الأنبياء

 

Al-Anbya

 

The Prophets

1 - Al-Anbya (The Prophets) - 001

ٱقۡتَرَبَ لِلنَّاسِ حِسَابُهُمۡ وَهُمۡ فِي غَفۡلَةٖ مُّعۡرِضُونَ
মানুহৰ হিচাপ-নিকাচৰ সময় সমীপৱৰ্ত্তী, অথচ সিহঁতে উদাসিনতাত বিমুখ হৈ আছে।

2 - Al-Anbya (The Prophets) - 002

مَا يَأۡتِيهِم مِّن ذِكۡرٖ مِّن رَّبِّهِم مُّحۡدَثٍ إِلَّا ٱسۡتَمَعُوهُ وَهُمۡ يَلۡعَبُونَ
যেতিয়াই সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাক কৌতুকচ্ছলেৰে শ্ৰৱণ কৰে,

3 - Al-Anbya (The Prophets) - 003

لَاهِيَةٗ قُلُوبُهُمۡۗ وَأَسَرُّواْ ٱلنَّجۡوَى ٱلَّذِينَ ظَلَمُواْ هَلۡ هَٰذَآ إِلَّا بَشَرٞ مِّثۡلُكُمۡۖ أَفَتَأۡتُونَ ٱلسِّحۡرَ وَأَنتُمۡ تُبۡصِرُونَ
সিহঁতৰ অন্তৰ থাকে অমনোযোগী। যিসকলে অন্যায় কৰিছে সিহঁতে গোপনে পৰামৰ্শ কৰে, ‘এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, তথাপিও তোমালোকে দেখি-শুনি যাদুৰ কবলত পৰিবানে’?

4 - Al-Anbya (The Prophets) - 004

قَالَ رَبِّي يَعۡلَمُ ٱلۡقَوۡلَ فِي ٱلسَّمَآءِ وَٱلۡأَرۡضِۖ وَهُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ
তেওঁ (ৰাছুলে) ক’লে, ‘আকাশসমূহ আৰু পৃথিৱীৰ সকলো কথাই মোৰ প্ৰতিপালকৰ জনা আছে আৰু তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।

5 - Al-Anbya (The Prophets) - 005

بَلۡ قَالُوٓاْ أَضۡغَٰثُ أَحۡلَٰمِۭ بَلِ ٱفۡتَرَىٰهُ بَلۡ هُوَ شَاعِرٞ فَلۡيَأۡتِنَا بِـَٔايَةٖ كَمَآ أُرۡسِلَ ٱلۡأَوَّلُونَ
বৰং সিহঁতে কয়, ‘এইবোৰ হৈছে অলীক কল্পনা, হয়তো সি এইবোৰ নিজেই ৰচনা কৰিছে, নহয় সি এজন কবি। নহ’লে সি আমাৰ ওচৰলৈ কোনো এটা নিদৰ্শন লৈ আহক, যেনেকৈ পূৰ্বৱৰ্তীসকল নিদৰ্শনসহ প্ৰেৰিত হৈছিল’।

6 - Al-Anbya (The Prophets) - 006

مَآ ءَامَنَتۡ قَبۡلَهُم مِّن قَرۡيَةٍ أَهۡلَكۡنَٰهَآۖ أَفَهُمۡ يُؤۡمِنُونَ
ইহঁতৰ পূৰ্বে যিবোৰ জনপদ আমি ধ্বংস কৰিছোঁ, সেইবোৰ ঠাইৰ অধিবাসীসকলেও ঈমান পোষণ কৰা নাছিল; তেন্তে ইহঁতে ঈমান পোষণ কৰিবনে?

7 - Al-Anbya (The Prophets) - 007

وَمَآ أَرۡسَلۡنَا قَبۡلَكَ إِلَّا رِجَالٗا نُّوحِيٓ إِلَيۡهِمۡۖ فَسۡـَٔلُوٓاْ أَهۡلَ ٱلذِّكۡرِ إِن كُنتُمۡ لَا تَعۡلَمُونَ
আৰু তোমাৰ পূৰ্বে আমি কেৱল পুৰুষসকলকেই (ৰাছুল হিচাপে) প্ৰেৰণ কৰিছিলোঁ; তেওঁলোকৰ প্ৰতি আমি অহী প্ৰেৰণ কৰিছিলোঁ। এতেকে যদি তোমালোকে নাজানা তেনেহ’লে জ্ঞানীসকলক সুধি লোৱা।

8 - Al-Anbya (The Prophets) - 008

وَمَا جَعَلۡنَٰهُمۡ جَسَدٗا لَّا يَأۡكُلُونَ ٱلطَّعَامَ وَمَا كَانُواْ خَٰلِدِينَ
আমি তেওঁলোকক এনেকুৱা কোনো দেহবিশিষ্ট কৰা নাছিলোঁ যে, তেওঁলোকে খাদ্য গ্ৰহণ কৰা নাছিল, লগতে তেওঁলোক চিৰঞ্জীৱীও নাছিল।

9 - Al-Anbya (The Prophets) - 009

ثُمَّ صَدَقۡنَٰهُمُ ٱلۡوَعۡدَ فَأَنجَيۡنَٰهُمۡ وَمَن نَّشَآءُ وَأَهۡلَكۡنَا ٱلۡمُسۡرِفِينَ
তাৰ পিছত আমি তেওঁলোকৰ প্ৰতি কৰা প্ৰতিশ্ৰুতি সত্য কৰি দেখুৱালোঁ, ফলত আমি তেওঁলোকক আৰু যিসকলক ইচ্ছা ৰক্ষা কৰিছিলোঁ আৰু সীমালংঘন কাৰীসকলক ধ্বংস কৰিছিলোঁ।

10 - Al-Anbya (The Prophets) - 010

لَقَدۡ أَنزَلۡنَآ إِلَيۡكُمۡ كِتَٰبٗا فِيهِ ذِكۡرُكُمۡۚ أَفَلَا تَعۡقِلُونَ
নিশ্চয় আমি তোমালোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছোঁ, য’ত আছে তোমালোকৰ বাবে উপদেশ আৰু মৰ্যাদা, তথাপিও তোমালোকে বুজি নোপোৱানে?

11 - Al-Anbya (The Prophets) - 011

وَكَمۡ قَصَمۡنَا مِن قَرۡيَةٖ كَانَتۡ ظَالِمَةٗ وَأَنشَأۡنَا بَعۡدَهَا قَوۡمًا ءَاخَرِينَ
আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছোঁ, যাৰ অধিবাসীসকল আছিল যালিম আৰু সিহঁতৰ পিছত সৃষ্টি কৰিছোঁ আন এটা জাতি!

