افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4322[ছহীহ]
HadeethEnc · 1.16.0

“নিশ্চয় আল্লাহে পাপ-পুণ্য লিপিবদ্ধ কৰি ৰাখিছে। ইয়াৰ পিছত তেওঁ ইয়াৰ ব্যাখ্যাও কৰি দিছে। যি ব্যক্তিয়ে কোনো নেকী কৰাৰ সংকল্প কৰিছে; কিন্তু সেইটোক কৰ্মত বাস্তৱায়িত কৰিব পৰা নাই, মহান আল্লাহে তাৰ বাবে (কেৱল নিয়ত কৰাৰ বিনিময়তে) এটি সম্পূৰ্ণ নেকী লিখি দিয়ে, আৰু যদি সি সেই সংকল্পটোক কৰ্মত পৰিণত কৰে, তেনেহ'লে আল্লাহে ইয়াৰ বিনিময়ত তাক দহৰ পৰা সাতশ গুণ পৰ্যন্ত; আনকি তাতকৈও অধিক গুণ বেছি নেকী লিখি দিয়ে। আনহাতে যদি কোনোবাই কোনো এটা পাপ কৰ্ম কৰাৰ সংকল্প কৰে; আৰু যদি সি সেইটোক কৰ্মত পৰিণত নকৰে, তেনেহ'লে আল্লাহে তাৰ বাবে এটা পূৰ্ণ নেকী লিখি দিয়ে। আনহাতে যদি সি সংকল্প কৰাৰ পিছত সেইটোক কৰ্মত পৰিণত কৰে, তেনেহ'লে আল্লাহে ইয়াৰ ফলত কেৱলমাত্র এটাই পাপ লিপিবদ্ধ কৰে।”

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত নবী চাল্লাল্লাহ আলাইহি অছাল্লামে সৰ্বশক্তিমান আল্লাহৰ পৰা বৰ্ণনা কৰি কৈছেঃ মহান আল্লাহে কৈছেঃ “নিশ্চয় আল্লাহে পাপ-পুণ্য লিপিবদ্ধ কৰি ৰাখিছে। ইয়াৰ পিছত তেওঁ ইয়াৰ ব্যাখ্যাও কৰি দিছে। যি ব্যক্তিয়ে কোনো নেকী কৰাৰ সংকল্প কৰিছে; কিন্তু সেইটোক কৰ্মত বাস্তৱায়িত কৰিব পৰা নাই, মহান আল্লাহে তাৰ বাবে (কেৱল নিয়ত কৰাৰ বিনিময়তে) এটি সম্পূৰ্ণ নেকী লিখি দিয়ে, আৰু যদি সি সেই সংকল্পটোক কৰ্মত পৰিণত কৰে, তেনেহ'লে আল্লাহে ইয়াৰ বিনিময়ত তাক দহৰ পৰা সাতশ গুণ পৰ্যন্ত; আনকি তাতকৈও অধিক গুণ বেছি নেকী লিখি দিয়ে। আনহাতে যদি কোনোবাই কোনো এটা পাপ কৰ্ম কৰাৰ সংকল্প কৰে; আৰু যদি সি সেইটোক কৰ্মত পৰিণত নকৰে, তেনেহ'লে আল্লাহে তাৰ বাবে এটা পূৰ্ণ নেকী লিখি দিয়ে। আনহাতে যদি সি সংকল্প কৰাৰ পিছত সেইটোক কৰ্মত পৰিণত কৰে, তেনেহ'লে আল্লাহে ইয়াৰ ফলত কেৱলমাত্র এটাই পাপ লিপিবদ্ধ কৰে।”
02

Explanation

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এই কথা উল্লেখ কৰিছে যে, আল্লাহে গুনাহ আৰু নেকী পূৰ্বেই নিৰ্ধাৰণ কৰি ৰাখিছে, ইয়াৰ পিছত তেখেতে এই কথাও উল্লেখ কৰিছে যে, লিপিবদ্ধকাৰী ফিৰিস্তাদুজনে সেইবোৰক কেনেকৈ লিখিব।

এতেকে যিয়ে কোনো নেক কাম কৰাৰ ইচ্ছা কৰে তথা সংকল্প কৰে, লগে লগে ইয়াৰ বিনিময়ত এটা নেকী লিপিবদ্ধ কৰা হয়, যদিও সি সেই কামটো কৰা নাই। কিন্তু যদি সেই সংকল্পটোক কৰ্মত পৰিণত কৰে তেন্তে দহৰ পৰা সাতশ গুণ পৰ্যন্ত তাৰ নেকী বৃদ্ধি কৰা হয়, আনকি তাতকৈও অধিক। এই বৃদ্ধি তাৰ অন্তৰত থকা তাক্বৱা আৰু ইখলাচ তথা আনক উপকাৰ কৰা অনুপাতে বৃদ্ধি কৰা হয়।

এইদৰে যিয়ে কোনো গুনাহ কৰাৰ ইচ্ছা পোষণ কৰিব, তাৰ পিছত আল্লাহৰ কথা মনত পেলাই সি যদি সেই কামটোক পৰিত্যাগ কৰে, তেন্তে ইয়াৰ বিনিময়ত তাৰ বাবে এটা পৰিপূৰ্ণ নেকী লিখা হ'ব। কিন্তু যদি কোনো ব্যস্ততাৰ কাৰণে সেই ইচ্ছাক কৰ্মত পৰিণত কৰিব নোৱাৰে তেন্তে তাক ছোৱাব প্ৰদান কৰা নহয়, আনহাতে যদি কোনোবাই অপাৰগতাৰ কাৰণে কৰিব পৰা নাই তেন্তে বিষয়টো তাৰ নিয়্যতৰ ওপৰত নিৰ্ভৰ কৰিব। পক্ষান্তৰে যদি সি সেই ইচ্ছাক কৰ্মত পৰিণত কৰে তেন্তে ইয়াৰ বিনিময়ত তাৰ আমলনামাত কেৱল এটা গুনাহ লিখা হ'ব।
03

Benefits

ছোৱাব বৃদ্ধি কৰি আৰু গুনাহক হ্ৰাস কৰি মহান আল্লাহে এই উম্মতৰ প্ৰতি মহা অনুগ্ৰহ কৰিছে।
আমলৰ ক্ষেত্ৰত নিয়্যতৰ গুৰুত্ব আৰু ইয়াৰ প্ৰভাৱ।
সৰ্বশক্তিমান আল্লাহৰ এইটো এটা মহা অনুগ্ৰহ, দয়া আৰু কৃপা যে, তেওঁ সেই ব্যক্তিকো ছোৱাব প্ৰদান কৰে যিয়ে কেৱল নেক কৰ্ম কৰাৰ নিয়্যত কৰিছে কিন্তু এতিয়াও বাস্তৱায়ন কৰা নাই।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...