افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4180[ছহীহ]
HadeethEnc · 1.16.0

মই মোৰ পিছত তোমালোকৰ ক্ষেত্ৰত যিটো বিষয়কলৈ আশংকা কৰিছোঁ সেয়া হৈছে এই যে, পৃথিৱী সৌন্দৰ্য্য আৰু সা-সম্পদ তোমালোকৰ বাবে উন্মুক্ত কৰি দিয়া হ'ব।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰত বহিল আৰু আমিও ইয়াৰ চাৰিওফালে বহিলোঁ। তেতিয়া তেখেতে ক'লেঃ "মই মোৰ পিছত তোমালোকৰ ক্ষেত্ৰত যিটো বিষয়কলৈ আশংকা কৰিছোঁ সেয়া হৈছে এই যে, পৃথিৱী সৌন্দৰ্য্য আৰু সা-সম্পদ তোমালোকৰ বাবে উন্মুক্ত কৰি দিয়া হ'ব।" তেতিয়া এজন চাহাবীয়ে সুধিলেঃ হে আল্লাহৰ ৰাছুল! কল্যাণেও অকল্যাণ কঢ়িয়াই আনিব পাৰেনে? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰশ্নটোৰ কোনো সঁহাৰি নিদিলে। তেতিয়া সেই চাহাবীজনক অন্যান্য চাহাবাই ক'লেঃ কি হ'ল তোমাৰ? তুমি কিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এনেকৈ সুধিছা, তুমি দেখা নাইনে তেখেতে একো উত্তৰ দিয়া নাই। তেতিয়া আমি দেখিলোঁ যে, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কিবা অৱতীৰ্ণ হৈ আছে। বৰ্ণনাকাৰীয়ে কৈছেঃ তাৰ পিছত তেখেতে ঘাম মচি ক'লেঃ "সেই প্ৰশ্নকাৰীজন ক'ত?" তেখেতে যেনিবা প্ৰশ্নকাৰীৰ প্ৰশংসা কৰি ক'লেঃ চোৱা, কল্যাণে কেতিয়াও অকল্যাণ কঢ়িয়াই নানে। যিদৰে বসন্তকালত গজা সেউজীয়া ঘাঁহে চতুষ্পদ জন্তুৰ প্ৰাণ নাশ কৰে নাইবা মৃত্যুমুখত ঠেলি দিয়ে। কিন্তু যদি সেই তৃণভোজী জন্তুটোৱে পৰিমাপ অনুসৰি খায় আৰু তাৰ পাছত পৰ্যাপ্ত ৰ'দ গ্ৰহণ কৰে, মল ত্যাগ কৰে আৰু প্ৰস্ৰাৱ কৰে। ইয়াৰ পিছত পুনৰ ভক্ষণ কৰে তেন্তে সি এই বিপদৰ পৰা ৰক্ষা পায়। ঠিক সেইদৰে সেইবোৰ সম্পদ হ'ব আকৰ্ষণীয় লোভনীয়। এতেকে উত্তম মুছলিম হৈছে সেইজন, যিয়ে নিজৰ সম্পদৰ পৰা মিছকীন, ইয়াতীম আৰু মুছাফিৰক দান কৰিব, অথবা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যিদৰে কৈছে। পক্ষান্তৰে যিয়ে এই সম্পদ অন্যায়ভাৱে অৰ্জন কৰিব, সি হৈছে সেই ব্যক্তিৰ দৰে, যিয়ে কেৱল খায় তাৰ পেট নভৰে। কিয়ামতৰ দিনা সেই সম্পদ তাৰ বিপক্ষে সাক্ষ্য দিব।
02

Explanation

এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰত বহি চাহাবাসকলক ক'লেঃ

মই আশংকা কৰোঁ যে, মোৰ মৃত্যুৰ পিছত তোমালোকৰ বাবে পৃথিৱীৰ সাজ-সজ্জা তথা সৌন্দৰ্য্য আৰু বৰকত খুলি দিয়া হ'ব। লগতে তাত থাকিব বিভিন্ন ধৰণৰ সা-সম্পত্তি, কাপোৰ কানি, খেতি-বাতি আদি। যিবোৰকলৈ মানুহে অহংকাৰ কৰে, যদিও এই জীৱন ক্ষণস্থায়ী।

তেতিয়া এজন ব্যক্তিয়ে ক'লেঃ পাৰ্থিৱ সা-সম্পত্তি তথা ইয়াৰ সৌন্দৰ্য্য হৈছে আল্লাহৰ এক প্ৰকাৰ নিয়ামত। তেন্তে এই নিয়ামতে অকল্যাণ তথা শাস্তি কঢ়িয়াই আনিব নেকি?