12 - Al-Anbya (The Prophets) - 012

فَلَمَّآ أَحَسُّواْ بَأۡسَنَآ إِذَا هُم مِّنۡهَا يَرۡكُضُونَ
এতেকে সিহঁতে যেতিয়া আমাৰ শাস্তি অহা বুলি অনুভৱ কৰিলে, তেতিয়াই সিহঁতে তাৰ পৰা পলায়ন কৰিবলৈ ধৰিলে।

13 - Al-Anbya (The Prophets) - 013

لَا تَرۡكُضُواْ وَٱرۡجِعُوٓاْ إِلَىٰ مَآ أُتۡرِفۡتُمۡ فِيهِ وَمَسَٰكِنِكُمۡ لَعَلَّكُمۡ تُسۡـَٔلُونَ
(সিহঁতক কোৱা হ’ল) ‘পলায়ন নকৰিবা, তোমালোকে য’ত ভোগ-বিলাসত মত্ত আছিলা সেই ঠাইলৈ উভতি যোৱা তথা তোমালোকে নিজৰ ঘৰ-দুৱাৰলৈ উভতি যোৱা, যাতে এই বিষয়ে তোমালোকক সুধিব পৰা যায়’।

14 - Al-Anbya (The Prophets) - 014

قَالُواْ يَٰوَيۡلَنَآ إِنَّا كُنَّا ظَٰلِمِينَ
সিহঁতে ক’লে, ‘হায়! দুৰ্ভাগ্য আমাৰ! নিশ্চয় আমি যালিম আছিলোঁ’।

15 - Al-Anbya (The Prophets) - 015

فَمَا زَالَت تِّلۡكَ دَعۡوَىٰهُمۡ حَتَّىٰ جَعَلۡنَٰهُمۡ حَصِيدًا خَٰمِدِينَ
এতেকে সিহঁতৰ এই আৰ্তনাদ চলিয়ে আছিল যেতিয়ালৈকে আমি সিহঁতক দাই নিয়া শস্য আৰু নুমাই যোৱা জুইৰ দৰে কৰা নাছিলোঁ।

16 - Al-Anbya (The Prophets) - 016

وَمَا خَلَقۡنَا ٱلسَّمَآءَ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا لَٰعِبِينَ
আকাশ আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি আছে সেইবোৰক আমি খেল-ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই।

17 - Al-Anbya (The Prophets) - 017

لَوۡ أَرَدۡنَآ أَن نَّتَّخِذَ لَهۡوٗا لَّٱتَّخَذۡنَٰهُ مِن لَّدُنَّآ إِن كُنَّا فَٰعِلِينَ
খেল-ধেমালিৰ বস্তু সৃষ্টি কৰাই যদি আমাৰ অভিপ্ৰায় হ’লহেঁতেন, তেন্তে আমাৰ (ওচৰত যি আছে তাৰ) পৰাই আমি কৰিলোঁহেঁতেন; কিন্তু আমি সেয়া কৰা নাই।

18 - Al-Anbya (The Prophets) - 018

بَلۡ نَقۡذِفُ بِٱلۡحَقِّ عَلَى ٱلۡبَٰطِلِ فَيَدۡمَغُهُۥ فَإِذَا هُوَ زَاهِقٞۚ وَلَكُمُ ٱلۡوَيۡلُ مِمَّا تَصِفُونَ
বৰং আমি সত্যৰ দ্বাৰা অসত্যক আঘাত কৰোঁ, ফলত ই অসত্যক চূৰ্ণ-বিচূৰ্ণ কৰি দিয়ে আৰু তৎক্ষণাত অসত্য নিচিহ্ন হৈ যায়, আৰু তোমালোকে আল্লাহক যি গুণেৰে আখ্যায়িত কৰিছা তাৰ কাৰণে তোমালোকৰ বাবে আছে দুৰ্ভোগ!

19 - Al-Anbya (The Prophets) - 019

وَلَهُۥ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَمَنۡ عِندَهُۥ لَا يَسۡتَكۡبِرُونَ عَنۡ عِبَادَتِهِۦ وَلَا يَسۡتَحۡسِرُونَ
আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই; আৰু তেওঁৰ সান্নিধ্যত যিসকল আছে তেওঁলোকে অহংকাৰ কৰি তেওঁৰ ইবাদতৰ পৰা বিমুখ নহয় আৰু তেওঁলোকে বিৰক্তি বোধো নকৰে।

20 - Al-Anbya (The Prophets) - 020

يُسَبِّحُونَ ٱلَّيۡلَ وَٱلنَّهَارَ لَا يَفۡتُرُونَ
তেওঁলোকে দিনে-ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁলোকে অলসতা নকৰে।

21 - Al-Anbya (The Prophets) - 021

أَمِ ٱتَّخَذُوٓاْ ءَالِهَةٗ مِّنَ ٱلۡأَرۡضِ هُمۡ يُنشِرُونَ
সিহঁতে (কাফিৰসকলে) পৃথিৱীৰ পৰা যিবোৰক উপাস্য হিচাপে গ্ৰহণ কৰিছে সেইবোৰে কোনো মৃতক জীৱিত কৰিবলৈ সক্ষমনে?

22 - Al-Anbya (The Prophets) - 022

لَوۡ كَانَ فِيهِمَآ ءَالِهَةٌ إِلَّا ٱللَّهُ لَفَسَدَتَاۚ فَسُبۡحَٰنَ ٱللَّهِ رَبِّ ٱلۡعَرۡشِ عَمَّا يَصِفُونَ
যদি এই দুয়োৰে (আকাশ আৰু পৃথিৱীৰ) মাজত আল্লাহৰ বাহিৰে বহু ইলাহ থাকিলহেঁতেন, তেন্তে উভয়েই বিশৃংখল হৈ গ’লহেঁতেন। এতেকে সিহঁতে যি বৰ্ণনা কৰে তাৰ পৰা আৰছৰ অধিপতি আল্লাহ অতি পৱিত্ৰ।

23 - Al-Anbya (The Prophets) - 023

لَا يُسۡـَٔلُ عَمَّا يَفۡعَلُ وَهُمۡ يُسۡـَٔلُونَ
তেওঁ যি কৰে সেই বিষয়ে তেওঁ জবাবদিহি নহ’ব; বৰং সিহঁতকেই প্ৰশ্ন কৰা হ’ব।

24 - Al-Anbya (The Prophets) - 024

أَمِ ٱتَّخَذُواْ مِن دُونِهِۦٓ ءَالِهَةٗۖ قُلۡ هَاتُواْ بُرۡهَٰنَكُمۡۖ هَٰذَا ذِكۡرُ مَن مَّعِيَ وَذِكۡرُ مَن قَبۡلِيۚ بَلۡ أَكۡثَرُهُمۡ لَا يَعۡلَمُونَ ٱلۡحَقَّۖ فَهُم مُّعۡرِضُونَ
সিহঁতে তেওঁৰ বাহিৰে বহু ইলাহ গ্ৰহণ কৰিছে নেকি? কোৱা, ‘(তেন্তে) তোমালোকে ইয়াৰ প্ৰমাণ লৈ আহা। মোৰ লগত যি আছে এইটোহে তেওঁৰ উপদেশ আৰু এইটোৱেই উপদেশ আছিল মোৰ পূৰ্বৱৰ্তীসকলৰ’। কিন্তু সিহঁতৰ বেছি ভাগেই প্ৰকৃত সত্য নাজানে; ফলত সিহঁতে মুখ ঘূৰাই লয়।

