তোমালোকৰ পাত্ৰৰ পৰা যদি কুকুৰে সেৱন কৰে তেন্তে সেই পাত্ৰটো সাতবাৰ ধুই ল'বা।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ পাত্ৰৰ পৰা যদি কুকুৰে সেৱন কৰে তেন্তে সেই পাত্ৰটো সাতবাৰ ধুই ল'বা।" মুছলিমৰ বৰ্ণনাত আছে যে, "প্ৰথমে মাটিৰে ঘঁহিবা।"
Explanation
Benefits
কুকুৰে পাত্ৰ চেলেকিলেই অপৱিত্ৰ হৈ যায়, তাত থকা পানীও অপৱিত্ৰ হয়।
মাটিৰে ঘঁহি সাতবাৰ ধুই পৰিষ্কাৰ কৰাটো হৈছে কেৱল কুকুৰে চেলেকাৰ সৈতে নিৰ্দিষ্ট। কিন্তু কুকুৰে প্ৰস্ৰাৱ কৰিলে বা কুকুৰৰ শৰীৰৰ অন্য কোনো অপৱিত্ৰতা এই পদ্ধতিৰে দূৰ নহয়।
মাটিৰে পাত্ৰটো পৰিষ্কাৰ কৰাৰ পদ্ধতি হৈছে, পাত্ৰটোত অকণমান পানী লৈ তাত মাটি দি ঘঁহি ঘঁহি পৰিষ্কাৰ কৰা।
সকলো প্ৰকাৰ কুকুৰ এই হাদীছৰ অন্তৰ্ভুক্ত। আনকি সেইবোৰ কুকুৰো ইয়াৰ অন্তৰ্ভুক্ত যিবোৰ লালন-পালন কৰাৰ অনুমতি চৰীয়তে প্ৰদান কৰিছে। যেনে- চিকাৰ কৰিবলৈ, পহৰা দিবলৈ ৰখা কুকুৰ, আৰু জীৱ-জন্তুৰ পালৰ সৈতে ৰখা কুকুৰ।
মাটিৰ সৈতে চাবোন শ্বেম্পু আদিৰ তুলনা নহয়। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মাটিৰে ঘঁহিবলৈ নিৰ্দেশ দিছে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

