يونس

 

Yunus

 

Jonah

1 - Yunus (Jonah) - 001

الٓرۚ تِلۡكَ ءَايَٰتُ ٱلۡكِتَٰبِ ٱلۡحَكِيمِ
আলিফ লাম-ৰা।[1] এইবোৰ হৈছে প্ৰজ্ঞাপূৰ্ণ কিতাবৰ আয়াত।
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

2 - Yunus (Jonah) - 002

أَكَانَ لِلنَّاسِ عَجَبًا أَنۡ أَوۡحَيۡنَآ إِلَىٰ رَجُلٖ مِّنۡهُمۡ أَنۡ أَنذِرِ ٱلنَّاسَ وَبَشِّرِ ٱلَّذِينَ ءَامَنُوٓاْ أَنَّ لَهُمۡ قَدَمَ صِدۡقٍ عِندَ رَبِّهِمۡۗ قَالَ ٱلۡكَٰفِرُونَ إِنَّ هَٰذَا لَسَٰحِرٞ مُّبِينٌ
মানুহৰ বাবে এইটো বিস্ময়কৰ বিষয় নেকি যে, আমি সিহঁতৰ মাজৰ পৰাই এজনৰ ওচৰলৈ অহী প্ৰেৰণ কৰিছোঁ যে, তুমি মানুহক সতৰ্ক কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া যে, তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে উচ্চ মৰ্যাদা। কাফিৰসকলে কয়, ‘নিশ্চয় এওঁ এজন প্ৰকাশ্য যাদুকৰ’।

3 - Yunus (Jonah) - 003

إِنَّ رَبَّكُمُ ٱللَّهُ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ يُدَبِّرُ ٱلۡأَمۡرَۖ مَا مِن شَفِيعٍ إِلَّا مِنۢ بَعۡدِ إِذۡنِهِۦۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمۡ فَٱعۡبُدُوهُۚ أَفَلَا تَذَكَّرُونَ
নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে (মহান) আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে। তেওঁৰ অনুমতি লাভ নকৰাকৈ চুপাৰিছ কৰাৰ ক্ষমতা কাৰো নাই। সেইজন (স্ৰষ্টা আৰু পৰিচালকেই) হৈছে আল্লাহ, তোমালোকৰ প্ৰতিপালক; গতিকে তোমালোকে তেওঁৰেই ইবাদত কৰা। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?

4 - Yunus (Jonah) - 004

إِلَيۡهِ مَرۡجِعُكُمۡ جَمِيعٗاۖ وَعۡدَ ٱللَّهِ حَقًّاۚ إِنَّهُۥ يَبۡدَؤُاْ ٱلۡخَلۡقَ ثُمَّ يُعِيدُهُۥ لِيَجۡزِيَ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ بِٱلۡقِسۡطِۚ وَٱلَّذِينَ كَفَرُواْ لَهُمۡ شَرَابٞ مِّنۡ حَمِيمٖ وَعَذَابٌ أَلِيمُۢ بِمَا كَانُواْ يَكۡفُرُونَ
তেওঁৰ ওচৰতেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। নিশ্চয় তেৱেঁই সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই সেইটোৰ পুনৰাবৃত্তি ঘটাব, যাতে সেইসকল লোকক ইনচাফপূৰ্ণ প্ৰতিফল প্ৰদান কৰিব পাৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। আনহাতে যিসকলে কুফুৰী কৰিছে সিহঁতৰ বাবে আছে অত্যন্ত গৰম পানী আৰু অতি কষ্টদায়ক শাস্তি; কাৰণ সিহঁতে কুফুৰী কৰিছিল।

5 - Yunus (Jonah) - 005

هُوَ ٱلَّذِي جَعَلَ ٱلشَّمۡسَ ضِيَآءٗ وَٱلۡقَمَرَ نُورٗا وَقَدَّرَهُۥ مَنَازِلَ لِتَعۡلَمُواْ عَدَدَ ٱلسِّنِينَ وَٱلۡحِسَابَۚ مَا خَلَقَ ٱللَّهُ ذَٰلِكَ إِلَّا بِٱلۡحَقِّۚ يُفَصِّلُ ٱلۡأٓيَٰتِ لِقَوۡمٖ يَعۡلَمُونَ
তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ (গতিৰ) বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মনযিল (কক্ষপথ), যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা। আল্লাহে এইবোৰক যথাযথভাৱেই সৃষ্টি কৰিছে। তেওঁ জ্ঞানী সম্প্ৰদায়ৰ বাবে এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে।

6 - Yunus (Jonah) - 006

إِنَّ فِي ٱخۡتِلَٰفِ ٱلَّيۡلِ وَٱلنَّهَارِ وَمَا خَلَقَ ٱللَّهُ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ لَأٓيَٰتٖ لِّقَوۡمٖ يَتَّقُونَ
নিশ্চয় দিন আৰু ৰাতিৰ পৰিবৰ্তনত আৰু আল্লাহে আকাশসমূহ আৰু পৃথিৱীত যি সৃষ্টি কৰিছে তাৰ মাজত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে।

7 - Yunus (Jonah) - 007

إِنَّ ٱلَّذِينَ لَا يَرۡجُونَ لِقَآءَنَا وَرَضُواْ بِٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَٱطۡمَأَنُّواْ بِهَا وَٱلَّذِينَ هُمۡ عَنۡ ءَايَٰتِنَا غَٰفِلُونَ
নিশ্চয় যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে, আৰু পাৰ্থিৱ জীৱনক লৈয়ে সন্তুষ্ট হৈছে, লগতে ইয়াকলৈয়ে পৰিতৃপ্ত, আৰু যিসকলে আমাৰ নিদৰ্শনাৱলী সম্পৰ্কে গাফিল,

8 - Yunus (Jonah) - 008

أُوْلَـٰٓئِكَ مَأۡوَىٰهُمُ ٱلنَّارُ بِمَا كَانُواْ يَكۡسِبُونَ
সিহঁতৰ কৃতকৰ্মৰ বাবেই সিহঁতৰ ঠিকনা হ’ব অগ্নি (জাহান্নাম)।

9 - Yunus (Jonah) - 009

إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ يَهۡدِيهِمۡ رَبُّهُم بِإِيمَٰنِهِمۡۖ تَجۡرِي مِن تَحۡتِهِمُ ٱلۡأَنۡهَٰرُ فِي جَنَّـٰتِ ٱلنَّعِيمِ
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পথ নিৰ্দেশ কৰিব, কাৰণ তেওঁলোকে ঈমান পোষণ কৰিছে; নিয়ামতেৰে পৰিপূৰ্ণ জান্নাতত তেওঁলোকৰ (বাসস্থানৰ) তলত নদীসমূহ প্ৰবাহিত থাকিব।

