افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#10603[ছহীহ]
HadeethEnc · 1.16.0

স্বামী অথবা মাহৰাম (যাৰ লগত বিবাহ নিষিদ্ধ) অবিহনে কোনো নাৰীয়ে যেন দুদিনৰ দূৰত্বৰ ভ্ৰমণ নকৰে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ১২টা যুদ্ধত চামিল হৈছিল, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা চাৰিটা কথা শুনিছোঁ, যিবোৰ মোৰ বহুত পছন্দ হৈছে। তেখেতে কৈছেঃ "স্বামী অথবা মাহৰাম (যাৰ লগত বিবাহ নিষিদ্ধ) অবিহনে কোনো নাৰীয়ে যেন দুদিনৰ দূৰত্বৰ ভ্ৰমণ নকৰে। ঈদুল ফিতৰ আৰু ঈদুল আজহাৰ দিনা কোনো ৰোজা নাই। এইদৰে ফজৰৰ পিছত সূৰ্যোদয় নোহোৱালৈকে আৰু আচৰৰ পিছত সূৰ্যাস্ত নোহোৱালৈকে কোনো নফল নামাজ নাই। এইদৰে তিনিটা মছজিদৰ বাহিৰে বেলেগ কোনো মছজিদলৈ ভ্ৰমণ কৰা উচিত নহয়। সেয়া হৈছেঃ মছজিদে হাৰাম, মছজিদে আকচা আৰু মোৰ এই মছজিদ (অৰ্থাৎ মছজিদে নবৱী)।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাৰিটা বিষয়ৰ পৰা নিষেধ কৰিছেঃ

প্ৰথমঃ স্বামী বা কোনো মাহৰাম ব্যক্তি লগত নোহোৱাকৈ নাৰীসকলক দুদিনৰ দূৰত্বৰ ভ্ৰমণ কৰিবলৈ নিষেধ কৰিছে। মাহৰাম কোৱা হয় এনেকুৱা নিকটাত্মীয় ব্যক্তিক যাৰ সৈতে বিবাহ স্থায়ীভাৱে নিষিদ্ধ। যেনে- পুত্ৰ, পিতা, ভতিজা, ভাগিন, খুৰা, মোমাই আদি।

দ্বিতীয়ঃ ঈদুল ফিতৰ আৰু ঈদুল আজহাৰ দিনা ৰোজা ৰাখিবলৈ নিষেধ কৰিছে। মান্নতৰ ৰোজাই হওক বা নফল ৰোজা নাইবা কাফফাৰাৰ ৰোজা।

তৃতীয়ঃ আচৰৰ পিছত সূৰ্যাস্ত নোযোৱালৈকে আৰু ফজৰৰ পিছত সূৰ্যোদয় নোহোৱালৈকে নফল নামাজ পঢ়িবলৈ নিষেধ কৰিছে।

চতুৰ্থঃ তিনিটা মছজিদৰ বাহিৰে বেলেগ কোনো ঠাইতে নামাজ পঢ়াৰ উদ্দেশ্যে ভ্ৰমণ কৰা উচিত নহয়, এই বুলি যে সেই ঠাইৰ কিবা বিশেষ ফজিলত আছে বা তাত গ'লে বেছি ছোৱাব পোৱা যাব। গতিকে কেৱল এই তিনিটা মছজিদত নামাজ পঢ়িলেহে অধিক ছোৱাব পোৱা যায়, সেয়া হৈছেঃ মছজিদে হাৰাম, মছজিদে নবৱী আৰু মছজিদে আকচা।
03

Benefits

মাহৰাম অবিহনে নাৰীয়ে ভ্ৰমণ কৰা বৈধ নহয়।
ভ্ৰমণৰ ক্ষেত্ৰত এজনী নাৰী আন এজনী নাৰীৰ বাবে মাহৰাম নহয়। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াত "স্বামী অথবা মাহৰাম" থাকিব লাগিব বুলি উল্লেখ কৰিছে।
ভ্ৰমণ হিচাপে জনাজাত কোনো ভ্ৰমণেই নাৰীয়ে স্বামী অথবা মাহৰাম নোহোৱাকৈ কৰিব নোৱাৰিব। এই হাদীছটো প্ৰশ্নকাৰীৰ অৱস্থা আৰু তেওঁৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কৈছে।
নাৰীৰ মাহৰাম হৈছে তাইৰ স্বামী, অথবা এনেকুৱা নিকটাত্মীয় ব্যক্তি যাৰ সৈতে স্থায়ীভাৱে বিবাহ নিষিদ্ধ। যেনে- পিতা, পুত্ৰ, খুৰা-বৰতা, মোমাই, দুগ্ধপানৰ ফালৰ পৰা পিতৃ, খুৰা, এইদৰে শশুৰ। মাহৰাম মুছলিম হ'ব লাগিব, প্ৰাপ্তবয়স্ক আৰু বিশ্বস্ত হ'ব লাগিব। মাহৰাম লগত থকা উদ্দেশ্য হৈছে নাৰীৰ যাৱতীয় দিশৰ সুৰক্ষা সুনিশ্চিত কৰা।
ইছলামী চৰীয়তে নাৰীসকলৰ হিফাজত সুৰক্ষাৰ প্ৰতি বিশেষ মনোযোগ দিছে।
ফজৰ আৰু আচৰৰ পিছত কোনো ধৰণৰ নফল নামাজ পঢ়াই উচিত নহয়। কিন্তু ফৰজ নামাজৰ কাজা আদায় কৰা আৰু কোনো কাৰণবিশিষ্ট্য নামাজ পঢ়াৰ বিষয়টো সুকীয়া, যেনে তাহয়াতুল মাছজিদ ইত্যাদি।
সূৰ্যোদয় হোৱাৰ সময়ত বা উদয় হোৱাৰ পিছত লগে লগে নামাজ পঢ়া নিষিদ্ধ। বৰং এক বৰ্শা পৰিমাণ ওপৰলৈ উঠাৰ পিছতহে পঢ়িব লাগে। অৰ্থাৎ দহ, পোন্ধৰ মিনিটমান পিছত।
আচৰৰ সময় সূৰ্যাস্ত পৰ্যন্ত থাকে।
তিনিখন মছজিদলৈ ছোৱাবৰ নিয়্য়তেৰে ভ্ৰমণ কৰা বৈধ।
এই তিনিখন মছজিদৰ ফজিলত অন্যান্য মছজিদতকৈ পৃথক।
কবৰ জিয়াৰতৰ উদ্দেশ্যে ভ্ৰমণ কৰা বৈধ নহয়, যদিও নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰেই নহওক কিয়। মদীনাত অৱস্থান কৰা ব্যক্তিয়ে জিয়াৰত কৰিবলৈ যেতিয়াই তেতিয়াই যাব পাৰে, অথবা বেলেগ কোনো বৈধ কামত গৈ জিয়াৰত কৰি আহিব পাৰে তাত কোনো বাধা নাই।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...