ছুবহানাল্লাহ! মুমিন কেতিয়াও অপৱিত্ৰ নহয়।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মদীনাৰ এটা উপপথত সাক্ষাৎ কৰিলে, সেই সময়ত তেওঁ (আবু হুৰাইৰাহ) জুনুবী (গোছল ফৰজ হোৱা) অৱস্থাত আছিল। সেয়ে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক নজনাকৈয়ে গোপনে গুচি গৈ গোছল কৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বিষয়ে সোধাত তেওঁ যেতিয়া আহিল, তেতিয়া তেখেতে ক'লেঃ "হে আবু হুৰাইৰাহ তুমি ক'ত আছিলা?" তেতিয়া তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! আপোনাৰ সৈতে মই যেতিয়া সাক্ষাৎ কৰিছিলোঁ, তেতিয়া মই জুনুবী অৱস্থাত আছিলোঁ, সেয়ে মই গোছল নকৰাকৈ আপোনাৰ বৈঠকত উপস্থিত হ'বলৈ অপছন্দ কৰিলোঁ। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "ছুবহানাল্লাহ! মুমিন কেতিয়াও অপৱিত্ৰ নহয়।"
Explanation
Benefits
জীৱিত হওক বা মৃত, উভয় অৱস্থাতে মুমিন পৱিত্ৰ।
মৰ্যাদাৱান, জ্ঞানী আৰু সৎ লোকক সন্মান কৰিব লাগে আৰু তেওঁলোকৰ সৈতে উত্তম অৱস্থাত বহিব লাগে।
অনুসাৰী এজনে নেতাৰ ওচৰৰ পৰা গুচি যোৱাৰ সময়ত অনুমতি লৈ যাব লাগে, কাৰণ (উক্ত হাদীছটোত) আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক নজনোৱাকৈয়ে গুচি যোৱা বিষয়টোত তেখেতে তেওঁক নিন্দা কৰিছে। কিয়নো অনুমতি লোৱাটো হৈছে এটা উত্তম শিষ্টাচাৰ।
আশ্চৰ্য প্ৰকাশ কৰিবলৈ ছুবহানাল্লাহ ক'ব লাগে।
কাৰণবশতঃ নিজৰ বিষয়ে এনেকুৱা কোনো কথা আনৰ ওচৰত প্ৰকাশ কৰা বৈধ, যিটো প্ৰকাশ হোৱাটো লাজৰ বিষয়।
কাফিৰসকল হৈছে অপৱিত্ৰ, কিন্তু সিহঁতৰ অপৱিত্ৰতা হৈছে আধ্যাত্মিক, কাৰণ সিহঁতৰ আক্বীদাহ বেয়া।
ইমাম নাৱাৱীয়ে কৈছেঃ এই হাদীছত আন এটা শিষ্টাচাৰ আছে, সেয়া হৈছে এই যে, যদি কোনো আলিমে তেওঁৰ অনুসাৰীৰ মাজত এনেকুৱা কোনো বিষয় দেখা পায় যিটো সঠিক বিধানৰ পৰিপন্থী, তেন্তে তেওঁৰ উচিত হৈছে তেওঁক সেই বিষয়ে সোধ-পোচ কৰা, আৰু তেওঁক সঠিক বিষয়টো জনাই দিয়া। আল্লাহেই সৰ্বজ্ঞ।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