10 - Yunus (Jonah) - 010

دَعۡوَىٰهُمۡ فِيهَا سُبۡحَٰنَكَ ٱللَّهُمَّ وَتَحِيَّتُهُمۡ فِيهَا سَلَٰمٞۚ وَءَاخِرُ دَعۡوَىٰهُمۡ أَنِ ٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ
তাত তেওঁলোকৰ ধ্বনি হ’বঃ ‘হে আল্লাহ! তুমি মহান, পৱিত্ৰ’! আৰু তাত তেওঁলোকৰ (পৰস্পৰৰ) অভিবাদন হ’ব, ‘ছালাম’ লগতে তেওঁলোকৰ শেষ ধ্বনি হ’বঃ ‘সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবে’।

11 - Yunus (Jonah) - 011

۞وَلَوۡ يُعَجِّلُ ٱللَّهُ لِلنَّاسِ ٱلشَّرَّ ٱسۡتِعۡجَالَهُم بِٱلۡخَيۡرِ لَقُضِيَ إِلَيۡهِمۡ أَجَلُهُمۡۖ فَنَذَرُ ٱلَّذِينَ لَا يَرۡجُونَ لِقَآءَنَا فِي طُغۡيَٰنِهِمۡ يَعۡمَهُونَ
আৰু যদি আল্লাহে মানুহৰ অকল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰখেদা কৰিলেহেঁতেন, যেনেকৈ তেওঁ সিহঁতৰ কল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰধৰ কৰে, তেন্তে নিশ্চয় সিহঁতৰ নিৰ্দিষ্টি সময় কেতিয়াবাই আহি গ’লহেঁতেন। গতিকে যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতক আমি সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিওঁ।

12 - Yunus (Jonah) - 012

وَإِذَا مَسَّ ٱلۡإِنسَٰنَ ٱلضُّرُّ دَعَانَا لِجَنۢبِهِۦٓ أَوۡ قَاعِدًا أَوۡ قَآئِمٗا فَلَمَّا كَشَفۡنَا عَنۡهُ ضُرَّهُۥ مَرَّ كَأَن لَّمۡ يَدۡعُنَآ إِلَىٰ ضُرّٖ مَّسَّهُۥۚ كَذَٰلِكَ زُيِّنَ لِلۡمُسۡرِفِينَ مَا كَانُواْ يَعۡمَلُونَ
আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি শুই, বহি অথবা থিয় হৈও আমাক আহ্বান কৰে। তাৰ পিছত যেতিয়া আমি তাৰ সেই দুখ-দৈন্য দূৰ কৰি দিওঁ, তেতিয়া সি এনেকৈ চলা-ফুৰা কৰে যে তাক আক্ৰান্ত কৰা দুখ-দৈন্যৰ পৰা পৰিত্ৰাণ কৰিবলৈ সি যেনিবা আমাক আহ্বান কৰাই নাছিল। এইদৰেই সীমালংঘনকাৰীসকলৰ কৃতকৰ্মক সিহঁতৰ ওচৰত শোভনীয় কৰি দিয়া হৈছে।

13 - Yunus (Jonah) - 013

وَلَقَدۡ أَهۡلَكۡنَا ٱلۡقُرُونَ مِن قَبۡلِكُمۡ لَمَّا ظَلَمُواْ وَجَآءَتۡهُمۡ رُسُلُهُم بِٱلۡبَيِّنَٰتِ وَمَا كَانُواْ لِيُؤۡمِنُواْۚ كَذَٰلِكَ نَجۡزِي ٱلۡقَوۡمَ ٱلۡمُجۡرِمِينَ
আৰু নিশ্চয় আমি তোমালোকৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছোঁ, যেতিয়া সিহঁতে যুলুম (সীমালংঘন) কৰিছিল; আৰু সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদিসহ আগমন কৰিছিল, তথাপিও সিহঁতে ঈমান পোষণ কৰিবলৈ প্ৰস্তুত নাছিল। এইদৰেই আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল দি থাকোঁ।

14 - Yunus (Jonah) - 014

ثُمَّ جَعَلۡنَٰكُمۡ خَلَـٰٓئِفَ فِي ٱلۡأَرۡضِ مِنۢ بَعۡدِهِمۡ لِنَنظُرَ كَيۡفَ تَعۡمَلُونَ
তাৰ পিছত আমি তোমালোকক সিহঁতৰ পিছত পৃথিৱীত স্থলাভিষিক্ত কৰিছোঁ, যাতে আমি এইটো চাব পাৰোঁ যে তোমালোকে কেনেকুৱা আমল কৰা।

15 - Yunus (Jonah) - 015

وَإِذَا تُتۡلَىٰ عَلَيۡهِمۡ ءَايَاتُنَا بَيِّنَٰتٖ قَالَ ٱلَّذِينَ لَا يَرۡجُونَ لِقَآءَنَا ٱئۡتِ بِقُرۡءَانٍ غَيۡرِ هَٰذَآ أَوۡ بَدِّلۡهُۚ قُلۡ مَا يَكُونُ لِيٓ أَنۡ أُبَدِّلَهُۥ مِن تِلۡقَآيِٕ نَفۡسِيٓۖ إِنۡ أَتَّبِعُ إِلَّا مَا يُوحَىٰٓ إِلَيَّۖ إِنِّيٓ أَخَافُ إِنۡ عَصَيۡتُ رَبِّي عَذَابَ يَوۡمٍ عَظِيمٖ
আৰু যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ সিহঁতৰ ওচৰত পাঠ কৰা হয়, তেতিয়া যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতে কয়, ‘ইয়াৰ বাহিৰে আন এখন কোৰআন লৈ আহা, অথবা ইয়াকে পৰিবৰ্তন কৰা’। কোৱা, ‘মই মোৰ নিজৰ ফালৰ পৰা ইয়াত সাল-সলনি কৰাটো সম্ভৱ নহয়। মোৰ প্ৰতি যি অহী প্ৰেৰণ কৰা হয় মই কেৱল সেইটোৰহে অনুসৰণ কৰোঁ। যদি মই মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰোঁ তেন্তে মই ভয় কৰোঁ নিশ্চয় মহা দিৱসৰ শাস্তিয়ে মোক আক্ৰান্ত কৰিব’।

16 - Yunus (Jonah) - 016

قُل لَّوۡ شَآءَ ٱللَّهُ مَا تَلَوۡتُهُۥ عَلَيۡكُمۡ وَلَآ أَدۡرَىٰكُم بِهِۦۖ فَقَدۡ لَبِثۡتُ فِيكُمۡ عُمُرٗا مِّن قَبۡلِهِۦٓۚ أَفَلَا تَعۡقِلُونَ
কোৱা, ‘আল্লাহে যদি বিচাৰিলেহেঁতেন তেন্তে ময়ো তোমালোকৰ ওচৰত এইটো তিলাৱত নকৰিলোঁহেঁতেন আৰু তেৱোঁ তোমালোকক এই বিষয়ে নজনালেহেঁতেন। মইতো ইয়াৰ আগতেও তোমালোকৰ মাজত জীৱনৰ এটা দীৰ্ঘকাল অৱস্থান কৰিছোঁ, তথাপিও তোমালোকে বুজি নোপোৱানে’?

