তেওঁ নিজৰ এনেকুৱা এজন শিশুকলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, যিজন এতিয়াও খোৱা-বোৱা কৰিব পৰা বয়সত উপনীত হোৱা নাছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে শিশুটোক নিজৰ কোলাত ল'লে। কিছু সময়ৰ ভিতৰতে শিশুটোৱে তেখেতৰ কাপোৰত প্ৰস্ৰাৱ কৰি দিলে। ইয়াৰ পিছত তেখেতে পানী আনিবলৈ দিলে আৰু সেই পানী তেখেতে কাপোৰত ছটিয়াই দিলে। তেখেতে সেই স্থানটো ধোৱা নাছিল।
Choose an available translation of this Hadeeth
Hadeeth text
উম্মু ক্বাইছ বিন্তে মিহছান ৰাদ্বিয়াল্লাহু আনহাই বৰ্ণনা কৰিছে যে, তেওঁ নিজৰ এনেকুৱা এজন শিশুকলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, যিজন এতিয়াও খোৱা-বোৱা কৰিব পৰা বয়সত উপনীত হোৱা নাছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে শিশুটোক নিজৰ কোলাত ল'লে। কিছু সময়ৰ ভিতৰতে শিশুটোৱে তেখেতৰ কাপোৰত প্ৰস্ৰাৱ কৰি দিলে। ইয়াৰ পিছত তেখেতে পানী আনিবলৈ দিলে আৰু সেই পানী তেখেতে কাপোৰত ছটিয়াই দিলে। তেখেতে সেই স্থানটো ধোৱা নাছিল।
Explanation
Benefits
শিশুসকলৰ সৈতে ভাল আচৰণ কৰিব লাগে, সিহঁতৰ প্ৰতি নম্ৰ আৰু বিনয়ী হ'ব লাগে, লগতে ডাঙৰৰ মন জয় কৰিবলৈ তেওঁলোকৰ শিশুক মৰম তথা চেনেহত কোলাত বহুৱাই ল'বলৈ উৎসাহিত কৰা হৈছে।
সৰু ল'ৰা ছোৱালীৰ প্ৰস্ৰাৱো নাপাক, যদিও সি ইচ্ছাকৃতভাৱে পানাহাৰ নকৰে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যিটো কৰিছে ইয়াক نَضْحًا (পানী ছটিওৱা) বোলে। এইটো কেৱল সেইসকল পুত্ৰ সন্তানৰ ক্ষেত্ৰতহে প্ৰযোজ্য, যিয়ে এতিয়াও পানাহাৰ কৰা বয়সত উপনীত হোৱা নাই। আনহাতে ছোৱালীৰ প্ৰস্ৰাৱ হ'লে, সৰ্বাৱস্থাতে ধুই লোৱা অনিবাৰ্য্য, যদিও পিয়াহ খোৱা অৱস্থাত থাকে।
এইদৰে মাকৰ পিয়াহ খোৱা অৱস্থাত থকা পুত্ৰ সন্তানৰ মল অপৱিত্ৰ আৰু অন্যান্য অপৱিত্ৰতাৰ দৰে ইয়াক ধুই পেলোৱা অনিবাৰ্য্য।
কেৱল পানীৰে ধুলেই ধোৱা নহয়, বৰং অতিৰিক্ত কিছু কৰ্মও জৰুৰী। (যেনে-নিয়্যত কৰা, ঘঁহি ঘঁহি ধোৱা, অপৱিত্ৰতা সম্পূৰ্ণৰূপে আঁতৰ কৰা আদি)।
অপৱিত্ৰতা লাগি থকা স্থানটো দ্ৰুত পৱিত্ৰ কৰা উত্তম। যাতে সোনকালে অপৱিত্ৰতাৰ পৰা পৱিত্ৰতা লাভ হয় আৰু বিষয়টো যাতে পাহৰি যোৱা নহয়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