25 - Al-Anbya (The Prophets) - 025

وَمَآ أَرۡسَلۡنَا مِن قَبۡلِكَ مِن رَّسُولٍ إِلَّا نُوحِيٓ إِلَيۡهِ أَنَّهُۥ لَآ إِلَٰهَ إِلَّآ أَنَا۠ فَٱعۡبُدُونِ
আৰু তোমাৰ পূৰ্বে আমি যি ৰাছুলকেই প্ৰেৰণ কৰিছোঁ তেওঁৰ ওচৰত এইটোৱেই অহী কৰিছোঁ যে, ‘মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সেয়ে তোমালোকে কেৱল মোৰেই ইবাদত কৰা’।

26 - Al-Anbya (The Prophets) - 026

وَقَالُواْ ٱتَّخَذَ ٱلرَّحۡمَٰنُ وَلَدٗاۗ سُبۡحَٰنَهُۥۚ بَلۡ عِبَادٞ مُّكۡرَمُونَ
আৰু সিহঁতে কয়, ‘ৰহমানে (আল্লাহে ফিৰিস্তাসকলক) সন্তান (হিচাপে) গ্ৰহণ কৰিছে’। তেওঁ পৱিত্ৰ মহান! বৰং তেওঁলোক হৈছে তেওঁৰ সন্মানিত বান্দা।

27 - Al-Anbya (The Prophets) - 027

لَا يَسۡبِقُونَهُۥ بِٱلۡقَوۡلِ وَهُم بِأَمۡرِهِۦ يَعۡمَلُونَ
তেওঁলোকে তেওঁৰ আগধৰি নামাতে; তেওঁলোকে কেৱল তেওঁৰ আদেশ অনুসাৰেই কাম কৰে।

28 - Al-Anbya (The Prophets) - 028

يَعۡلَمُ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡ وَلَا يَشۡفَعُونَ إِلَّا لِمَنِ ٱرۡتَضَىٰ وَهُم مِّنۡ خَشۡيَتِهِۦ مُشۡفِقُونَ
তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে। তেওঁলোকে চুপাৰিছ কৰে কেৱল সেইসকল লোকৰ বাবেই যিসকলৰ প্ৰতি আল্লাহ সন্তুষ্ট আৰু তেওঁলোকে তেওঁৰ ভয়ত ভীত সন্ত্ৰস্ত।

29 - Al-Anbya (The Prophets) - 029

۞وَمَن يَقُلۡ مِنۡهُمۡ إِنِّيٓ إِلَٰهٞ مِّن دُونِهِۦ فَذَٰلِكَ نَجۡزِيهِ جَهَنَّمَۚ كَذَٰلِكَ نَجۡزِي ٱلظَّـٰلِمِينَ
আৰু তেওঁলোকৰ মাজৰ যিয়ে ক’ব যে, ‘আল্লাহৰ বাহিৰে ময়েই ইলাহ’, তাক আমি জাহান্নামৰ শাস্তি প্ৰদান কৰিম; এইদৰেই আমি যালিমসকলক প্ৰতিদান দিওঁ।

30 - Al-Anbya (The Prophets) - 030

أَوَلَمۡ يَرَ ٱلَّذِينَ كَفَرُوٓاْ أَنَّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ كَانَتَا رَتۡقٗا فَفَتَقۡنَٰهُمَاۖ وَجَعَلۡنَا مِنَ ٱلۡمَآءِ كُلَّ شَيۡءٍ حَيٍّۚ أَفَلَا يُؤۡمِنُونَ
যিসকলে কুফৰী কৰে সিহঁতে (ভাবি-চিন্তি) চোৱা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়ক পৃথক কৰি দিছোঁ; লগতে প্ৰত্যেক সজীৱ বস্তুকে আমি পানীৰ পৰা সৃষ্টি কৰিছোঁ; তথাপিও সিহঁতে ঈমান পোষণ নকৰিবনে?

31 - Al-Anbya (The Prophets) - 031

وَجَعَلۡنَا فِي ٱلۡأَرۡضِ رَوَٰسِيَ أَن تَمِيدَ بِهِمۡ وَجَعَلۡنَا فِيهَا فِجَاجٗا سُبُلٗا لَّعَلَّهُمۡ يَهۡتَدُونَ
আৰু আমি পৃথিৱীত সৃষ্টি কৰিছোঁ সুদৃঢ় পৰ্বত, যাতে পৃথিৱীয়ে সিহঁতক লৈ থৰক-বৰক নকৰে, আৰু তাত আমি তৈয়াৰ কৰিছোঁ প্ৰশস্ত পথ, যাতে সিহঁতে গন্তব্যস্থলত গৈ পায়।

32 - Al-Anbya (The Prophets) - 032

وَجَعَلۡنَا ٱلسَّمَآءَ سَقۡفٗا مَّحۡفُوظٗاۖ وَهُمۡ عَنۡ ءَايَٰتِهَا مُعۡرِضُونَ
আৰু আমি আকাশক কৰিছোঁ সুৰক্ষিত চাদ; কিন্তু সিহঁতে আকাশত অৱস্থিত নিদৰ্শনাৱলীৰ পৰা মুখ ঘুৰাই লয়।

33 - Al-Anbya (The Prophets) - 033

وَهُوَ ٱلَّذِي خَلَقَ ٱلَّيۡلَ وَٱلنَّهَارَ وَٱلشَّمۡسَ وَٱلۡقَمَرَۖ كُلّٞ فِي فَلَكٖ يَسۡبَحُونَ
আৰু আল্লাহেই সৃষ্টি কৰিছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ; প্ৰত্যেকেই নিজ নিজ কক্ষপথত বিচৰণ কৰে।

34 - Al-Anbya (The Prophets) - 034

وَمَا جَعَلۡنَا لِبَشَرٖ مِّن قَبۡلِكَ ٱلۡخُلۡدَۖ أَفَإِيْن مِّتَّ فَهُمُ ٱلۡخَٰلِدُونَ
আৰু আমি তোমাৰ পূৰ্বেও কোনো মানুহকেই চিৰজীৱী কৰা নাছিলোঁ, গতিকে তুমি যদি মৃত্যুবৰণ কৰা তেন্তে সিহঁতে চিৰজীৱী হৈ থাকিব নেকি?