17 - Yunus (Jonah) - 017

فَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوۡ كَذَّبَ بِـَٔايَٰتِهِۦٓۚ إِنَّهُۥ لَا يُفۡلِحُ ٱلۡمُجۡرِمُونَ
এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে বা আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে, সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? নিশ্চয় অপৰাধীসকল কেতিয়াও সফল হ’ব নোৱাৰে।

18 - Yunus (Jonah) - 018

وَيَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَضُرُّهُمۡ وَلَا يَنفَعُهُمۡ وَيَقُولُونَ هَـٰٓؤُلَآءِ شُفَعَـٰٓؤُنَا عِندَ ٱللَّهِۚ قُلۡ أَتُنَبِّـُٔونَ ٱللَّهَ بِمَا لَا يَعۡلَمُ فِي ٱلسَّمَٰوَٰتِ وَلَا فِي ٱلۡأَرۡضِۚ سُبۡحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ
আৰু সিহঁতে আল্লাহক এৰি বেলেগৰ ইবাদত কৰে যিসকলে সিহঁতৰ ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে; লগতে সিহঁতে কয়, ‘এইসকল হৈছে আল্লাহৰ ওচৰত আমাৰ চুপাৰিছকাৰী’। কোৱা, ‘তোমালোকে আল্লাহক আকাশমণ্ডল আৰু পৃথিৱীৰ এনেকুৱা কোনো বিষয়ৰ সংবাদ দি আছা নেকি, যি বিষয়ে তেওঁ নাজানে?, তেওঁ মহান, পৱিত্ৰ’, আৰু সিহঁতে যিবোৰক তেওঁৰ সৈতে অংশী কৰে, তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।

19 - Yunus (Jonah) - 019

وَمَا كَانَ ٱلنَّاسُ إِلَّآ أُمَّةٗ وَٰحِدَةٗ فَٱخۡتَلَفُواْۚ وَلَوۡلَا كَلِمَةٞ سَبَقَتۡ مِن رَّبِّكَ لَقُضِيَ بَيۡنَهُمۡ فِيمَا فِيهِ يَخۡتَلِفُونَ
আৰু (আৰম্ভণিত) মানুহৰ এটাই উম্মত আছিল, পিছতহে সিহঁতে মতভেদ সৃষ্টি কৰিছে। তোমাৰ প্ৰতিপালকৰ পূৰ্ব-ঘোষণা নাথাকিলে, সিহঁতে যিবোৰ বিষয়ত মতভেদ কৰিছে সেইবোৰৰ মীমাংসা হৈয়ে গ’লহেঁতেন।

20 - Yunus (Jonah) - 020

وَيَقُولُونَ لَوۡلَآ أُنزِلَ عَلَيۡهِ ءَايَةٞ مِّن رَّبِّهِۦۖ فَقُلۡ إِنَّمَا ٱلۡغَيۡبُ لِلَّهِ فَٱنتَظِرُوٓاْ إِنِّي مَعَكُم مِّنَ ٱلۡمُنتَظِرِينَ
আৰু সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰলৈ কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? এতেকে তুমি কোৱা, ‘গায়েবৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে। গতিকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰিছোঁ’।

21 - Yunus (Jonah) - 021

وَإِذَآ أَذَقۡنَا ٱلنَّاسَ رَحۡمَةٗ مِّنۢ بَعۡدِ ضَرَّآءَ مَسَّتۡهُمۡ إِذَا لَهُم مَّكۡرٞ فِيٓ ءَايَاتِنَاۚ قُلِ ٱللَّهُ أَسۡرَعُ مَكۡرًاۚ إِنَّ رُسُلَنَا يَكۡتُبُونَ مَا تَمۡكُرُونَ
দুখ-দন্যই সিহঁতক স্পৰ্শ কৰাৰ পিছত যেতিয়াই আমি মানুহক অনুগ্ৰহৰ সোৱাদ দিওঁ তেতিয়াই সিহঁতে আমাৰ আয়াতসমূহৰ বিৰুদ্ধে অপকৌশল আৰম্ভ কৰে। কোৱা, ‘আল্লাহ কৌশল অৱলম্বনত আৰু অধিক তৎপৰ’। তোমালোকে যি অপকৌশল কৰা, নিশ্চয় আমাৰ ফিৰিস্তাসকলে সেইবোৰ লিখি ৰাখে।

22 - Yunus (Jonah) - 022

هُوَ ٱلَّذِي يُسَيِّرُكُمۡ فِي ٱلۡبَرِّ وَٱلۡبَحۡرِۖ حَتَّىٰٓ إِذَا كُنتُمۡ فِي ٱلۡفُلۡكِ وَجَرَيۡنَ بِهِم بِرِيحٖ طَيِّبَةٖ وَفَرِحُواْ بِهَا جَآءَتۡهَا رِيحٌ عَاصِفٞ وَجَآءَهُمُ ٱلۡمَوۡجُ مِن كُلِّ مَكَانٖ وَظَنُّوٓاْ أَنَّهُمۡ أُحِيطَ بِهِمۡ دَعَوُاْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ لَئِنۡ أَنجَيۡتَنَا مِنۡ هَٰذِهِۦ لَنَكُونَنَّ مِنَ ٱلشَّـٰكِرِينَ
তেৱেঁই তোমালোকক জল-স্থলত ভ্ৰমণ কৰায়। আনকি তোমালোকে যেতিয়া নৌযানত আৰোহণ কৰা, আৰু সেই নৌযানবোৰে আৰোহীসকলকলৈ অনুকূল বতাহৰ সহায়ত চলাচল কৰে তেতিয়া সিহঁত আনন্দিত হয়, কিন্তু হঠাৎ যেতিয়া প্ৰবল ধুমুহা আহে, আৰু চাৰিওফালৰ পৰা ঢৌ আহিবলৈ ধৰে তেতিয়া সিহঁতে নিশ্চিত ধাৰণা কৰে যে, সিহঁত (বিপদৰ দ্বাৰা) পৰিবেষ্টিত হৈছে, (তেতিয়া) সিহঁতে সৰলচিত্তে আনুগত্য সহকাৰে কেৱল আল্লাহকেই প্ৰাৰ্থনা কৰে যে, ‘তুমি যদি আমাক ইয়াৰ পৰা ৰক্ষা কৰা, নিশ্চয় আমি কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।

