তোমালোকৰ অকলশৰীয়া নামাজতকৈ জামাআতত পঢ়া নামাজ পচিছ গুণ বেছি উত্তম। ফজৰৰ সময়ত ৰাতিৰ ফিৰিস্তা আৰু দিনৰ ফিৰিস্তা একত্ৰিত হয়।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "তোমালোকৰ অকলশৰীয়া নামাজতকৈ জামাআতত পঢ়া নামাজ পচিছ গুণ বেছি উত্তম। ফজৰৰ সময়ত ৰাতিৰ ফিৰিস্তা আৰু দিনৰ ফিৰিস্তা একত্ৰিত হয়।" ইয়াৰ পিছত আবু হুৰাইৰাই কৈছেঃ তোমালোকে বিচাৰিলে এই আয়াতটো পাঠ কৰি চাব পাৰাঃ (নিশ্চয় ফজৰৰ ছালাত হৈছে (ফিৰিস্তাসকলৰ) উপস্থিতিৰ সময়।) [ছুৰা আল-ইছৰাঃ ৭৮]
Explanation
তোমালোকে ইচ্ছা কৰিলে এই আয়াতটো পঢ়ি চাব পাৰাঃ "নিশ্চয় ফজৰৰ ছালাত হৈছে (ফিৰিস্তাসকলৰ) উপস্থিতিৰ সময়।" (ছুৰা আল-ইছৰাঃ ৭৮) অৰ্থাৎ ফজৰৰ নামাজৰ সময়ত ৰাতিৰ আৰু দিনৰ ফিৰিস্তাসকল উপস্থিত থাকে।
Benefits
ইয়াত ফজৰৰ নামাজৰ গুৰুত্ব বৰ্ণিত হৈছে। কাৰণ ফজৰৰ সময়ত দিন আৰু ৰাতিৰ ফিৰিস্তাৰ সমাৱেশ ঘটে।
ইবনু বাঝ ৰাহিমাহুল্লাহে কৈছেঃ প্ৰতিজন মুমিন ব্যক্তিয়ে জামাতত নামাজ পঢ়িবলৈ যত্ন কৰা উচিত। যদিও মছজিদৰ পৰা ঘৰৰ দূৰত্ব অধিক হয়, যাতে তেওঁ এই মহা কল্যাণ অৰ্জন কৰিব পাৰে।
ইমাম নাৱাৱীয়ে বিভিন্ন বৰ্ণনাৰ মাজত সামঞ্জস্য স্থাপন কৰি কৈছে যে, জামাতৰ সৈতে আদায় কৰা নামাজ, অকলশৰীয়া নামাজতকৈ পচিছ গুণ অধিক উত্তম। অথচ অন্যান্য বৰ্ণনাত ইয়াক সাতাইশ গুণ বুলি কোৱা হৈছে। উভয় বৰ্ণনাৰ মাজত এইদৰে সামঞ্জস্য স্থাপন কৰিব পাৰি যে, ১) ইয়াত কোনো বিৰোধ নাই, কাৰণ কম সংখ্যা বৰ্ণনা কৰি বেছি সংখ্যাক নাকচ কৰা হোৱা নাই। উচুলিয়্যিন (ফিকাহৰ মৌলিক সিদ্ধান্ত সম্পৰ্কীয় বিশেষজ্ঞ)সকলৰ মতে সংখ্যাৰ সামান্য অৰ্থ বৈধ নহয়। ২) এনেকুৱাও হ'ব পাৰে যে, প্ৰথমে কম সংখ্যা বৰ্ণনা কৰিছিল আৰু পিছত আল্লাহে অধিক ফজীলত সম্পৰ্কে তেখেতক অৱগত কৰিছে, যিটো তেখেতে পিছত বৰ্ণনা কৰিছে। ৩) এইটো নামাজ পঢ়া ব্যক্তিৰ অৱস্থা আৰু নামাজৰ গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰি সলনি হ'ব পাৰে। কাৰোবাৰ বাবে ই পচিছ গুণ হ'ব পাৰে আৰু কাৰোবাৰ বাবে সাতাইশ গুণ। এইটো অৰ্জন হয় নামাজৰ পৰিপূৰ্ণতা, নামাজত থকা মনোনিবেশ, শাৰীৰিক অৱস্থা, নামাজত থকা মনোযোগ, জামাতৰ আকাৰ, নামাজ পঢ়া ঠাইৰ গুৰুত্ব আদিৰ ওপৰতো নিৰ্ভৰ কৰে। আল্লাহেই সৰ্বজ্ঞ।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