35 - Al-Anbya (The Prophets) - 035

كُلُّ نَفۡسٖ ذَآئِقَةُ ٱلۡمَوۡتِۗ وَنَبۡلُوكُم بِٱلشَّرِّ وَٱلۡخَيۡرِ فِتۡنَةٗۖ وَإِلَيۡنَا تُرۡجَعُونَ
প্ৰতিটো জীৱই মৃ্ত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আমি তোমালোকক ভাল আৰু বেয়াৰ দ্বাৰা বিশেষভাৱে পৰীক্ষা কৰি থাকোঁ, আৰু আমাৰ ওচৰতেই তোমালোকে উভতি আহিব লাগিব।

36 - Al-Anbya (The Prophets) - 036

وَإِذَا رَءَاكَ ٱلَّذِينَ كَفَرُوٓاْ إِن يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَٰذَا ٱلَّذِي يَذۡكُرُ ءَالِهَتَكُمۡ وَهُم بِذِكۡرِ ٱلرَّحۡمَٰنِ هُمۡ كَٰفِرُونَ
আৰু যিসকলে কুফৰী কৰে সিহঁতে যেতিয়া তোমাক দেখে তেতিয়া সিহঁতে কেৱল তোমাক উপহাসৰ পাত্ৰ হিচাপেহে গ্ৰহণ কৰে। সিহঁতে কয়, ‘এওঁৱেই সেইজন নেকি, যিয়ে তোমালোকৰ উপাস্যবোৰক লৈ সমালোচনা কৰে’?, অথচ সিহঁতেই ৰহমানৰ আলোচনাৰ বিৰোধিতা কৰে।

37 - Al-Anbya (The Prophets) - 037

خُلِقَ ٱلۡإِنسَٰنُ مِنۡ عَجَلٖۚ سَأُوْرِيكُمۡ ءَايَٰتِي فَلَا تَسۡتَعۡجِلُونِ
মানুহ সৃষ্টিগতভাৱেই ক্ষীপ্ৰতা-প্ৰৱণ, শীঘ্ৰেই মই তোমালোকক মোৰ নিদৰ্শনাৱলী দেখুৱাম; সেয়ে তোমালোকে খৰধৰ নকৰিবা।

38 - Al-Anbya (The Prophets) - 038

وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلۡوَعۡدُ إِن كُنتُمۡ صَٰدِقِينَ
আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে কোৱা এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?

39 - Al-Anbya (The Prophets) - 039

لَوۡ يَعۡلَمُ ٱلَّذِينَ كَفَرُواْ حِينَ لَا يَكُفُّونَ عَن وُجُوهِهِمُ ٱلنَّارَ وَلَا عَن ظُهُورِهِمۡ وَلَا هُمۡ يُنصَرُونَ
যদি কাফিৰসকলে সেই সময়ৰ কথা জানিলেহেঁতেন, যেতিয়া সিহঁতে সিহঁতৰ মুখমণ্ডল আৰু পিঠিৰ পৰা জুই প্ৰতিৰোধ কৰিব নোৱাৰিব আৰু সিহঁতক সহায়ও কৰা নহ’ব (তেন্তে সিহঁতে সেই শাস্তিক খৰখেদাকৈ নিবিচাৰিলেহেঁতেন)।

40 - Al-Anbya (The Prophets) - 040

بَلۡ تَأۡتِيهِم بَغۡتَةٗ فَتَبۡهَتُهُمۡ فَلَا يَسۡتَطِيعُونَ رَدَّهَا وَلَا هُمۡ يُنظَرُونَ
বৰং সেয়া সিহঁতৰ ওপৰত আকস্মিকভাৱে আহিব আৰু সিহঁতক হতভম্ব কৰি দিব। ফলত সিহঁতে তাক ৰোধ কৰিবও নোৱাৰিব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।

41 - Al-Anbya (The Prophets) - 041

وَلَقَدِ ٱسۡتُهۡزِئَ بِرُسُلٖ مِّن قَبۡلِكَ فَحَاقَ بِٱلَّذِينَ سَخِرُواْ مِنۡهُم مَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ
নিশ্চয় তোমাৰ পূৰ্বে বহুতো ৰাছুলক উপহাস কৰা হৈছিল। ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছিল।

42 - Al-Anbya (The Prophets) - 042

قُلۡ مَن يَكۡلَؤُكُم بِٱلَّيۡلِ وَٱلنَّهَارِ مِنَ ٱلرَّحۡمَٰنِۚ بَلۡ هُمۡ عَن ذِكۡرِ رَبِّهِم مُّعۡرِضُونَ
কোৱা, ‘ৰাতিতে হওক বা দিনতে হওক ৰহমানৰ (শাস্তিৰ) পৰা কোনে তোমালোকক ৰক্ষা কৰিব’? তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়।

43 - Al-Anbya (The Prophets) - 043

أَمۡ لَهُمۡ ءَالِهَةٞ تَمۡنَعُهُم مِّن دُونِنَاۚ لَا يَسۡتَطِيعُونَ نَصۡرَ أَنفُسِهِمۡ وَلَا هُم مِّنَّا يُصۡحَبُونَ
তেন্তে আমাৰ বাহিৰে সিহঁতৰ এনেকুৱাও কিছুমান ইলাহ আছে নেকি যিবোৰে সিহঁতক ৰক্ষা কৰিব পাৰিব? সিহঁতে দেখোন নিজকেই সহায় কৰিব নোৱাৰে আৰু আমাৰ (শাস্তিৰ) পৰা ৰক্ষা পাবলৈও সিহঁতে কোনো আশ্ৰয়দানকাৰী নাপাব।

44 - Al-Anbya (The Prophets) - 044

بَلۡ مَتَّعۡنَا هَـٰٓؤُلَآءِ وَءَابَآءَهُمۡ حَتَّىٰ طَالَ عَلَيۡهِمُ ٱلۡعُمُرُۗ أَفَلَا يَرَوۡنَ أَنَّا نَأۡتِي ٱلۡأَرۡضَ نَنقُصُهَا مِنۡ أَطۡرَافِهَآۚ أَفَهُمُ ٱلۡغَٰلِبُونَ
বৰং আমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ-সম্ভাৰ দান কৰিছিলোঁ, লগতে সিহঁতৰ আয়ু কালও আছিল দীঘলীয়া। সিহঁতে দেখা নাইনে যে, আমি সিহঁতৰ ভূমিক চাৰিওফালৰ পৰা সংকুচিত কৰি আনি আছোঁ। তথাপিও সিহঁতেই বিজয়ী হ’বনে?

45 - Al-Anbya (The Prophets) - 045

قُلۡ إِنَّمَآ أُنذِرُكُم بِٱلۡوَحۡيِۚ وَلَا يَسۡمَعُ ٱلصُّمُّ ٱلدُّعَآءَ إِذَا مَا يُنذَرُونَ
কোৱা, ‘মই কেৱল অহীৰ দ্বাৰাহে তোমালোকক সতৰ্ক কৰোঁ’; কিন্তু যিসকল বধিৰ সিহঁতক যেতিয়া সতৰ্ক কৰা হয় তেতিয়া সিহঁতে সেই আহ্বান নুশুনে।

46 - Al-Anbya (The Prophets) - 046

وَلَئِن مَّسَّتۡهُمۡ نَفۡحَةٞ مِّنۡ عَذَابِ رَبِّكَ لَيَقُولُنَّ يَٰوَيۡلَنَآ إِنَّا كُنَّا ظَٰلِمِينَ
আৰু তোমাৰ প্ৰতিপালকৰ শাস্তিৰ অকণমানো যদি সিহঁতক স্পৰ্শ কৰে তেন্তে নিশ্চয় সিহঁতে কৈ উঠিব, ‘হায়! দুৰ্ভাগ্য আমাৰ, নিশ্চয় আমি যালিম আছিলোঁ!