23 - Yunus (Jonah) - 023

فَلَمَّآ أَنجَىٰهُمۡ إِذَا هُمۡ يَبۡغُونَ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّۗ يَـٰٓأَيُّهَا ٱلنَّاسُ إِنَّمَا بَغۡيُكُمۡ عَلَىٰٓ أَنفُسِكُمۖ مَّتَٰعَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ ثُمَّ إِلَيۡنَا مَرۡجِعُكُمۡ فَنُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَ
তাৰ পিছত তেওঁ যেতিয়া সিহঁতক বিপদমুক্ত কৰে তেতিয়া সিহঁতে পৃথিৱীত অন্যায়ভাৱে সীমালংঘন কৰি থাকে। হে মানৱ! (জানি থোৱা) তোমালোকৰ সীমালংঘন কেৱল তোমালোকৰ বিৰুদ্ধেই (ক্ষতিকৰ) হয়; পাৰ্থিৱ জীৱনৰ সুখ উপভোগ কৰি লোৱা, পিছত আমাৰ ওচৰলৈকেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তেতিয়া আমি তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।

24 - Yunus (Jonah) - 024

إِنَّمَا مَثَلُ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا كَمَآءٍ أَنزَلۡنَٰهُ مِنَ ٱلسَّمَآءِ فَٱخۡتَلَطَ بِهِۦ نَبَاتُ ٱلۡأَرۡضِ مِمَّا يَأۡكُلُ ٱلنَّاسُ وَٱلۡأَنۡعَٰمُ حَتَّىٰٓ إِذَآ أَخَذَتِ ٱلۡأَرۡضُ زُخۡرُفَهَا وَٱزَّيَّنَتۡ وَظَنَّ أَهۡلُهَآ أَنَّهُمۡ قَٰدِرُونَ عَلَيۡهَآ أَتَىٰهَآ أَمۡرُنَا لَيۡلًا أَوۡ نَهَارٗا فَجَعَلۡنَٰهَا حَصِيدٗا كَأَن لَّمۡ تَغۡنَ بِٱلۡأَمۡسِۚ كَذَٰلِكَ نُفَصِّلُ ٱلۡأٓيَٰتِ لِقَوۡمٖ يَتَفَكَّرُونَ
পাৰ্থিৱ জীৱনৰ উদাহৰণ পানীৰ দৰে, যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰোঁ, ইয়াৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, যিবোৰ মানুহে আৰু জীৱ-জন্তুৱে খায়। তাৰ পিছত যেতিয়া ভূমি সুজলা-সুফলা আৰু মনোমোহা হৈ উঠে আৰু তাৰ গিৰিহঁতে ভাৱে যে, সেইবোৰ সিহঁতৰ আয়ত্তাধীন, তেতিয়া দিনতে হওক বা ৰাতিত আমাৰ আদেশ আহি পৰে, তাৰ পিছত আমি সেইবোৰ এনেকৈ নিৰ্মূল কৰি দিওঁ যেনিবা যোৱাকালি ইয়াৰ কোনো অস্তিত্বই নাছিল। এইদৰেই আমি চিন্তাশীল সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ।

25 - Yunus (Jonah) - 025

وَٱللَّهُ يَدۡعُوٓاْ إِلَىٰ دَارِ ٱلسَّلَٰمِ وَيَهۡدِي مَن يَشَآءُ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ
আল্লাহে (মানুহক) শান্তিৰ আবাসৰ ফালে আহ্বান কৰে আৰু যাক ইচ্ছা কৰে সৰল পথত পৰিচালিত কৰে।

26 - Yunus (Jonah) - 026

۞لِّلَّذِينَ أَحۡسَنُواْ ٱلۡحُسۡنَىٰ وَزِيَادَةٞۖ وَلَا يَرۡهَقُ وُجُوهَهُمۡ قَتَرٞ وَلَا ذِلَّةٌۚ أُوْلَـٰٓئِكَ أَصۡحَٰبُ ٱلۡجَنَّةِۖ هُمۡ فِيهَا خَٰلِدُونَ
যিসকলে ইহছানৰ সৈতে আমল কৰে (উত্তমৰূপে কাম কৰে) তেওঁলোকৰ বাবে আছে জান্নাত বৰং আৰু অধিক (আল্লাহৰ সাক্ষাৎ)। মলিনতা আৰু হীনতাই তেওঁলোকৰ মুখমণ্ডলক আচ্ছন্ন নকৰিব। তেওঁলোকেই হৈছে জান্নাতৰ অধিবাসী, তেওঁলোকে তাত অনন্তকাল বসবাস কৰিব।

27 - Yunus (Jonah) - 027

وَٱلَّذِينَ كَسَبُواْ ٱلسَّيِّـَٔاتِ جَزَآءُ سَيِّئَةِۭ بِمِثۡلِهَا وَتَرۡهَقُهُمۡ ذِلَّةٞۖ مَّا لَهُم مِّنَ ٱللَّهِ مِنۡ عَاصِمٖۖ كَأَنَّمَآ أُغۡشِيَتۡ وُجُوهُهُمۡ قِطَعٗا مِّنَ ٱلَّيۡلِ مُظۡلِمًاۚ أُوْلَـٰٓئِكَ أَصۡحَٰبُ ٱلنَّارِۖ هُمۡ فِيهَا خَٰلِدُونَ
আনহাতে যিসকলে বেয়া কাম কৰে, প্ৰতিটো বেয়া কামৰ প্ৰতিদান হ’ব সেই অনুপাতেই; লগতে হীনতাই সিহঁতক আচ্ছন্ন কৰিব; আল্লাহৰ (শাস্তিৰ) পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাথাকিব; সিহঁতৰ মুখমণ্ডল এনেকৈ অন্ধকাৰাচ্ছন্ন হৈ থাকিব যেনিবা ৰাতিৰ অন্ধকাৰৰ আৱৰণে সিহঁতক ছাটি ধৰিছে। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।

28 - Yunus (Jonah) - 028

وَيَوۡمَ نَحۡشُرُهُمۡ جَمِيعٗا ثُمَّ نَقُولُ لِلَّذِينَ أَشۡرَكُواْ مَكَانَكُمۡ أَنتُمۡ وَشُرَكَآؤُكُمۡۚ فَزَيَّلۡنَا بَيۡنَهُمۡۖ وَقَالَ شُرَكَآؤُهُم مَّا كُنتُمۡ إِيَّانَا تَعۡبُدُونَ
আৰু (স্মৰণ কৰা) যিদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰিম। তাৰ পিছত মুশ্বৰিকসকলক সুধিম, ‘তোমালোক আৰু তোমালোকে নিৰূপণ কৰা অংশীবিলাক (আটায়ে) নিজৰ নিজৰ স্থানত অৱস্থান কৰা’; তাৰ পিছত আমি সিহঁতক পৰস্পৰৰ পৰা পৃথক কৰি দিম, তেতিয়া সিহঁতৰ অংশীবিলাকে (সিহঁতক সম্বোধন কৰি) ক’ব, ‘তোমালোকে আমাৰ ইবাদত কৰা নাছিলা’।

