الصف
As-Saf
The Ranks
1 - As-Saf (The Ranks) - 001
سَبَّحَ لِلَّهِ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۖ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ
আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।
2 - As-Saf (The Ranks) - 002
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لِمَ تَقُولُونَ مَا لَا تَفۡعَلُونَ
হে ঈমান্দাৰসকল! তোমালোকে যিটো নকৰা সেইটো কিয় কোৱা?
3 - As-Saf (The Ranks) - 003
كَبُرَ مَقۡتًا عِندَ ٱللَّهِ أَن تَقُولُواْ مَا لَا تَفۡعَلُونَ
তোমালোকে যিটো নকৰা সেইটো তোমালোকে কোৱাটো আল্লাহৰ দৃষ্টিত বৰ অসন্তোষজনক।
4 - As-Saf (The Ranks) - 004
إِنَّ ٱللَّهَ يُحِبُّ ٱلَّذِينَ يُقَٰتِلُونَ فِي سَبِيلِهِۦ صَفّٗا كَأَنَّهُم بُنۡيَٰنٞ مَّرۡصُوصٞ
নিশ্চয় আল্লাহে তেওঁলোকক ভালপায়, যিসকলে তেওঁৰ পথত শাৰীবদ্ধভাৱে যুদ্ধ কৰে; যেনিবা সিহঁত গলিত সীহেৰে নিৰ্মিত সুদৃঢ় প্ৰাচীৰ।
5 - As-Saf (The Ranks) - 005
وَإِذۡ قَالَ مُوسَىٰ لِقَوۡمِهِۦ يَٰقَوۡمِ لِمَ تُؤۡذُونَنِي وَقَد تَّعۡلَمُونَ أَنِّي رَسُولُ ٱللَّهِ إِلَيۡكُمۡۖ فَلَمَّا زَاغُوٓاْ أَزَاغَ ٱللَّهُ قُلُوبَهُمۡۚ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلۡفَٰسِقِينَ
আৰু স্মৰণ কৰা, মূছাই যেতিয়া তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কিয় মোক কষ্ট দি আছা? অথচ তোমালোকে জানা যে, নিশ্চয় মই তোমালোকৰ প্ৰতি (প্ৰেৰিত) আল্লাহৰ ৰাছুল’। তাৰ পিছত সিহঁতে যেতিয়া বক্ৰ পথ অৱলম্বন কৰিলে তেতিয়া আল্লাহে সিহঁতৰ হৃদয়সমূহক বক্ৰ কৰি দিলে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নকৰে।
6 - As-Saf (The Ranks) - 006
وَإِذۡ قَالَ عِيسَى ٱبۡنُ مَرۡيَمَ يَٰبَنِيٓ إِسۡرَـٰٓءِيلَ إِنِّي رَسُولُ ٱللَّهِ إِلَيۡكُم مُّصَدِّقٗا لِّمَا بَيۡنَ يَدَيَّ مِنَ ٱلتَّوۡرَىٰةِ وَمُبَشِّرَۢا بِرَسُولٖ يَأۡتِي مِنۢ بَعۡدِي ٱسۡمُهُۥٓ أَحۡمَدُۖ فَلَمَّا جَآءَهُم بِٱلۡبَيِّنَٰتِ قَالُواْ هَٰذَا سِحۡرٞ مُّبِينٞ
আৰু স্মৰণ কৰা, যেতিয়া মাৰয়ামৰ পুত্ৰ ঈছাই কৈছিল, হে বনী ইছৰাঈল! ‘নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাছুল আৰু মোৰ পূৰ্বৱৰ্তী তাওৰাতৰ সত্যায়নকাৰী, লগতে এজন ৰাছুলৰ সুসংবাদদাতা, যিজন মোৰ পিছত আহিব, যাৰ নাম হ’ব আহমদ’। তাৰ পিছত তেওঁ যেতিয়া সুস্পষ্ট নিদৰ্শনসমূহ লৈ আগমন কৰিলে, তেতিয়া সিহঁতে ক’লে, ‘এয়া দেখোন স্পষ্ট যাদু’।
7 - As-Saf (The Ranks) - 007
وَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ ٱلۡكَذِبَ وَهُوَ يُدۡعَىٰٓ إِلَى ٱلۡإِسۡلَٰمِۚ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلظَّـٰلِمِينَ
সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে, যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে? অথচ তাক ইছলামৰ প্ৰতি আহ্বান কৰা হয়; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
8 - As-Saf (The Ranks) - 008
يُرِيدُونَ لِيُطۡفِـُٔواْ نُورَ ٱللَّهِ بِأَفۡوَٰهِهِمۡ وَٱللَّهُ مُتِمُّ نُورِهِۦ وَلَوۡ كَرِهَ ٱلۡكَٰفِرُونَ
সিহঁতে আল্লাহৰ জ্যোতিক মুখেৰে ফুঁ মাৰি নিৰ্বাপিত কৰিব বিচাৰে, আৰু আল্লাহে তেওঁৰ জ্যোতিক (নিশ্চিতভাৱে) পূৰ্ণতা দান কৰিব। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।
9 - As-Saf (The Ranks) - 009
هُوَ ٱلَّذِيٓ أَرۡسَلَ رَسُولَهُۥ بِٱلۡهُدَىٰ وَدِينِ ٱلۡحَقِّ لِيُظۡهِرَهُۥ عَلَى ٱلدِّينِ كُلِّهِۦ وَلَوۡ كَرِهَ ٱلۡمُشۡرِكُونَ
তেৱেঁই নিজ ৰাছুলক প্ৰেৰণ কৰিছে হিদায়ত আৰু সত্য দ্বীন সহকাৰে সকলো দ্বীনৰ ওপৰত তাক বিজয়ী কৰাৰ বাবে, যদিও মুশ্বৰিকসকলে ইয়াক অপছন্দ কৰে।
10 - As-Saf (The Ranks) - 010
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ هَلۡ أَدُلُّكُمۡ عَلَىٰ تِجَٰرَةٖ تُنجِيكُم مِّنۡ عَذَابٍ أَلِيمٖ
হে ঈমান্দাৰসকল! মই তোমালোকক এনেকুৱা এটা ব্যৱসায়ৰ সন্ধান দিমনে, যিটো তোমালোকক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব?
11 - As-Saf (The Ranks) - 011
تُؤۡمِنُونَ بِٱللَّهِ وَرَسُولِهِۦ وَتُجَٰهِدُونَ فِي سَبِيلِ ٱللَّهِ بِأَمۡوَٰلِكُمۡ وَأَنفُسِكُمۡۚ ذَٰلِكُمۡ خَيۡرٞ لَّكُمۡ إِن كُنتُمۡ تَعۡلَمُونَ
সেয়া হৈছে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিবা আৰু তোমালোকে নিজৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিবা। এইটোৱেই হৈছে তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানা।
12 - As-Saf (The Ranks) - 012
يَغۡفِرۡ لَكُمۡ ذُنُوبَكُمۡ وَيُدۡخِلۡكُمۡ جَنَّـٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ وَمَسَٰكِنَ طَيِّبَةٗ فِي جَنَّـٰتِ عَدۡنٖۚ ذَٰلِكَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ
তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব; আৰু তোমালোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ তলেদি নদীসমূহ প্ৰবাহিত, আৰু চিৰস্থায়ী জান্নাতসমূহৰ উত্তম বাসগৃহসমূহতো (প্ৰৱেশ কৰাব)। এইটোৱে হৈছে মহা সফলতা।
13 - As-Saf (The Ranks) - 013
وَأُخۡرَىٰ تُحِبُّونَهَاۖ نَصۡرٞ مِّنَ ٱللَّهِ وَفَتۡحٞ قَرِيبٞۗ وَبَشِّرِ ٱلۡمُؤۡمِنِينَ
লগতে (তেওঁ প্ৰদান কৰিব) আৰু এটা অনুগ্ৰহ, যিটো তোমালোকে পছন্দ কৰা। (অৰ্থাৎ) আল্লাহৰ তৰফৰ পৰা সহায় আৰু নিকটৱৰ্তী বিজয়; আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া।
14 - As-Saf (The Ranks) - 014