47 - Al-Anbya (The Prophets) - 047

وَنَضَعُ ٱلۡمَوَٰزِينَ ٱلۡقِسۡطَ لِيَوۡمِ ٱلۡقِيَٰمَةِ فَلَا تُظۡلَمُ نَفۡسٞ شَيۡـٔٗاۖ وَإِن كَانَ مِثۡقَالَ حَبَّةٖ مِّنۡ خَرۡدَلٍ أَتَيۡنَا بِهَاۗ وَكَفَىٰ بِنَا حَٰسِبِينَ
আৰু কিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ তুলাচনী স্থাপন কৰিম, সেয়ে কাৰো প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব আৰু আমল যদি সৰিয়হ দানা পৰিমাণ ওজনৰো হয় তথাপিও আমি সেয়া উপস্থিত কৰিম; আৰু হিচাপ গ্ৰহণকাৰীৰূপে আমিয়েই যথেষ্ট।

48 - Al-Anbya (The Prophets) - 048

وَلَقَدۡ ءَاتَيۡنَا مُوسَىٰ وَهَٰرُونَ ٱلۡفُرۡقَانَ وَضِيَآءٗ وَذِكۡرٗا لِّلۡمُتَّقِينَ
নিশ্চয় আমি মুছা আৰু হাৰূনক দান কৰিছিলোঁ ফুৰক্বান (সত্য-অসত্য পাৰ্থক্য কৰিব পৰা গ্ৰন্থ), যিখন আছিল মুত্তাক্বীসকলৰ বাবে জ্যোতি আৰু উপদেশ--

49 - Al-Anbya (The Prophets) - 049

ٱلَّذِينَ يَخۡشَوۡنَ رَبَّهُم بِٱلۡغَيۡبِ وَهُم مِّنَ ٱلسَّاعَةِ مُشۡفِقُونَ
যিসকলে নেদেখাকৈয়ে তেওঁলোকৰ প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকে কিয়ামত সম্পৰ্কে ভীত-সন্ত্ৰস্ত।

50 - Al-Anbya (The Prophets) - 050

وَهَٰذَا ذِكۡرٞ مُّبَارَكٌ أَنزَلۡنَٰهُۚ أَفَأَنتُمۡ لَهُۥ مُنكِرُونَ
আৰু এইখন হৈছে বৰকতময় উপদেশ, যিখন আমি অৱতীৰ্ণ কৰিছোঁ। তথাপিও তোমালোকে ইয়াক অস্বীকাৰ কৰিবানে?

51 - Al-Anbya (The Prophets) - 051

۞وَلَقَدۡ ءَاتَيۡنَآ إِبۡرَٰهِيمَ رُشۡدَهُۥ مِن قَبۡلُ وَكُنَّا بِهِۦ عَٰلِمِينَ
আৰু আমি ইয়াৰ আগত ইব্ৰাহীমক শুভবুদ্ধি আৰু সঠিক জ্ঞান দান কৰিছিলোঁ আৰু আমি তেওঁৰ বিষয়ে আছিলোঁ সম্যক পৰিজ্ঞাত।

52 - Al-Anbya (The Prophets) - 052

إِذۡ قَالَ لِأَبِيهِ وَقَوۡمِهِۦ مَا هَٰذِهِ ٱلتَّمَاثِيلُ ٱلَّتِيٓ أَنتُمۡ لَهَا عَٰكِفُونَ
যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক ক’লে, ‘এই মূৰ্তিবোৰ কি? যিবোৰৰ পূজাত তোমালোকে আসক্ত হৈছা!’

53 - Al-Anbya (The Prophets) - 053

قَالُواْ وَجَدۡنَآ ءَابَآءَنَا لَهَا عَٰبِدِينَ
সিহঁতে ক’লে, ‘আমি আমাৰ পিতৃ-পুৰুষসকলক এইবোৰৰ ইবাদত কৰা দেখিছোঁ’।

54 - Al-Anbya (The Prophets) - 054

قَالَ لَقَدۡ كُنتُمۡ أَنتُمۡ وَءَابَآؤُكُمۡ فِي ضَلَٰلٖ مُّبِينٖ
তেওঁ ক’লে, ‘নিশ্চয় তোমালোক আৰু তোমালোকৰ পিতৃ-পুৰুষসকল স্পষ্ট বিভ্ৰান্তিত আছা’।

55 - Al-Anbya (The Prophets) - 055

قَالُوٓاْ أَجِئۡتَنَا بِٱلۡحَقِّ أَمۡ أَنتَ مِنَ ٱللَّـٰعِبِينَ
সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰলৈ সত্য আনিছা, নে আমাৰ লগত ধেমালি কৰি আছা?

56 - Al-Anbya (The Prophets) - 056

قَالَ بَل رَّبُّكُمۡ رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ ٱلَّذِي فَطَرَهُنَّ وَأَنَا۠ عَلَىٰ ذَٰلِكُم مِّنَ ٱلشَّـٰهِدِينَ
তেওঁ ক’লে, ‘বৰং তোমালোকৰ প্ৰতিপালক হৈছে সেইজন, যিজনে আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক, যিয়ে এইবোৰক সৃষ্টি কৰিছে, আৰু এই বিষয়ত মই অন্যতম সাক্ষী’।

57 - Al-Anbya (The Prophets) - 057

وَتَٱللَّهِ لَأَكِيدَنَّ أَصۡنَٰمَكُم بَعۡدَ أَن تُوَلُّواْ مُدۡبِرِينَ
‘আল্লাহৰ শপত! তোমালোকে গুচি যোৱাৰ পিছত মই নিশ্চয় তোমালোকৰ মূৰ্তিবোৰৰ বিষয়ে কৌশল অৱলম্বন কৰিম’।

58 - Al-Anbya (The Prophets) - 058

فَجَعَلَهُمۡ جُذَٰذًا إِلَّا كَبِيرٗا لَّهُمۡ لَعَلَّهُمۡ إِلَيۡهِ يَرۡجِعُونَ
তাৰ পিছত তেওঁ মূৰ্তিবোৰ চূৰ্ণ-বিচূৰ্ণ কৰি দিলে কেৱল ডাঙৰ মূৰ্তিটোৰ বাহিৰে; যাতে সিহঁতে তাৰ ওচৰলৈ উভতি যায়।

59 - Al-Anbya (The Prophets) - 059

قَالُواْ مَن فَعَلَ هَٰذَا بِـَٔالِهَتِنَآ إِنَّهُۥ لَمِنَ ٱلظَّـٰلِمِينَ
সিহঁতে ক’লে, ‘আমাৰ উপাস্যবোৰৰ সৈতে কোনে এই কাম কৰিছে? নিশ্চয় সি হৈছে অন্যতম যালিম’।

