যিয়ে (কেঁচা) নহৰু অথবা (কেঁচা) পিঁয়াজ খাইছে, সি যেন আমাৰ পৰা আঁতৰি থাকে, - অথবা তেখেতে কৈছিলঃ আমাৰ মছজিদৰ পৰা যেন আঁতৰি থাকে আৰু নিজৰ ঘৰতে যেন অৱস্থান কৰে।
Choose an available translation of this Hadeeth
Hadeeth text
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে (কেঁচা) নহৰু অথবা (কেঁচা) পিঁয়াজ খাইছে, সি যেন আমাৰ পৰা আঁতৰি থাকে, - অথবা তেখেতে কৈছিলঃ আমাৰ মছজিদৰ পৰা যেন আঁতৰি থাকে আৰু নিজৰ ঘৰতে যেন অৱস্থান কৰে।" নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ শাক-পাচলিৰে ভৰা এটা পাত্ৰ অনা হ'ল, তেখেতে তাত কিবা গোন্ধ অনুভৱ কৰিলে আৰু সেই বিষয়ে প্ৰশ্ন কৰিলে, ফলত তাত থকা শাক-পাচলি সম্পৰ্কে তেখেতক জনোৱা হ'ল। তেতিয়া তেখেতে তেখেতৰ সৈতে অৱস্থান কৰা কোনো এজন চাহাবীক সেইখিনি দিবলৈ ক'লে, সেই চাহাবীজনে যেতিয়া দেখিলে, তেতিয়া তেৱোঁ সেইটো খাবলৈ অপছন্দ কৰিলে। তেতিয়া তেখেতে ক'লেঃ "তুমি খোৱা, কাৰণ মই যাৰ সৈতে কথা পাতোঁ তুমি তাৰ সৈতে কথা নোকোৱা।" ইমাম মুছলিমে জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ সূত্ৰত বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে এই নহৰু জাতীয় উদ্ভিদ খাব, আন এবাৰ তেখেতে কৈছিলঃ যিয়ে (কেঁচা) পিঁয়াজ, নহৰু আৰু লীক (Leek) (নহৰু আৰু পিঁয়াজ জাতীয় এবিধ উদ্ভিদ) আদি খাইছে, তেওঁ যেন আমাৰ মছজিদৰ ওচৰলৈ নাহে, কাৰণ ইয়াৰ দ্বাৰা ফিৰিস্তাসকলে কষ্ট পায়, যিদৰে আদম সন্তানে কষ্ট পায়।"
Explanation
লগতে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, বেয়া গোন্ধৰ পৰা যিদৰে মানুহে কষ্ট পায় সেইদৰে ফিৰিস্তাসকলেও কষ্ট পায়।
Benefits
ইয়াৰ ভিতৰত প্ৰত্যেক সেই দুৰ্গন্ধযুক্ত বস্তু অন্তৰ্ভুক্ত, যাৰ দ্বাৰা মুচল্লিৰ কষ্ট হয়। উদাহৰণস্বৰূপে বিড়ি, চিগাৰেট, ধঁপাত আদিৰ গোন্ধ।
নিষেধৰ মূল কাৰণ হৈছে বেয়া গোন্ধ। ৰান্ধিলে অথবা বেলেগ কোনো উপায়ে যদি এই গোন্ধ দূৰ হয়, তেন্তে কোনো অসুবিধা নাই।
মছজিদত নামাজৰ বাবে অহা ব্যক্তিৰ বাবে এইবোৰ খোৱা অপছন্দনীয়। কিন্তু যদি কোনোবাই জামাআতত চামিল হোৱাৰ পৰা বিৰত থকাৰ কূটকৌশলেৰে এইটো খায় তেন্তে সেয়া হ'ব হাৰাম।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নহৰু খাবলৈ অস্বীকাৰ কৰাৰ অৰ্থ এইটো নহয় যে, এইটো হাৰাম। বৰং তেখেতে জিব্ৰীলৰ সৈতে কথা পাতে কাৰণে খোৱা নাছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম শিকন পদ্ধতি। তেখেতে বিধান বৰ্ণনা কৰাৰ লগতে কাৰণো উল্লেখ কৰিছে। যাতে সম্বোধনকৃত ব্যক্তিয়ে ৰহস্য সম্পৰ্কে জানি সন্তুষ্ট হয়।
ক্বাজী ৰাহিমাহুল্লাহে কৈছেঃ উমালাসকলে মছজিদৰ বাহিৰে অন্যান্য নামাজৰ ঠাইকো ইয়াৰ অন্তৰ্ভুক্ত কৰিছে, উদাহৰণস্বৰূপে ঈদৰ নামাজ, জানাযাৰ নামাজ আদি। এইদৰে ইল্ম অৰ্জনৰ বৈঠক, সভাস্থল আৰু নিমন্ত্ৰণৰ বৈঠক আদিও ইয়াৰ অন্তৰ্ভুক্ত। কিন্তু হাট-বজাৰ বা এইধৰণৰ আন কোনো ঠাই ইয়াৰ অন্তৰ্ভুক্ত নহয়।
উলামাসকলে কৈছেঃ এই হাদীছটোৱে প্ৰমাণ কৰে যে, কেঁচা নহৰু আদি খাই মছজিদত প্ৰৱেশ কৰা নিষেধ, যদিও মছজিদ খালী থাকে। কাৰণ মছজিদত ফিৰিস্তা থাকে। হাদীছটোৰ ব্যাপক অৰ্থ এইটোৱে বুজায়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

