্ধ বস্তুৰ পৰা বিৰত থাকিব। উদাহৰণস্বৰূপে আমাক সুতৰ পৰা নিষেধ কৰিছে। গতিকে সুত কম হওক বা বেছি গোটেই প্ৰক্ৰিয়াটো ইয়াৰ অন্তৰ্ভুক্ত।
হাৰামৰ পিনে লৈ যোৱা উপকৰণ পৰিত্যাগ কৰিব লাগিব। কাৰণ এইটোও বিৰত থকাৰ ভিতৰত পৰে।
মানুহৰ সক্ষমতা আৰু সামৰ্থ আছে। সেইকাৰণেই তেখেতে কৈছে, “তোমালোকৰ সক্ষমতানুযায়ী।” এই বাক্যটো জাব্ৰীয়াসকলৰ ধাৰণাক খণ্ডন কৰিবলৈ যথেষ্ট, যিসকলে কয়, মানুহৰ কোনো ক্ষমতা নাই, সিহঁত কাম কৰিবলৈ বাধ্য। আনকি যেতিয়া কোনো মানুহে কথা কোৱাৰ বাবে হাত লৰচৰ কৰে তেতিয়াও সিহঁতে কয়: মানুহে নিজৰ ক্ষমতাত হাত লৰচৰ কৰা নাই। বৰং সি বাধ্য। নিঃসন্দেহে এনেকুৱা ধাৰণা বাতিল। বৰং ইয়াৰ ডাঙৰ ক্ষতিকৰ দিশ আছে।
ৰাছুলৰ নির্দেশ শুনাৰ পিছত কোনো মানুহৰ বাবেই এই কথা কোৱা উচিত নহয় যে, এইটো ওৱাজিব নে মুস্তাহাব? কাৰণ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে সক্ষম অনুযায়ী সেইটো পালন কৰা।
কিয়নো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যিটো পালন কৰিবলৈ আদেশ কৰিছে আৰু যিটোৰ পৰা নিষেধ কৰিছে, সেইটোৱে চৰীয়ত। সেইটো কোৰআনত উল্লেখ থাকক বা নাথাকক। তেতিয়া হাদীছৰ ওপৰত আমল কৰিব লাগিব, আদেশ হওক অথবা নিষেধ।
অধিক প্রশ্ন কৰাটো হৈছে ধ্বংসৰ কাৰণ। বিশেষকৈ এনেকুৱা কোনো বিষয়ত অধিক প্রশ্ন কৰা, যাৰ প্ৰকৃত অৱস্থা জনাটো সম্ভৱ নহয়। উদাহৰণস্বৰূপে গাইবী মাছাঈলসমূহ, আল্লাহৰ নাম আৰু তেওঁৰ ছিফাতসমূহৰ বিষয়ে আৰু কিয়ামতৰ অৱস্থা সম্পৰ্কে। এইবোৰৰ বিষয়ে অধিক প্ৰশ্ন নকৰিবা অন্যথা তুমি ধ্বংস হ’বা, আৰু সীমালঙ্ঘনকাৰী হিচাপে পৰিগণিত হ’বা।
পূৰ্বৱৰ্তী উম্মতসকলে অধিক প্রশ্ন কৰাৰ কাৰণে আৰু সিহঁতৰ নবীসকলৰ সৈতে মতানৈক্য কৰাৰ কাৰণে ধ্বংস হৈছে।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...