29 - Yunus (Jonah) - 029

فَكَفَىٰ بِٱللَّهِ شَهِيدَۢا بَيۡنَنَا وَبَيۡنَكُمۡ إِن كُنَّا عَنۡ عِبَادَتِكُمۡ لَغَٰفِلِينَ
‘প্ৰকৃততে আল্লাহেই আমাৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে যথেষ্ট যে, নিশ্চয় আমি তোমালোকৰ ইবাদত সম্পৰ্কে অজ্ঞাত আছিলোঁ’।

30 - Yunus (Jonah) - 030

هُنَالِكَ تَبۡلُواْ كُلُّ نَفۡسٖ مَّآ أَسۡلَفَتۡۚ وَرُدُّوٓاْ إِلَى ٱللَّهِ مَوۡلَىٰهُمُ ٱلۡحَقِّۖ وَضَلَّ عَنۡهُم مَّا كَانُواْ يَفۡتَرُونَ
সেইদিনা প্ৰত্যেকেই পূৰ্বে কৰা নিজৰ কৃতকৰ্মসমূহ পৰীক্ষা কৰি লব আৰু সিহঁতক সিহঁতৰ প্ৰকৃত অভিভাৱক আল্লাহৰ ওচৰলৈ ওভতাই নিয়া হ’ব, তেতিয়া সিহঁতৰ উদ্ভাৱিত মিছা আৰোপীসকল সিহঁতৰ পৰা উধাও হৈ যাব।

31 - Yunus (Jonah) - 031

قُلۡ مَن يَرۡزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلۡأَرۡضِ أَمَّن يَمۡلِكُ ٱلسَّمۡعَ وَٱلۡأَبۡصَٰرَ وَمَن يُخۡرِجُ ٱلۡحَيَّ مِنَ ٱلۡمَيِّتِ وَيُخۡرِجُ ٱلۡمَيِّتَ مِنَ ٱلۡحَيِّ وَمَن يُدَبِّرُ ٱلۡأَمۡرَۚ فَسَيَقُولُونَ ٱللَّهُۚ فَقُلۡ أَفَلَا تَتَّقُونَ
কোৱা, ‘কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন; জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায়, লগতে সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে’? তেতিয়া সিহঁতে নিশ্চয় ক’ব, ‘আল্লাহ’। এতেকে কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?

32 - Yunus (Jonah) - 032

فَذَٰلِكُمُ ٱللَّهُ رَبُّكُمُ ٱلۡحَقُّۖ فَمَاذَا بَعۡدَ ٱلۡحَقِّ إِلَّا ٱلضَّلَٰلُۖ فَأَنَّىٰ تُصۡرَفُونَ
এতেকে তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰকৃত প্ৰতিপালক। সত্য ত্যাগ কৰাৰ পিছত বিভ্ৰান্তিৰ বাহিৰে আন কি থাকিব পাৰে? গতিকে (সত্যক এৰি) তোমালোকক কোন ফালে আঁতৰাই নিয়া হৈছে?

33 - Yunus (Jonah) - 033

كَذَٰلِكَ حَقَّتۡ كَلِمَتُ رَبِّكَ عَلَى ٱلَّذِينَ فَسَقُوٓاْ أَنَّهُمۡ لَا يُؤۡمِنُونَ
যিসকলে অবাধ্য হৈছে এইদৰেই সিহঁতৰ বিষয়ে তোমাৰ প্ৰতিপালকৰ বাণী সত্য প্ৰতিপন্ন হৈছে যে, সিহঁতে ঈমান পোষণ নকৰিব।

34 - Yunus (Jonah) - 034

قُلۡ هَلۡ مِن شُرَكَآئِكُم مَّن يَبۡدَؤُاْ ٱلۡخَلۡقَ ثُمَّ يُعِيدُهُۥۚ قُلِ ٱللَّهُ يَبۡدَؤُاْ ٱلۡخَلۡقَ ثُمَّ يُعِيدُهُۥۖ فَأَنَّىٰ تُؤۡفَكُونَ
কোৱা, ‘তোমালোকে অংশী স্থাপন কৰা (উপাস্য)বিলাকৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিয়ে সৃষ্টিৰ সূচনা কৰিব পাৰে আৰু তাৰ পিছত সেইটোৰ পুনৰাবৃত্তিও কৰিব পাৰে’? কোৱা, ‘কেৱল আল্লাহেই সৃষ্টিক অস্তিত্বত আনিব পাৰে আৰু তেৱেঁই পুনৰাবৃত্তিও ঘটাব’। গতিকে (সত্যৰ পৰা) তোমালোকক কোন পিনে ওভতাই নিয়া হৈছে।

35 - Yunus (Jonah) - 035

قُلۡ هَلۡ مِن شُرَكَآئِكُم مَّن يَهۡدِيٓ إِلَى ٱلۡحَقِّۚ قُلِ ٱللَّهُ يَهۡدِي لِلۡحَقِّۗ أَفَمَن يَهۡدِيٓ إِلَى ٱلۡحَقِّ أَحَقُّ أَن يُتَّبَعَ أَمَّن لَّا يَهِدِّيٓ إِلَّآ أَن يُهۡدَىٰۖ فَمَا لَكُمۡ كَيۡفَ تَحۡكُمُونَ
কোৱা, ‘তোমালোকে যিসকলক অংশী স্থাপন কৰা সিহঁতৰ মাজত এনেকুৱা কোনোবা আছে নেকি, যিয়ে সত্যৰ পথ নিৰ্দেশ কৰে’? কোৱা, ‘আল্লাহেই সত্যৰ পথ নিৰ্দেশ কৰে। তেনেহ’লে (কোৱাচোন) আনুগত্যৰ বেছি হকদাৰ কোন? যিজনে সত্যৰ পথৰ নিৰ্দেশ দিয়ে তেওঁ, নে যাক পথ নেদেখুৱালে পথ বিচাৰি নাপায় সেইজন? এতেকে তোমালোকৰ কি হৈছে? তোমালোকে কেনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰা?