60 - Al-Anbya (The Prophets) - 060

قَالُواْ سَمِعۡنَا فَتٗى يَذۡكُرُهُمۡ يُقَالُ لَهُۥٓ إِبۡرَٰهِيمُ
কিছুমানে ক’লে, ‘আমি এজন যুৱকক এইবোৰৰ সমালোচনা কৰোঁতে শুনিছোঁ; যাক ইব্ৰাহীম বুলি কোৱা হয়’।

61 - Al-Anbya (The Prophets) - 061

قَالُواْ فَأۡتُواْ بِهِۦ عَلَىٰٓ أَعۡيُنِ ٱلنَّاسِ لَعَلَّهُمۡ يَشۡهَدُونَ
সিহঁতে ক’লে, ‘তেনেহ’লে তাক জনসন্মুখত উপস্থিত কৰাঁ, যাতে সিহঁতে সাক্ষ্য হয়’।

62 - Al-Anbya (The Prophets) - 062

قَالُوٓاْ ءَأَنتَ فَعَلۡتَ هَٰذَا بِـَٔالِهَتِنَا يَـٰٓإِبۡرَٰهِيمُ
সিহঁতে ক’লে, ‘হে ইব্ৰাহীম! আমাৰ উপাস্যবোৰৰ সৈতে তুমিয়েই এই কাম কৰিছা নেকি’?

63 - Al-Anbya (The Prophets) - 063

قَالَ بَلۡ فَعَلَهُۥ كَبِيرُهُمۡ هَٰذَا فَسۡـَٔلُوهُمۡ إِن كَانُواْ يَنطِقُونَ
তেওঁ ক’লে, ‘বৰং ইহঁতৰ এই প্ৰধানজনেই কিজানি এই কাম কৰিছে, এতেকে এইবোৰক সুধি চোৱা, যদি এইবোৰে কথা ক’ব পাৰে’।

64 - Al-Anbya (The Prophets) - 064

فَرَجَعُوٓاْ إِلَىٰٓ أَنفُسِهِمۡ فَقَالُوٓاْ إِنَّكُمۡ أَنتُمُ ٱلظَّـٰلِمُونَ
তেতিয়া সিহঁতে নিজেই পুনৰ বিবেচনা কৰি দেখিলে আৰু ইজনে সিজনক ক’লে, ‘নিশ্চয় তোমালোকেই আচল অন্যায়কাৰী’।

65 - Al-Anbya (The Prophets) - 065

ثُمَّ نُكِسُواْ عَلَىٰ رُءُوسِهِمۡ لَقَدۡ عَلِمۡتَ مَا هَـٰٓؤُلَآءِ يَنطِقُونَ
তাৰ পিছত সিহঁতৰ শিৰ নত হ’ল আৰু ক’লে, ‘তুমি দেখোন জানাই যে, এইবোৰে কথা ক'ব নোৱাৰে’।

66 - Al-Anbya (The Prophets) - 066

قَالَ أَفَتَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُكُمۡ شَيۡـٔٗا وَلَا يَضُرُّكُمۡ
তেওঁ ক’লে, ‘তেনেহ’লে তোমালোকে আল্লাহৰ পৰিবৰ্তে এনেকুৱা বস্তুৰ ইবাদত কৰা নেকি যিয়ে তোমালোকৰ কোনো উপকাৰও কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে?

67 - Al-Anbya (The Prophets) - 067

أُفّٖ لَّكُمۡ وَلِمَا تَعۡبُدُونَ مِن دُونِ ٱللَّهِۚ أَفَلَا تَعۡقِلُونَ
‘ধিক তোমালোকৰ প্ৰতি আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰৰ প্ৰতি! তথাপিও তোমালোকে নুবুজানে’?

68 - Al-Anbya (The Prophets) - 068

قَالُواْ حَرِّقُوهُ وَٱنصُرُوٓاْ ءَالِهَتَكُمۡ إِن كُنتُمۡ فَٰعِلِينَ
সিহঁতে ক’লে, ‘যদি তোমালোকে কিবা কৰিব বিচৰা তেন্তে ইয়াক জ্বলাই দিয়া আৰু তোমালোকৰ উপাস্যবোৰক সহায় কৰা’।

69 - Al-Anbya (The Prophets) - 069

قُلۡنَا يَٰنَارُ كُونِي بَرۡدٗا وَسَلَٰمًا عَلَىٰٓ إِبۡرَٰهِيمَ
আমি ক’লোঁ, ‘হে জুই! তুমি ইব্ৰাহীমৰ বাবে শীতল আৰু নিৰাপদ হৈ যোৱা’।

70 - Al-Anbya (The Prophets) - 070

وَأَرَادُواْ بِهِۦ كَيۡدٗا فَجَعَلۡنَٰهُمُ ٱلۡأَخۡسَرِينَ
সিহঁতে তেওঁক ক্ষতি সাধন কৰিবলৈ চক্ৰান্ত কৰিছিল। কিন্তু আমি সিহঁতকেই বেছি ক্ষতিগ্ৰস্ত কৰি দিলোঁ।

71 - Al-Anbya (The Prophets) - 071

وَنَجَّيۡنَٰهُ وَلُوطًا إِلَى ٱلۡأَرۡضِ ٱلَّتِي بَٰرَكۡنَا فِيهَا لِلۡعَٰلَمِينَ
আমি তেওঁক আৰু লূতক উদ্ধাৰ কৰি সেই (শ্বাম বা চিৰিয়া) দেশত লৈ গ’লোঁ, য’ত বিশ্বাবাসীৰ বাবে আমি কল্যাণ ৰাখিছোঁ।

72 - Al-Anbya (The Prophets) - 072

وَوَهَبۡنَا لَهُۥٓ إِسۡحَٰقَ وَيَعۡقُوبَ نَافِلَةٗۖ وَكُلّٗا جَعَلۡنَا صَٰلِحِينَ
আমি তেওঁক (ইব্ৰাহীমক) দান কৰিছিলোঁ ইছহাক্ব, লগতে অতিৰিক্ত পুৰস্কাৰস্বৰূপে দান কৰিছিলোঁ ইয়াকূব; আৰু প্ৰত্যেককে আমি সৎকৰ্মপৰায়ণ বনাইছিলোঁ।

73 - Al-Anbya (The Prophets) - 073

وَجَعَلۡنَٰهُمۡ أَئِمَّةٗ يَهۡدُونَ بِأَمۡرِنَا وَأَوۡحَيۡنَآ إِلَيۡهِمۡ فِعۡلَ ٱلۡخَيۡرَٰتِ وَإِقَامَ ٱلصَّلَوٰةِ وَإِيتَآءَ ٱلزَّكَوٰةِۖ وَكَانُواْ لَنَا عَٰبِدِينَ
আৰু আমি তেওঁলোকক নেতৃত্ব দান কৰিছিলোঁ, তেওঁলোকে আমাৰ নিৰ্দেশ অনুসাৰে মানুহক সঠিক পথ দেখুৱাইছিল; আৰু আমি তেওঁলোকক সৎকৰ্ম কৰিবলৈ, ছালাত কায়েম কৰিবলৈ আৰু যাকাত প্ৰদান কৰিবলৈ অহী প্ৰেৰণ কৰিছিলোঁ; আৰু তেওঁলোক আমাৰেই ইবাদতকাৰী আছিল।

