افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#11306[ছহীহ]
HadeethEnc · 1.16.0

এই দুটা নামাজ মুনাফিকসকলৰ বাবে খুবেই কঠিন। যদি সিহঁতে জানিলেহেঁতেন যে ইয়াত কিমান ছোৱাব আছে তেন্তে সিহঁত নিশ্চয় আহিলহেঁতেন, আনকি আঁঠু আৰু হাতৰ ওপৰত ভৰ কৰি চোঁচৰি আহিব লগা হ'লেও আহিলহেঁতেন।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

উবাই বিন কাআব -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এদিনাখন আমাক ফজৰৰ নামাজ পঢ়োৱাৰ পিছত সুধিলেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। তেখেতে আকৌ ক'লেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। ইয়াৰ পিছত তেখেতে ক'লেঃ "এই দুটা নামাজ মুনাফিকসকলৰ বাবে খুবেই কঠিন। যদি সিহঁতে জানিলেহেঁতেন যে ইয়াত কিমান ছোৱাব আছে তেন্তে সিহঁত নিশ্চয় আহিলহেঁতেন, আনকি আঁঠু আৰু হাতৰ ওপৰত ভৰ কৰি চোঁচৰি আহিব লগা হ'লেও আহিলহেঁতেন। শুনা! প্ৰথম শাৰী হৈছে ফিৰিস্তাসকলৰ শাৰীৰ দৰে। যদি তোমালোকে ইয়াৰ ফজিলত সম্পৰ্কে গম পালাহেঁতেন তেন্তে নিশ্চয় ইয়াৰ বাবে খৰখেদা কৰিলাহেঁতেন। এজন পুৰুষ আন এজন পুৰুষৰ সৈতে আদায় কৰা নামাজ অকলশৰীয়া নামাজতকৈ উত্তম। এজন পুৰুষৰ লগত পঢ়া নামাজতকৈ দুজনৰ সৈতে পঢ়া নামাজ উত্তম। নামাজত মানুহ যিমান বেছি হ'ব, আল্লাহৰ ওচৰত সেই নামাজ সিমানেই প্ৰিয় হ'ব।"
02

Explanation

এদিনাখন ফজৰৰ নামাজ পঢ়াই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সুধিলে যে, অমুক ব্যক্তি নামাজত উপস্থিত হৈছেনে? চাহাবাসকলে ক'লেঃ নহয়। ইয়াৰ পিছত ক'লেঃ তেন্তে অমুক ব্যক্তিজন উপস্থিত হৈছেনে? এইবাৰ তেখেতে বেলেগ এজনৰ কথা ক'লে। তেওঁলোকে ক'লেঃ নহয়। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ নিশ্চয় ফজৰ আৰু ঈশ্বাৰ চালাত হৈছে মুনাফিকসকলৰ বাবে আটাইতকৈ কঠিন চালাত। এই সময়ছোৱাত এলাহ ভাৱ বেছি থাকে। লগতে ৰিয়াৰ সুবিধা কম থাকে। কাৰণ অন্ধকাৰৰ বাবে মানুহে ইজনে সিজনক ভালকৈ চিনি নাপায়।

হে মুমিনসকল! যদি তোমালোকে জানিলাহেঁতেন যে, এই দুটা নামাজত অৰ্থাৎ ফজৰ আৰু ঈশ্বাৰ নামাজৰ কিমান বেছি ফজিলত - কাৰণ কষ্ট অনুযায়ী প্ৰতিফল দিয়া হয়- তেন্তে তোমালোকে নিশ্চয় হাত আৰু ভৰিৰ ওপৰত ভৰ কৰি চুঁচৰি হ'লেও আহিলাহেঁতেন।

প্ৰথম শাৰীক ফিৰিস্তাসকলৰ শাৰীৰ সৈতে উদাহৰণ দিয়াৰ কাৰণ হৈছে, যিদৰে প্ৰথম শাৰী ইমামৰ একেবাৰে নিকটৱৰ্তী থাকে ঠিক সেইদৰে ফিৰিস্তাসকলৰ শাৰী আল্লাহৰ নিকটৱৰ্তী থাকে। যদি মুমিনসকলে প্ৰথম শাৰীৰ ফজিলত সম্পৰ্কে জানিলেহেঁতেন তেন্তে নিশ্চয় তেওঁলোকে প্ৰতিযোগিতা কৰিলেহেঁতেন। অকলশৰীয়াকৈ নামাজ পঢ়াতকৈ পুৰুষে পুৰুষৰ সৈতে নামাজ পঢ়াৰ ছোৱাব অধিক। এজন পুৰুষৰ তুলনাত দুজন পুৰুষৰ সৈতে নামাজ পঢ়া উত্তম। য'ত নামাজীৰ সংখ্যা অধিক, সেই নামাজ আল্লাহৰ ওচৰত অধিক প্ৰিয় তথা উত্তম।
03

Benefits

মছজিদৰ ইমামে মুক্তাদীসকলৰ খা-খবৰ লোৱা উচিত আৰু তেওঁলোকৰ মাজৰ অনুপস্থিত ব্যক্তি সম্পৰ্কে সোধ-পোচ কৰা উচিত।
জামাতৰ সৈতে নামাজ পঢ়া জৰুৰী। বিশেষকৈ ফজৰ আৰু ঈশ্বাৰ জামাতত উপস্থিত হোৱাটো হৈছে ঈমানৰ প্ৰতীক।
ফজৰ আৰু ঈশ্বাৰ নামাজৰ ছোৱাব অধিক। কাৰণ এইটো আদায় কৰিবলৈ অধিক মনোবল আৰু আনুগত্যৰ প্ৰতি অধিক ধৈৰ্য্যৰ প্ৰয়োজন। সেয়ে এই দুটা নামাজৰ ছোৱাব আন আন নামাজতকৈ বেছি।
দুজন বা ততোধিক লোকৰ দ্বাৰা নামাজৰ জামাত কৰিব পাৰি।
হাদীছটোত প্ৰথম শাৰীৰ ফজিলত বৰ্ণিত হৈছে, লগতে ইয়াৰ প্ৰতি আগভাগ ল'বলৈ উৎসাহিত কৰা হৈছে।
জামাতত অধিক লোক চামিল হোৱাৰ ফজিলত। কাৰণ মানুহ যিমান বেছি হ'ব সিমান বেছি ছোৱাব পোৱা যাব।
চৰীয়তৰ প্ৰাধান্য অনুসৰি নেক আমলৰ ফজিলতত তাৰতম্য আছে। কিছুমানৰ অৱস্থা অনুসৰিও তাৰতম্য হয়।

Attribution

[رواه أبو داود والنسائي وأحمد]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...