36 - Yunus (Jonah) - 036

وَمَا يَتَّبِعُ أَكۡثَرُهُمۡ إِلَّا ظَنًّاۚ إِنَّ ٱلظَّنَّ لَا يُغۡنِي مِنَ ٱلۡحَقِّ شَيۡـًٔاۚ إِنَّ ٱللَّهَ عَلِيمُۢ بِمَا يَفۡعَلُونَ
আৰু সিহঁতৰ অধিকাংশই কেৱল অনুমানৰহে অনুসৰণ কৰে, অথচ সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে, সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত।

37 - Yunus (Jonah) - 037

وَمَا كَانَ هَٰذَا ٱلۡقُرۡءَانُ أَن يُفۡتَرَىٰ مِن دُونِ ٱللَّهِ وَلَٰكِن تَصۡدِيقَ ٱلَّذِي بَيۡنَ يَدَيۡهِ وَتَفۡصِيلَ ٱلۡكِتَٰبِ لَا رَيۡبَ فِيهِ مِن رَّبِّ ٱلۡعَٰلَمِينَ
আৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰোবাৰ দ্বাৰা ৰচনা হোৱাটো সম্ভৱ নহয়। বৰং এইখন হৈছে ইয়াৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে সেইবোৰৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইখন সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)।

38 - Yunus (Jonah) - 038

أَمۡ يَقُولُونَ ٱفۡتَرَىٰهُۖ قُلۡ فَأۡتُواْ بِسُورَةٖ مِّثۡلِهِۦ وَٱدۡعُواْ مَنِ ٱسۡتَطَعۡتُم مِّن دُونِ ٱللَّهِ إِن كُنتُمۡ صَٰدِقِينَ
সিহঁতে এই কথা কয় নেকি যে, ‘তেওঁ নিজেই এইখন ৰচনা কৰিছে’? কোৱা, ‘তেন্তে তোমালোকে ইয়াৰ অনুৰূপ এটা ছুৰা লৈ আহাচোন আৰু আল্লাহৰ বাহিৰে আন যাকেই ইচ্ছা তাকেই মাতি লোৱা, যদি তোমালোকে সত্যবাদী হোৱা’।

39 - Yunus (Jonah) - 039

بَلۡ كَذَّبُواْ بِمَا لَمۡ يُحِيطُواْ بِعِلۡمِهِۦ وَلَمَّا يَأۡتِهِمۡ تَأۡوِيلُهُۥۚ كَذَٰلِكَ كَذَّبَ ٱلَّذِينَ مِن قَبۡلِهِمۡۖ فَٱنظُرۡ كَيۡفَ كَانَ عَٰقِبَةُ ٱلظَّـٰلِمِينَ
বৰং সিহঁতে এনেকুৱা এটা বিষয়ক মিছা বুলি ধাৰণা কৰিছে যিটোক সিহঁতে নিজৰ জ্ঞানৰ দ্বাৰা আয়ত্ত কৰিব পৰা নাই, আৰু এতিয়াও সিহঁতৰ ওচৰলৈ ইয়াৰ প্ৰকৃত পৰিণতি আহি পোৱা নাই। এইদৰেই সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, গতিকে চোৱা, যালিমসকলৰ কি পৰিণাম হৈছিল।

40 - Yunus (Jonah) - 040

وَمِنۡهُم مَّن يُؤۡمِنُ بِهِۦ وَمِنۡهُم مَّن لَّا يُؤۡمِنُ بِهِۦۚ وَرَبُّكَ أَعۡلَمُ بِٱلۡمُفۡسِدِينَ
আৰু সিহঁতৰ মাজৰ কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে আৰু কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে। (জানি থোৱা) তোমাৰ প্ৰতিপালক ফাছাদ সৃষ্টিকাৰীসকলৰ বিষয়ে ভালদৰেই অৱগত।

41 - Yunus (Jonah) - 041

وَإِن كَذَّبُوكَ فَقُل لِّي عَمَلِي وَلَكُمۡ عَمَلُكُمۡۖ أَنتُم بَرِيٓـُٔونَ مِمَّآ أَعۡمَلُ وَأَنَا۠ بَرِيٓءٞ مِّمَّا تَعۡمَلُونَ
আৰু যদি সিহঁতে তোমাক মিছা বুলি অস্বীকাৰ কৰে তেন্তে তুমি কোৱা, মোৰ কামৰ দায়িত্ব মোৰ ওপৰত আৰু তোমালোকৰ কামৰ দায়িত্ব তোমালোকৰ ওপৰত। মই যি কাম কৰোঁ তাৰ লগত তোমালোকৰ কোনো সম্পৰ্ক নাই আৰু তোমালোকে যি কৰা তাৰ লগত মোৰো কোনো সম্পৰ্ক নাই।

42 - Yunus (Jonah) - 042

وَمِنۡهُم مَّن يَسۡتَمِعُونَ إِلَيۡكَۚ أَفَأَنتَ تُسۡمِعُ ٱلصُّمَّ وَلَوۡ كَانُواْ لَا يَعۡقِلُونَ
আৰু সিহঁতৰ কিছুমানে তোমাৰ প্ৰতি কাণ পাতি থাকে। কিন্তু তুমি বধিৰবিলাকক কিবা শুনাব পাৰিবানে যদিও সিহঁতে একো বুজি নাপায়?

43 - Yunus (Jonah) - 043

وَمِنۡهُم مَّن يَنظُرُ إِلَيۡكَۚ أَفَأَنتَ تَهۡدِي ٱلۡعُمۡيَ وَلَوۡ كَانُواْ لَا يُبۡصِرُونَ
আৰু সিহঁতৰ মাজৰ কিছুমানে তোমাৰ প্ৰতি চাই থাকে। এতেকে তুমি অন্ধক পথ দেখুৱাব পাৰিবানে, যদিও সিহঁতৰ দৃষ্টিশক্তি নাথাকে?

44 - Yunus (Jonah) - 044

إِنَّ ٱللَّهَ لَا يَظۡلِمُ ٱلنَّاسَ شَيۡـٔٗا وَلَٰكِنَّ ٱلنَّاسَ أَنفُسَهُمۡ يَظۡلِمُونَ
নিশ্চয় আল্লাহে মানুহৰ প্ৰতি কোনো অন্যায় নকৰে, বৰং মানুহে নিজেই নিজৰ প্ৰতি অন্যায় কৰি থাকে।

45 - Yunus (Jonah) - 045

وَيَوۡمَ يَحۡشُرُهُمۡ كَأَن لَّمۡ يَلۡبَثُوٓاْ إِلَّا سَاعَةٗ مِّنَ ٱلنَّهَارِ يَتَعَارَفُونَ بَيۡنَهُمۡۚ قَدۡ خَسِرَ ٱلَّذِينَ كَذَّبُواْ بِلِقَآءِ ٱللَّهِ وَمَا كَانُواْ مُهۡتَدِينَ
আৰু যিদিনা তেওঁ সিহঁতক একত্ৰিত কৰিব (সেই দিনা সিহঁতৰ এনে লাগিব যেনিবা পৃথিৱীত) কেৱল সিহঁতৰ অৱস্থিতি দিনৰ এটা মুহূৰ্তকাল মাত্ৰ আছিল; সিহঁতে পৰস্পৰক চিনি পাব। অৱশ্যে সিহঁত ক্ষতিগ্ৰস্ত হৈছে যিসকলে আল্লাহৰ সাক্ষাতক মিছা বুলি ভাবিছিল আৰু সিহঁত সৎপথ প্ৰাপ্ত নাছিল।