74 - Al-Anbya (The Prophets) - 074

وَلُوطًا ءَاتَيۡنَٰهُ حُكۡمٗا وَعِلۡمٗا وَنَجَّيۡنَٰهُ مِنَ ٱلۡقَرۡيَةِ ٱلَّتِي كَانَت تَّعۡمَلُ ٱلۡخَبَـٰٓئِثَۚ إِنَّهُمۡ كَانُواْ قَوۡمَ سَوۡءٖ فَٰسِقِينَ
আৰু লূতক আমি দান কৰিছিলোঁ প্ৰজ্ঞা আৰু জ্ঞান, আৰু তেওঁক আমি উদ্ধাৰ কৰিছিলোঁ এনেকুৱা এটা জনপদৰ পৰা যাৰ অধিবাসীবিলাক লিপ্ত আছিল অশ্লীল কামত; নিশ্চয় সিহঁত আছিল এটা বেয়া ফাছিক্ব সম্প্ৰদায়।

75 - Al-Anbya (The Prophets) - 075

وَأَدۡخَلۡنَٰهُ فِي رَحۡمَتِنَآۖ إِنَّهُۥ مِنَ ٱلصَّـٰلِحِينَ
আৰু আমি তেওঁক আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলোঁ; নিশ্চয় তেওঁ আছিল সৎকৰ্মপৰায়ণসকলৰ অন্যতম।

76 - Al-Anbya (The Prophets) - 076

وَنُوحًا إِذۡ نَادَىٰ مِن قَبۡلُ فَٱسۡتَجَبۡنَا لَهُۥ فَنَجَّيۡنَٰهُ وَأَهۡلَهُۥ مِنَ ٱلۡكَرۡبِ ٱلۡعَظِيمِ
আৰু (স্মৰণ কৰা) নূহৰ কথা; ইতিপূৰ্বে তেওঁ যেতিয়া আহ্বান কৰিছিল তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ, লগতে তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ,

77 - Al-Anbya (The Prophets) - 077

وَنَصَرۡنَٰهُ مِنَ ٱلۡقَوۡمِ ٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَآۚ إِنَّهُمۡ كَانُواْ قَوۡمَ سَوۡءٖ فَأَغۡرَقۡنَٰهُمۡ أَجۡمَعِينَ
আৰু আমি তেওঁক সহায় কৰিছিলোঁ সেই সম্প্ৰদায়ৰ বিৰুদ্ধে যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল; নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়। এইকাৰণেই আমি সিহঁত সকলোকে ডুবাই মাৰিছিলোঁ।

78 - Al-Anbya (The Prophets) - 078

وَدَاوُۥدَ وَسُلَيۡمَٰنَ إِذۡ يَحۡكُمَانِ فِي ٱلۡحَرۡثِ إِذۡ نَفَشَتۡ فِيهِ غَنَمُ ٱلۡقَوۡمِ وَكُنَّا لِحُكۡمِهِمۡ شَٰهِدِينَ
লগতে স্মৰণ কৰা দাউদ আৰু ছুলাইমানক, যেতিয়া তেওঁলোকে শস্যক্ষেত্ৰ সম্পৰ্কে বিচাৰ কৰিছিল; যি শস্যক্ষেত্ৰত ৰাতি মানুহৰ ভেৰা-ছাগলী প্ৰৱেশ কৰিছিল; আৰু আমি তেওঁলোকৰ বিচাৰ পৰ্যবেক্ষণ কৰি আছিলোঁ।

79 - Al-Anbya (The Prophets) - 079

فَفَهَّمۡنَٰهَا سُلَيۡمَٰنَۚ وَكُلًّا ءَاتَيۡنَا حُكۡمٗا وَعِلۡمٗاۚ وَسَخَّرۡنَا مَعَ دَاوُۥدَ ٱلۡجِبَالَ يُسَبِّحۡنَ وَٱلطَّيۡرَۚ وَكُنَّا فَٰعِلِينَ
এতেকে আমি ছুলাইমানক এই বিষয়ৰ মীমাংসা বুজাই দিছিলোঁ আৰু তেওঁলোক দুয়োকে প্ৰজ্ঞা আৰু জ্ঞান দান কৰিছিলোঁ, লগতে পৰ্বত আৰু চৰাইবোৰক আমি দাউদৰ অনুগত কৰি দিছিলোঁ, সেইবোৰে তেওঁৰ লগত পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিছিল; আৰু আমিয়েই আছিলোঁ এইবোৰৰ কৰ্তা।

80 - Al-Anbya (The Prophets) - 080

وَعَلَّمۡنَٰهُ صَنۡعَةَ لَبُوسٖ لَّكُمۡ لِتُحۡصِنَكُم مِّنۢ بَأۡسِكُمۡۖ فَهَلۡ أَنتُمۡ شَٰكِرُونَ
আৰু আমি তেওঁক তোমালোকৰ বাবেই কৱচ নিৰ্মাণৰ শিক্ষা দিছিলোঁ, যাতে ই যুদ্ধত তোমালোকক ৰক্ষা কৰে; গতিকে তোমালোকে কৃতজ্ঞ হ’বানে?

81 - Al-Anbya (The Prophets) - 081

وَلِسُلَيۡمَٰنَ ٱلرِّيحَ عَاصِفَةٗ تَجۡرِي بِأَمۡرِهِۦٓ إِلَى ٱلۡأَرۡضِ ٱلَّتِي بَٰرَكۡنَا فِيهَاۚ وَكُنَّا بِكُلِّ شَيۡءٍ عَٰلِمِينَ
আৰু প্ৰবল বায়ুক ছুলাইমানৰ বশীভূত কৰি দিছিলোঁ; যিটো তেওঁৰ নিৰ্দেশত প্ৰবাহিত হৈছিল সেই দেশৰ পিনে যি দেশত আমি প্ৰভূত কল্যাণ ৰাখি থৈছোঁ; আৰু প্ৰত্যেক বিষয় সম্পৰ্কে আমিয়েই সম্যক জ্ঞানী।

82 - Al-Anbya (The Prophets) - 082

وَمِنَ ٱلشَّيَٰطِينِ مَن يَغُوصُونَ لَهُۥ وَيَعۡمَلُونَ عَمَلٗا دُونَ ذَٰلِكَۖ وَكُنَّا لَهُمۡ حَٰفِظِينَ
আৰু চয়তানসকলৰ মাজৰ পৰাও (কিছুমানক তেওঁৰ বশীভূত কৰিছিলোঁ), সিহঁতে তেওঁৰ বাবে ডুবাৰুৰ কাম কৰিছিল, ইয়াৰ বাহিৰেও ভিন ভিন কাম কৰিছিল; আৰু আমিয়েই সিহঁতৰ ৰক্ষাকাৰী আছিলোঁ।