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰশ্নটোৰ উত্তৰ নিদি নিৰৱ হৈ থাকিল। লোকসকলে প্ৰশ্নকাৰীক ভৰ্ৎসনা কৰিবলৈ ধৰিলে, তেওঁলোকে ভাবিছিল তেওঁৰ প্ৰশ্নত তেখেতে খং কৰিছে।

তেতিয়া তেওঁলোকে গম পালে যে, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অহী অৱতীৰ্ণ হৈ আছে। ইয়াৰ পিছত তেখেতে কপালৰ ঘাম মচি ল'লে আৰু ক'লেঃ প্ৰশ্নকাৰীজন ক'ত?

প্ৰশ্নকাৰীজনে ক'লেঃ মই কৰিছিলোঁ প্ৰশ্ন।

তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ প্ৰশংসা কৰিলে আৰু তেওঁৰ গুণগান কৰি ক'লেঃ শুনা! প্ৰকৃত কল্যাণ কেৱল কল্যাণহে কঢ়িয়াই আনে। কিন্তু এই সা-সম্পত্তি কোনো সাধাৰণ কল্যাণ নহয়, কাৰণ ইয়াৰ ভিতৰত আছে ফিতনা-ফাছাদ, প্ৰতিযোগিতা, লগতে আখিৰাতৰ প্ৰতি সম্পূৰ্ণৰূপে মনোযোগ প্ৰদানত বাধা। ইয়াৰ পিছত তেখেতে ইয়াৰ এটা উদাহৰণ দাঙি ধৰি কৈছেঃ বসন্তকালৰ ঘাঁহ বন আৰু সেউজীয়া তৃণ লতা হৈছে এক প্ৰকাৰ চৰণীয়া পথাৰ। জীৱ-জন্তুৱে খুবেই ভাল পায়। কিন্তু বেছি খালে সেইটো বদহজম হয়, যিটো কেতিয়াবা মৃত্যুৰ কাৰণো হয়। কিন্তু সেইবোৰ জন্তুৰ বিষয়টো সুকীয়া যিবোৰে এইবোৰ সেউজীয়া ঘাঁহ নিয়মিত পৰিমাণে খায় আৰু পৰ্যাপ্ত পৰিমাণে ৰ'দ গ্ৰহণ কৰে, লগতে প্ৰস্ৰাৱ পায়খানা কৰে। ইয়াৰ পিছত বাকী থকা খাদ্যখিনি পুনৰ চোবাই গিলি খায়। ইয়াৰ পিছত পুনৰ চৰিবলৈ যায়।

এতেকে এই সম্পদ হৈছে সেউজীয়া সুস্বাদু ঘাঁহ বন তৃণ লতাৰ দৰে। যিবোৰ বেছি পৰিমাণে ভক্ষণ কৰিলে জীৱ-জন্তুৰ মৃত্যু হয় অথবা মৃত্যুমুখত পৰে। কিন্তু যদি হালাল পন্থাৰে প্ৰয়োজন অনুসাৰে সীমিত পৰিমাণে কোনোবাই ভক্ষণ কৰে, যিখিনি খোৱা অতি জৰুৰী, তেন্তে সেইটো ক্ষতিকাৰক নহয়। প্ৰকৃত মুছলিম ব্যক্তি হৈছে সেইজন ব্যক্তি, যিয়ে ফকীৰ-মিছকীন, ইয়াতীম আৰু মুছাফিৰক দান কৰে, যিয়ে এইবোৰ অধিকাৰ পূৰণ কৰাৰ পিছত নিজৰখিনি ৰাখি থয়, তাত আল্লাহে বৰকত দিয়ে। পক্ষান্তৰে যিয়ে অবৈধ পন্থাৰে সম্পদ অৰ্জন কৰে, তাৰ উদাহৰণ হৈছে সেই ব্যক্তিৰ দৰে, যিয়ে ভক্ষণ কৰে কিন্তু তাৰ পেট নভৰে। কিয়ামতৰ দিনা তাৰ এই সম্পদ তাৰ বিৰুদ্ধে সাক্ষ্য দিব।
03

