আল্লাহে তোমালোকৰ বাবে এনে বস্তু ৰখা নাইনে যে, তোমালোকে ছাদাকাহ কৰিব পাৰিবা? প্ৰত্যেক তাছবীহ (ছুবহান আল্লাহ) পাঠ হৈছে ছাদাকাহ, প্ৰত্যেক তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহলীল (লা ইলা-হা ইল্লাল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক ভাল কামৰ আদেশ দিয়াটো হৈছে ছাদাকাহ আৰু বেয়া কামৰ পৰা বিৰত কৰাটোও হৈছে ছাদাকাহ, আৰু তোমালোকৰ প্ৰত্যেকে নিজৰ স্ত্ৰীৰ লগত সহবাস কৰাটোও হৈছে ছাদাকাহ।
Choose an available translation of this Hadeeth
Hadeeth text
আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, "হে আল্লাহৰ ৰাছুল! বিত্তবান লোকসকলে প্ৰতিফল আৰু ছোৱাবৰ দিশত আগুৱাই গৈছে। আমি যেনেকৈ ছালাত আদায় কৰোঁ তেওঁলোকেও সেইদৰেই ছালাত আদায় কৰে, আমি যিদৰে ছওম পালন কৰোঁ তেওঁলোকেও সেই দৰেই ছওম পালন কৰে, লগতে তেওঁলোকে প্ৰয়োজনৰ অতিৰিক্ত অৰ্থ ছাদাকাহ কৰে। তেখেতে ক’লে: "আল্লাহে তোমালোকৰ বাবে এনে বস্তু ৰখা নাইনে যে, তোমালোকে ছাদাকাহ কৰিব পাৰিবা? প্ৰত্যেক তাছবীহ (ছুবহান আল্লাহ) পাঠ হৈছে ছাদাকাহ, প্ৰত্যেক তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহলীল (লা ইলা-হা ইল্লাল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক ভাল কামৰ আদেশ দিয়াটো হৈছে ছাদাকাহ আৰু বেয়া কামৰ পৰা বিৰত কৰাটোও হৈছে ছাদাকাহ, আৰু তোমালোকৰ প্ৰত্যেকে নিজৰ স্ত্ৰীৰ লগত সহবাস কৰাটোও হৈছে ছাদাকাহ।" তেওঁলোকে সুধিলে: হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কোনোবাই যেতিয়া যৌন আকাংক্ষা সহকাৰে স্ত্ৰীৰ লগত সম্ভোগ কৰে, তথাপিও সি ছোৱাব পাবনে?
তেখেতে ক’লে: "তোমালোকে এই বিষয়ে কি কোৱা, যেতিয়া সি হাৰাম পদ্ধতিত সেয়া সম্পাদন কৰে, তেতিয়া সি গুনাহগাৰ নহ’বনে? এতেকে সেইদৰে যেতিয়া সি সেই কৰ্ম বৈধভাৱে কৰে তেতিয়া সি তাৰ বাবে প্ৰতিফল আৰু ছোৱাব পাব।"
Explanation
Benefits
নেক আমলৰ বহুতো প্ৰকাৰ আছে। এজন মুছলিমে সঠিক নিয়্যত আৰু সৎ উদ্দেশ্যৰে কৰা প্ৰতিটো কামেই হৈছে নেক আমল।
ইছলাম অত্যন্ত সহজ তথা সৰল পথ। প্ৰতিজন মুছলিমেই কিবা নহয় কিবা এটাৰ জৰিয়তে আল্লাহৰ আনুগত্য কৰিব পাৰে।
ইমাম নাৱাৱীয়ে কৈছেঃ এই হাদীছটোৱে প্ৰমাণ কৰে যে, মুবাহ কৰ্ম এটা সৎ নিয়্যতেৰে কৰিলে সেইটোও নেক কৰ্মত পৰিণত হয়। সেয়ে স্ত্ৰীৰ সৈতে কৰা যৌন মিলনো ইবাদতত পৰিণত হয়, যেতিয়া স্ত্ৰীৰ হক আদায় কৰাৰ নিয়্যতেৰে যৌন মিলন কৰা হয় আৰু তাইৰ সৈতে উত্তম আচৰণৰ নিয়্যতেৰে কৰা হয়, কাৰণ আল্লাহে ইয়াৰ নিৰ্দেশ দিছে। অথবা নেক সন্তান লাভৰ উদ্দেশ্যে কৰা হয়, নাইবা নিজৰ নফছ পৱিত্ৰ ৰখাৰ উদ্দেশ্য কৰা হয়, বা স্ত্ৰীৰ নফছ পৱিত্ৰ ৰখাৰ উদ্দেশ্যে কৰা হয় আৰু উভয়ে হাৰাম দৃষ্টিৰ পৰা, অথবা হাৰাম চিন্তা-ধাৰাৰ পৰা নাইবা এনেকুৱা গুনাহত পতিত হোৱাৰ পৰা ৰক্ষা পাবলৈ কৰে। ইয়াৰ বাহিৰেও অন্যান্য যিকোনো সৎ উদ্দেশ্যে কৰে।
উপমা বা উদাহৰণৰ জৰিয়তে বুজাই দিয়া, যাতে শ্ৰৱণকাৰীয়ে সহজে বুজিব পাৰে আৰু মনত ৰাখিব পাৰে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