83 - Al-Anbya (The Prophets) - 083

۞وَأَيُّوبَ إِذۡ نَادَىٰ رَبَّهُۥٓ أَنِّي مَسَّنِيَ ٱلضُّرُّ وَأَنتَ أَرۡحَمُ ٱلرَّـٰحِمِينَ
লগতে স্মৰণ কৰা আইয়ূবৰ কথা, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই দুখ-কষ্টত পতিত হৈছোঁ, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।

84 - Al-Anbya (The Prophets) - 084

فَٱسۡتَجَبۡنَا لَهُۥ فَكَشَفۡنَا مَا بِهِۦ مِن ضُرّٖۖ وَءَاتَيۡنَٰهُ أَهۡلَهُۥ وَمِثۡلَهُم مَّعَهُمۡ رَحۡمَةٗ مِّنۡ عِندِنَا وَذِكۡرَىٰ لِلۡعَٰبِدِينَ
তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ, তেওঁৰ দুখ-কষ্ট দূৰ কৰি দিছিলোঁ, আৰু তেওঁক তেওঁৰ পৰিয়ালবৰ্গ ওভতাই দিছিলোঁ আৰু প্ৰদান কৰিছিলোঁ তেওঁলোকৰ লগতে তেওঁলোকৰ সমপৰিমাণ, আমাৰ ফালৰ পৰা বিশেষ ৰহমতস্বৰূপে আৰু ইবাদতকাৰীসকলৰ বাবে উপদেশ হিচাপে।

85 - Al-Anbya (The Prophets) - 085

وَإِسۡمَٰعِيلَ وَإِدۡرِيسَ وَذَا ٱلۡكِفۡلِۖ كُلّٞ مِّنَ ٱلصَّـٰبِرِينَ
আৰু স্মৰণ কৰা ইছমাঈল, ইদ্ৰীছ আৰু জুল-কিফ্লক, তেওঁলোকৰ প্ৰত্যেকেই আছিল ধৈৰ্য্যশীল;

86 - Al-Anbya (The Prophets) - 086

وَأَدۡخَلۡنَٰهُمۡ فِي رَحۡمَتِنَآۖ إِنَّهُم مِّنَ ٱلصَّـٰلِحِينَ
আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলোঁ। নিশ্চয় তেওঁলোক আছিল সৎকৰ্মপৰায়ণ।

87 - Al-Anbya (The Prophets) - 087

وَذَا ٱلنُّونِ إِذ ذَّهَبَ مُغَٰضِبٗا فَظَنَّ أَن لَّن نَّقۡدِرَ عَلَيۡهِ فَنَادَىٰ فِي ٱلظُّلُمَٰتِ أَن لَّآ إِلَٰهَ إِلَّآ أَنتَ سُبۡحَٰنَكَ إِنِّي كُنتُ مِنَ ٱلظَّـٰلِمِينَ
আৰু স্মৰণ কৰা জুন-নুনক (মাছৰ গৰাকী ইউনুছক), যেতিয়া তেওঁ ক্ৰোধ অৱস্থাত গুচি গৈছিল আৰু ধাৰণা কৰিছিল যে, আমি তেওঁৰ প্ৰতি সংকীৰ্ণতা নকৰিম। তাৰ পিছত তেওঁ অন্ধকাৰৰ পৰা আহ্বান কৰি কৈছিল যে, ‘তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তুমি পৱিত্ৰ মহান, নিশ্চয় মই অন্যায় কৰিছিলোঁ’।

88 - Al-Anbya (The Prophets) - 088

فَٱسۡتَجَبۡنَا لَهُۥ وَنَجَّيۡنَٰهُ مِنَ ٱلۡغَمِّۚ وَكَذَٰلِكَ نُـۨجِي ٱلۡمُؤۡمِنِينَ
তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ আৰু তেওঁক দুশ্চিন্তাৰ পৰা উদ্ধাৰ কৰিছিলোঁ, আৰু এইদৰেই আমি মুমিনসকলক উদ্ধাৰ কৰোঁ।

89 - Al-Anbya (The Prophets) - 089

وَزَكَرِيَّآ إِذۡ نَادَىٰ رَبَّهُۥ رَبِّ لَا تَذَرۡنِي فَرۡدٗا وَأَنتَ خَيۡرُ ٱلۡوَٰرِثِينَ
আৰু স্মৰণ কৰা যাকাৰিয়্যাৰ কথা, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘হে মোৰ প্ৰতিপালক! মোক অকলশৰীয়াকৈ (নিঃসন্তান) এৰি নিদিবা, তুমিয়েইতো শ্ৰেষ্ঠ উত্তৰাধিকাৰী’।

90 - Al-Anbya (The Prophets) - 090

فَٱسۡتَجَبۡنَا لَهُۥ وَوَهَبۡنَا لَهُۥ يَحۡيَىٰ وَأَصۡلَحۡنَا لَهُۥ زَوۡجَهُۥٓۚ إِنَّهُمۡ كَانُواْ يُسَٰرِعُونَ فِي ٱلۡخَيۡرَٰتِ وَيَدۡعُونَنَا رَغَبٗا وَرَهَبٗاۖ وَكَانُواْ لَنَا خَٰشِعِينَ
ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ আৰু তেওঁক দান কৰিছিলোঁ ইয়াহইয়া, আৰু তেওঁৰ বাবে তেওঁৰ স্ত্ৰীক (গৰ্ভধাৰণৰ) যোগ্য কৰিছিলোঁ। তেওঁলোকে সৎকৰ্মত প্ৰতিযোগিতা কৰিছিল, লগতে তেওঁলোকে আমাক আগ্ৰহ আৰু ভীতিৰ সৈতে আহ্বান কৰিছিল আৰু তেওঁলোক আমাৰ প্ৰতি বিনীত আছিল।

91 - Al-Anbya (The Prophets) - 091

وَٱلَّتِيٓ أَحۡصَنَتۡ فَرۡجَهَا فَنَفَخۡنَا فِيهَا مِن رُّوحِنَا وَجَعَلۡنَٰهَا وَٱبۡنَهَآ ءَايَةٗ لِّلۡعَٰلَمِينَ
আৰু স্মৰণ কৰা সেইজনী নাৰীৰ কথা, যিয়ে নিজৰ লজ্জাস্থানক হিফাজত কৰিছিল, সেয়ে তাৰ মাজত আমি আমাৰ ৰূহ ফুঁৱাই দিছিলোঁ। তেওঁক আৰু তেওঁৰ পুত্ৰক বিশ্ববাসীৰ বাবে এটা নিদৰ্শন বনাইছিলোঁ।

92 - Al-Anbya (The Prophets) - 092<

Scroll to Top