Benefits

ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াত সেই সম্পদৰ ফজীলত বৰ্ণিত হৈছে, যিটো সম্পদ বৈধ পন্থাৰে উপাৰ্জন কৰা হয়, আৰু কল্যাণকৰ শিতানত ব্যয় কৰা হয়।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মতৰ অৱস্থা বৰ্ণনা কৰিছে যে, অচিৰেই সিহঁতৰ সন্মুখত পাৰ্থিৱ জীৱনৰ সাজ-সজ্জা আৰু সৌন্দৰ্য্য উন্মুক্ত হ'ব আৰু ইয়াৰ ফিতনা প্ৰকাশ পাব।
উদাহৰণৰ জৰিয়তে কোনো এটা বিষয় ভালকৈ বুজাই দিয়াটো আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ।
দান খয়ৰাত আৰু কল্যাণকৰ শিতানত সম্পদ ব্যয় কৰিবলৈ উৎসাহিত কৰা হৈছে। লগতে কৃপণালিৰ পৰা সতৰ্ক কৰা হৈছে।
"إنه لا يأتي الخير بالشر" (কোনো কল্যাণেই অকল্যাণ কঢ়িয়াই নানে) নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই কথাৰ দ্বাৰা বুজা যায় যে, জীৱিকা যিমানেই অধিক নহওক কিয়, সেইটো হৈছে কল্যাণ। এইক্ষেত্ৰত এইটো অকল্যাণকৰ তেতিয়া হয়, যেতিয়া এইটো প্ৰাপ্য অধিকাৰীৰ অধিকাৰ আত্মসাৎ কৰি তথা কৃপণালি কৰি সঞ্চয় কৰা হয়, অথবা এনেকুৱা শিতানত অপচয় কৰা হয় যিটোক চৰীয়তে বৈধ কৰা নাই। এইদৰে আল্লাহে যিটো বস্তুক কল্যাণ হিচাপে নিৰ্ধাৰণ কৰিছে, সেইটো কেতিয়াও অকল্যাণকৰ হ'ব নোৱাৰে। ইয়াৰ বিপৰীত অৰ্থতো এইটোৱে প্ৰযোজ্য। কিন্তু এই আশংকা থাকি যায় যে, যাক কল্যাণ দান কৰা হৈছে, সি সেইটোক ভালদৰে ব্যৱহাৰ নকৰাৰ কাৰণে অকল্যাণৰ চিকাৰ হ'ব পাৰে।
যদি চিন্তা চৰ্চাৰ প্ৰয়োজন থাকে, তেনে ক্ষেত্ৰত খৰখেদাকৈ উত্তৰ দিয়া উচিত নহয়।
ত্বীবি ৰাহিমাহুল্লাহে কৈছেঃ ইয়াৰ পৰা চাৰিটা প্ৰকাৰ উল্লেখ কৰিব পাৰি। ১- যিয়ে জুতি লগাই খায় আৰু ইমান পৰিমাণে খায় যে, তাৰ দুয়ো কাষৰ হাড়বোৰ টান পৰি যায় আৰু পেট ফাটি যোৱাৰ উপক্ৰম হয়। সি ধ্বংসৰ পিনে আগুৱাই যায়। ২- দ্বিতীয় গৰাকীয়েও সিমানেই খায়, কিন্তু বেমাৰ-আজাৰৰ পৰা ৰক্ষা পোৱাৰ উপায় অৱলম্বন কৰে, কিন্তু তাৰ বেমাৰ-আজাৰ ইমান বৃদ্ধি পায় যে, বেমাৰৰ ওচৰত সি হাৰ মানিব লগা হয়, লগতে সেই বেমাৰে তাক ধ্বংস কৰে। ৩- তৃতীয় গৰাকীয়েও সিমান পৰিমাণেই খায় কিন্তু যিটো ক্ষতিকৰ সেইটোক ততাতৈয়াকৈ পৰিহাৰ কৰে আৰু হজম কৰাৰ উপায় অৱলম্বন কৰে। যাৰ ফলত সি সুৰক্ষিত থাকে। ৪- যিয়ে অত্যাধিক নাখায় আৰু তাত মগ্নও নহয়। বৰং কেৱল সেই পৰিমাণে ভক্ষণ কৰে যিখিন তাৰ ভোক নিবাৰণৰ বাবে প্ৰয়োজন তথা জীৱন ৰক্ষা কৰিবলৈ যথেষ্ট। প্ৰথম প্ৰকাৰটো হৈছে কাফিৰসকলৰ উদাহৰণ। দ্বিতীয় প্ৰকাৰটো হৈছে সেইসকল গুনাহগাৰ ব্যক্তিৰ উদাহৰণ, যিসকলে গুনাহৰ পৰা বিৰত নাথাকে আৰু তাওবাও নকৰে, যেতিয়ালৈকে তাওবাৰ সময় শেষ নহয়। তৃতীয় প্ৰকাৰটো হৈছে সেই ব্যক্তিৰ উদাহৰণ, যিয়ে গুনাহ কৰাৰ পিছত সোনকালে তাওবা কৰে, ফলত তাৰ তাওবা কবূল হয়। চতুৰ্থ প্ৰকাৰটো হৈছে সেই পৰহেজগাৰ ব্যক্তিৰ উদাহৰণ, যিয়ে দুনিয়াৰ মোহ মায়াত লিপ্ত নাথাকে তথা সদায় আখিৰাতৰ চিন্তা কৰে।