46 - Yunus (Jonah) - 046

وَإِمَّا نُرِيَنَّكَ بَعۡضَ ٱلَّذِي نَعِدُهُمۡ أَوۡ نَتَوَفَّيَنَّكَ فَإِلَيۡنَا مَرۡجِعُهُمۡ ثُمَّ ٱللَّهُ شَهِيدٌ عَلَىٰ مَا يَفۡعَلُونَ
আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছোঁ তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেই শাস্তি অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰোঁ, তথাপিও সিহঁতে আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব; তদুপৰি সিহঁতে যি কৰে আল্লাহেই তাৰ সাক্ষী।

47 - Yunus (Jonah) - 047

وَلِكُلِّ أُمَّةٖ رَّسُولٞۖ فَإِذَا جَآءَ رَسُولُهُمۡ قُضِيَ بَيۡنَهُم بِٱلۡقِسۡطِ وَهُمۡ لَا يُظۡلَمُونَ
আৰু প্ৰত্যেক উম্মতৰ বাবেই একোজনকৈ ৰাছুল আছিল। এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ ৰাছুল আহিছিল তেতিয়া সিহঁতৰ মাজত ন্যায়ভিত্তিক মীমাংসা কৰা হৈছিল আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা হোৱা নাছিল।

48 - Yunus (Jonah) - 048

وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلۡوَعۡدُ إِن كُنتُمۡ صَٰدِقِينَ
আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা, (তেন্তে কোৱা) এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?

49 - Yunus (Jonah) - 049

قُل لَّآ أَمۡلِكُ لِنَفۡسِي ضَرّٗا وَلَا نَفۡعًا إِلَّا مَا شَآءَ ٱللَّهُۗ لِكُلِّ أُمَّةٍ أَجَلٌۚ إِذَا جَآءَ أَجَلُهُمۡ فَلَا يَسۡتَـٔۡخِرُونَ سَاعَةٗ وَلَا يَسۡتَقۡدِمُونَ
কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ কোনো অপকাৰ বা উপকাৰ কৰাৰো অধিকাৰ নাই। প্ৰত্যেক উম্মতৰ বাবেই নিৰ্ধাৰিত আছে এটা নিৰ্দিষ্ট সময়-সীমা; যেতিয়া সিহঁতৰ সেই নিৰ্দিষ্ট সময় আহিব পৰিব, তেতিয়া সিহঁতে মুহূৰ্তকালো পিছুৱাব নোৱাৰিব আৰু আগুৱাবও নোৱাৰিব’।

50 - Yunus (Jonah) - 050

قُلۡ أَرَءَيۡتُمۡ إِنۡ أَتَىٰكُمۡ عَذَابُهُۥ بَيَٰتًا أَوۡ نَهَارٗا مَّاذَا يَسۡتَعۡجِلُ مِنۡهُ ٱلۡمُجۡرِمُونَ
কোৱা, ‘তোমালোকে কোৱাচোন, যদি তেওঁৰ শাস্তি তোমালোকৰ ওপৰত ৰাতিত অথবা দিনতেই আহি পৰে, তেন্তে (সেই শাস্তিৰ মাজত) এনেকুৱা কি আছে যিটোক অপাৰধীসকলে অতি সোনকালে পাব বিচাৰে’?

51 - Yunus (Jonah) - 051

أَثُمَّ إِذَا مَا وَقَعَ ءَامَنتُم بِهِۦٓۚ ءَآلۡـَٰٔنَ وَقَدۡ كُنتُم بِهِۦ تَسۡتَعۡجِلُونَ
তেন্তে তোমালোকে এইটো সংঘটিত হোৱাৰ পিছত ঈমান আনিবা নেকি? (কোৱা হ’ব) এতিয়া (মানিলানে)?! অথচ তোমালোকে ইয়াৰ আগমনকলৈ খৰখেদা কৰিছিলা।

52 - Yunus (Jonah) - 052

ثُمَّ قِيلَ لِلَّذِينَ ظَلَمُواْ ذُوقُواْ عَذَابَ ٱلۡخُلۡدِ هَلۡ تُجۡزَوۡنَ إِلَّا بِمَا كُنتُمۡ تَكۡسِبُونَ
তাৰ পিছত যালিমসকলক কোৱা হ’ব, ‘স্থায়ী শাস্তিৰ সোৱাদ লোৱা; তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হৈছে’।

53 - Yunus (Jonah) - 053

۞وَيَسۡتَنۢبِـُٔونَكَ أَحَقٌّ هُوَۖ قُلۡ إِي وَرَبِّيٓ إِنَّهُۥ لَحَقّٞۖ وَمَآ أَنتُم بِمُعۡجِزِينَ
আৰু সিহঁতে তোমাৰ ওচৰত জানিব বিচাৰে যে, ‘এই (শাস্তি)টো সঁচাই নেকি’? কোৱা, ‘হয়, মোৰ প্ৰতিপালকৰ শপত! এইটো নিশ্চয় সত্য আৰু তোমালোকে কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰিবা’।

54 - Yunus (Jonah) - 054

وَلَوۡ أَنَّ لِكُلِّ نَفۡسٖ ظَلَمَتۡ مَا فِي ٱلۡأَرۡضِ لَٱفۡتَدَتۡ بِهِۦۗ وَأَسَرُّواْ ٱلنَّدَامَةَ لَمَّا رَأَوُاْ ٱلۡعَذَابَۖ وَقُضِيَ بَيۡنَهُم بِٱلۡقِسۡطِ وَهُمۡ لَا يُظۡلَمُونَ
যদি প্ৰত্যেক অন্যায়কাৰী ব্যক্তিৰ ওচৰত পৃথিৱীৰ সমপৰিমাণ সম্পদ থাকে, তেন্তে সি সেই গোটেইবোৰ মুক্তিপণ হিচাপে প্ৰদান কৰি হ’লেও নিজকে ৰক্ষা কৰিবলৈ উদ্যত হ’ব আৰু যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব তেতিয়া সিহঁতে (নিজৰ) অনুতাপ গোপন কৰিব। তথাপিও সিহঁতৰ মীমাংসা ন্যায়ভিত্তিক কৰা হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।

55 - Yunus (Jonah) - 055

أَلَآ إِنَّ لِلَّهِ مَا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۗ أَلَآ إِنَّ وَعۡدَ ٱللَّهِ حَقّٞ وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَعۡلَمُونَ
জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰ আল্লাহৰেই। জানি থোৱা! আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কিন্তু সিহঁতৰ অধিকাংশই নাজানে।

