افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3557[ছহীহ]
HadeethEnc · 1.16.0

হে আল্লাহৰ ৰাছুল! কোনোবাই যদি মোৰ সম্পদ কাঢ়ি নিবলৈ চেষ্টা কৰে তেন্তে মই কি কৰা উচিত?

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি সুধিলেঃ হে আল্লাহৰ ৰাছুল! কোনোবাই যদি মোৰ সম্পদ কাঢ়ি নিবলৈ চেষ্টা কৰে তেন্তে মই কি কৰা উচিত? তেখেতে ক'লেঃ "তুমি তাক তোমাৰ সম্পদ নিদিবলৈ চেষ্টা কৰিবা।" ব্যক্তিজনে ক'লেঃ সি যদি মোক মাৰধৰ কৰে? তেখেত ক'লেঃ "তেন্তে তুমিও মাৰধৰ কৰিবা"। তেওঁ ক'লেঃ সি যদি মোক মাৰি পেলায়? তেখেতে ক'লেঃ "তেন্তে তুমি শ্বহীদ হিচাপে গণ্য হ'বা"। তেওঁ ক'লেঃ আৰু যদি সি মোৰ হাতত নিহত হয়? তেখেতে ক'লেঃ "তেন্তে সি জাহান্নামত নিক্ষিপ্ত হ'ব।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এজন ব্যক্তি আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! যদি কোনো ব্যক্তিয়ে মোৰ সম্পদ কাঢ়ি নিবলৈ চেষ্টা কৰে, তেন্তে মই কি কৰা উচিত? তেখেতে ক'লেঃ তুমি আত্মসমৰ্পণ নকৰিবা আৰু তোমাৰ সম্পদো তাক গতাই নিদিবা। তেওঁ আকৌ সুধিলেঃ সি যদি মোৰ সৈতে কাজিয়া কৰে তথা মাৰপিট কৰে? তেখেতে ক'লেঃ তেন্তে তুমিও কাজিয়া কৰিবা, মাৰধৰ কৰিবা, এইটো তোমাৰ বাবে বৈধ? তেওঁ পুনৰ সুধিলেঃ সি যদি মোক হত্যা কৰে? তেখেতে ক'লেঃ তেন্তে তুমি শ্বহীদ হ'বা। তেওঁ আকৌ সুধিলেঃ আনহাতে মই যদি তাক হত্যা কৰোঁ? তেখেতে ক'লেঃ তেন্তে সি কিয়ামতৰ দিনা জাহান্নামৰ শাস্তি পোৱাৰ উপযুক্ত হিচাপে গণ্য হ'ব।
03

Benefits

ইমাম নাৱাৱীয়ে কৈছেঃ নাৰীসকলক ৰক্ষা কৰা ওৱাজিব, এই ক্ষেত্ৰত কোনো মতভেদ নাই। আমাৰ মজহাব আৰু অন্যান্য মজহাব মতে কাৰোবাক হত্যা কৰি জীৱন ৰক্ষাৰ বিষয়টোত মতভেদ আছে। সম্পত্তি ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিৰোধ গঢ়ি তোলাটো হৈছে জায়েজ, ওৱাজিব নহয়।
হাদীছটোৱে প্ৰমাণ কৰে যে, আমলৰ আগত ইল্ম অৰ্জন কৰা জৰুৰী। যিদৰে এই চাহাবীজনে আমলৰ আগতেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিছিল যে, তেওঁ কি কৰিব লাগিব।
আক্ৰমণকাৰীৰ সৈতে হতাহতি কৰাৰ আগতে উপদেশ দিয়া উচিত অথবা সহায়ৰ বাবে বেলেগক আহ্বান কৰা উচিত, তথাপিও যদি সি আক্ৰমণ কৰে তেন্তে হত্যাৰ উদ্দেশ্য পোষণ নকৰি কেৱল প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰা উচিত।
মুছলিমৰ তেজ, ধন-সম্পদ আৰু মান-সন্মান আদি হৈছে পৱিত্ৰ, এই পৱিত্ৰতা লংঘন কৰাটো হাৰাম।
ইমাম নাৱাৱী কৈছেঃ জানি থওক, শ্বহীদ হৈছে তিনি প্ৰকাৰ। তাৰে এটা হৈছে, কাফিৰসকলৰ সৈতে হোৱা যুদ্ধত নিহত ব্যক্তি, এনেকুৱা ব্যক্তি আখিৰাতত ছোৱাব অৰ্জনৰ ক্ষেত্ৰত আৰু পৃথিৱীত তাৰ ওপৰত শ্বহীদৰ বিধান প্ৰযোজ্য হোৱাৰ ক্ষেত্ৰতো শ্বহীদ হিচাপে গণ্য হ'ব। অৰ্থাৎ এনেকুৱা ব্যক্তিক গোছল কৰোৱাও নহ'ব আৰু তাৰ জানাজাৰ নামাজো পঢ়া নহ'ব। দ্বিতীয়জন হৈছে, ছোৱাবৰ ফালৰ পৰা শ্বহীদ, কিন্তু পাৰ্থিৱ বিধানৰ ক্ষেত্ৰত নহয়। যেনে- পেটৰ বেমাৰ হৈ মৃত্যুবৰণ কৰা ব্যক্তি, মহামাৰীত মৃত্যুবৰণ কৰা ব্যক্তি, কোনো বস্তুৰ তলত পৰি মৃত্যুবৰণ কৰা ব্যক্তি, নিজৰ সম্পত্তি ৰক্ষা কৰিবলৈ নিহত হোৱা ব্যক্তি, ইয়াৰ উপৰিও যিসকলক ছহীহ হাদীছত শ্বহীদ হিচাপে উল্লেখ কৰা হৈছে। এনেকুৱা লোকক গোছল কৰোৱা হ'ব আৰু জানাজাও পঢ়া হ'ব, তেওঁলোকে কেৱল আখিৰাতত ছোৱাব অৰ্জনৰ ক্ষেত্ৰত শ্বহীদ। প্ৰথম প্ৰকাৰ শ্বহীদৰ দৰেই যে এওঁলোকে ছোৱাব লাভ কৰিব এইটো জৰুৰী নহয়। তৃতীয় প্ৰকাৰ হৈছে, যিয়ে যুদ্ধলব্ধ সম্পদত বিশ্বাসঘাতকতা কৰিছে, এনেকুৱা ব্যক্তি কাফিৰসকলৰ সৈতে হোৱা যুদ্ধত নিহত হ'লেও শ্বহীদ হিচাপে গণ্য নহ'ব বুলি হাদীছত উল্লেখ হৈছে। কিন্তু এই পৃথিৱীত তাৰ ওপৰত শ্বহীদৰ বিধানেই প্ৰযোজ্য হ'ব, যেনে- তাক গোছল কৰোৱা নহ'ব, জানাজা পঢ়া নহ'ব, লগতে আখিৰাতত এনেকুৱা ব্যক্তিয়ে পূৰ্ণাংগ ছোৱাবো অৰ্জন নকৰিব।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...