ইবনুল মুনজিৰে কৈছেঃ এই হাদীছটোত কেইবাটাও সাদৃশ্যতা উল্লেখ হৈছে। ১- তেখেতে ধন-সম্পদৰ বৃদ্ধিক ঘাঁহ বন তথা তৃণ লতাৰ বৃদ্ধিৰ সৈতে তুলনা কৰিছে। ২- ধন-সম্পদৰ উপাৰ্জনত আৰু পৃথিৱীৰ মোহ মায়াত মগ্ন হৈ থকা ব্যক্তিক তুলনা কৰিছে সেই জন্তুৰ সৈতে যিয়ে সেউজীয়া ঘাঁহ বন পালে মগ্ন হৈ পৰে। ৩- ধন-সম্পদ গোটোৱা আৰু সেইবোৰ সঞ্চয় কৰাক তুলনা কৰা হৈছে অত্যাধিক লোভ-লালসা আৰু পেট ভৰাৰ সৈতে। ৪- ত্যাগ কৰা সম্পদক জীৱ-জন্তুৰ মলৰ সৈতে তুলনা কৰা হৈছে। যদিও সেই সম্পদ মানুহৰ দৃষ্টিত যিমানেই মূল্যৱান নহওক কিয়। এই উপমা এই কথাৰ প্ৰতি ইংগিত কৰে যে, চৰীয়তৰ দৃষ্টিত সম্পদৰ প্ৰতি অত্যাধিক মোহ আৰু সেইটোক সঞ্চয় কৰি ৰখাৰ লালসা হৈছে অপছন্দনীয় তথা লেতেৰা বুলি ভবা হয়। যিদৰে জীৱ-জন্তুৰ মলক লেতেৰা বুলি গণ্য কৰা হয়। ৫- ধন-সম্পদ সঞ্চয় নকৰা ব্যক্তিৰ তুলনা সেই ছাগলীৰ সৈতে কৰা হৈছে যিয়ে ৰ'দত বহি বিশ্ৰাম কৰে। এইটো হৈছে তাইৰ আটাইতকৈ সুন্দৰ তথা শান্ত অৱস্থা। ইয়াত তাইৰ কল্যাণৰ প্ৰতি ইংগিত কৰা হৈছে। ৬- ধন-সম্পদ সঞ্চয় কৰা ব্যক্তিৰ মৃত্যুৰ তুলনা কৰা হৈছে সেই জন্তুৰ সৈতে, যিয়ে ক্ষতিৰ পৰা ৰক্ষা পোৱাৰ উপায় অৱলম্বন নকৰে। ফলত মৃত্যুবৰণ কৰে। ৭- সম্পদৰ তুলনা কৰা হৈছে এনেকুৱা সংগীৰ দ্বাৰা যাক বিশ্বাস কৰিব নোৱাৰি। কাৰণ সি যিকোনো সময়তে শত্ৰুত পৰিণত হ'ব পাৰে। দৰাচলতে সম্পদ হৈছে এনেকুৱা বস্তু, যাক মানুহে ভাল পায় আৰু নিজৰ ওচৰত বান্ধি ৰাখিব বিচাৰে। কিন্তু ইয়াক সঞ্চয় কৰা আৰু প্ৰাপ্য লোকসকলক অৰ্পণ নকৰা প্ৰবৃত্তি মানুহৰ বাবে শাস্তিৰ কাৰণ হ'ব পাৰে। যিয়ে এইদৰে কৃপণালি কৰে। ৮- যিয়ে অবৈধ পন্থাৰে সম্পদ উপাৰ্জন কৰে, তাক তুলনা কৰা হৈছে এনেকুৱা জন্তুৰ সৈতে যিয়ে খায় কিন্তু পৰিতৃপ্ত নহয় তথা।
ছিন্ধীয়ে কৈছেঃ ইয়াত দুটা বিষয় অনিবাৰ্য্য। এটা হৈছেঃ বৈধ পন্থাৰে সম্পদ উপাৰ্জন কৰা আৰু দ্বিতীয়টো হৈছে উচিত শিতানত ব্যয় কৰা। এই দুটাৰ যিকোনো এটা পূৰণ নহ'লেই সেই সম্পদ ক্ষতিকাৰক হয়। বৰং ক'ব পাৰি যে, এই দুয়োটা বিষয়ৰ মাজত আছে এটা গভীৰ সম্পৰ্ক। মানুহে নিজৰ সম্পদ সঠিক শিতানত ব্যয় কৰাৰ তাওফীক তেতিয়াই লাভ কৰে যেতিয়া সি সেইটো বৈধ পন্থাৰে উপাৰ্জন কৰে।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...