56 - Yunus (Jonah) - 056

هُوَ يُحۡيِۦ وَيُمِيتُ وَإِلَيۡهِ تُرۡجَعُونَ
তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁৰ ওচৰতেই তোমালোকক ওভতাই নিয়া হ’ব।

57 - Yunus (Jonah) - 057

يَـٰٓأَيُّهَا ٱلنَّاسُ قَدۡ جَآءَتۡكُم مَّوۡعِظَةٞ مِّن رَّبِّكُمۡ وَشِفَآءٞ لِّمَا فِي ٱلصُّدُورِ وَهُدٗى وَرَحۡمَةٞ لِّلۡمُؤۡمِنِينَ
হে মানৱ! তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আৰু অন্তৰত যি (ব্যাধি) আছে তাৰ প্ৰতিষেধক লগতে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত আহিছে।

58 - Yunus (Jonah) - 058

قُلۡ بِفَضۡلِ ٱللَّهِ وَبِرَحۡمَتِهِۦ فَبِذَٰلِكَ فَلۡيَفۡرَحُواْ هُوَ خَيۡرٞ مِّمَّا يَجۡمَعُونَ
কোৱা, ‘এইটো আল্লাহৰ অনুগ্ৰহ আৰু তেওঁৰ কৃপাত (আহিছে); এতেকে সিহঁতে এই বিষয়ে আনন্দিত হোৱা উচিত’। সিহঁতে যি পুঞ্জীভূত কৰে তাতকৈ এইটো অধিক উত্তম।

59 - Yunus (Jonah) - 059

قُلۡ أَرَءَيۡتُم مَّآ أَنزَلَ ٱللَّهُ لَكُم مِّن رِّزۡقٖ فَجَعَلۡتُم مِّنۡهُ حَرَامٗا وَحَلَٰلٗا قُلۡ ءَآللَّهُ أَذِنَ لَكُمۡۖ أَمۡ عَلَى ٱللَّهِ تَفۡتَرُونَ
কোৱা, ‘তোমালোকে এই বিষয়ে কি কোৱা, আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰি লৈছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰা’?

60 - Yunus (Jonah) - 060

وَمَا ظَنُّ ٱلَّذِينَ يَفۡتَرُونَ عَلَى ٱللَّهِ ٱلۡكَذِبَ يَوۡمَ ٱلۡقِيَٰمَةِۗ إِنَّ ٱللَّهَ لَذُو فَضۡلٍ عَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَشۡكُرُونَ
আৰু যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, ক্বিয়ামত দিৱস সম্পৰ্কে সিহঁতৰ ধাৰণা কি? নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহপৰায়ণ, কিন্তু সিহঁতৰ অধিকাংশই কৃতজ্ঞতা প্ৰকাশ নকৰে।

61 - Yunus (Jonah) - 061

وَمَا تَكُونُ فِي شَأۡنٖ وَمَا تَتۡلُواْ مِنۡهُ مِن قُرۡءَانٖ وَلَا تَعۡمَلُونَ مِنۡ عَمَلٍ إِلَّا كُنَّا عَلَيۡكُمۡ شُهُودًا إِذۡ تُفِيضُونَ فِيهِۚ وَمَا يَعۡزُبُ عَن رَّبِّكَ مِن مِّثۡقَالِ ذَرَّةٖ فِي ٱلۡأَرۡضِ وَلَا فِي ٱلسَّمَآءِ وَلَآ أَصۡغَرَ مِن ذَٰلِكَ وَلَآ أَكۡبَرَ إِلَّا فِي كِتَٰبٖ مُّبِينٍ
আৰু তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকোঁ, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা। আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুও তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈও ক্ষুদ্ৰ বা বৃহত একোৱেই নাই যিটোৰ বিষয়ে সুস্পষ্ট কিতাবত (লাওহে মাহফুজত লিপিবদ্ধ) নাই।

62 - Yunus (Jonah) - 062

أَلَآ إِنَّ أَوۡلِيَآءَ ٱللَّهِ لَا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ
জানি থোৱা! আল্লাহৰ বন্ধুসকলৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।

63 - Yunus (Jonah) - 063

ٱلَّذِينَ ءَامَنُواْ وَكَانُواْ يَتَّقُونَ
যিসকলে ঈমান আনিছিল আৰু তাক্বৱা অৱলম্বন কৰিছিল।

64 - Yunus (Jonah) - 064

لَهُمُ ٱلۡبُشۡرَىٰ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَفِي ٱلۡأٓخِرَةِۚ لَا تَبۡدِيلَ لِكَلِمَٰتِ ٱللَّهِۚ ذَٰلِكَ هُوَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ
তেওঁলোকৰ বাবেই আছে সুসংবাদ পাৰ্থিৱ জীৱনত আৰু আখিৰাততো, আল্লাহৰ বাণীৰ কোনো পৰিবৰ্তন নাই; এইটোৱেই হৈছে মহাসফলতা।

65 - Yunus (Jonah) - 065

وَلَا يَحۡزُنكَ قَوۡلُهُمۡۘ إِنَّ ٱلۡعِزَّةَ لِلَّهِ جَمِيعًاۚ هُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ
আৰু সিহঁতৰ কথাই যাতে তোমাক চিন্তিত নকৰে। নিশ্চয় সকলো ধৰণৰ মান-মৰ্যাদা কেৱল আল্লাহৰ বাবেই; তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।

66 - Yunus (Jonah) - 066

أَلَآ إِنَّ لِلَّهِ مَن فِي ٱلسَّمَٰوَٰتِ وَمَن فِي ٱلۡأَرۡضِۗ وَمَا يَتَّبِعُ ٱلَّذِينَ يَدۡعُونَ مِن دُونِ ٱللَّهِ شُرَكَآءَۚ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَإِنۡ هُمۡ إِلَّا يَخۡرُصُونَ
জানি থোৱা! নিশ্চয় যিসকল আকাশত আছে আৰু যিসকল পৃথিৱীত আছে সিহঁত আল্লাহৰেই; আৰু যিসকলে আল্লাহৰ বাহিৰে আনক শ্বৰীকৰূপে আহ্বান কৰে, সিহঁতে কিহৰ অনুসৰণ কৰে? সিহঁতে কেৱলমাত্ৰ ধাৰণাৰহে অনুসৰণ কৰে, লগতে সিহঁতে কেৱল মিছা কথাহে কয়।

67 - Yunus (Jonah) - 067

هُوَ ٱلَّذِي جَعَلَ لَكُمُ ٱلَّيۡلَ لِتَسۡكُنُواْ فِيهِ وَٱلنَّهَارَ مُبۡصِرًاۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يَسۡمَعُونَ
তেৱেঁই সেই সত্তা, যিজনে তোমালোকৰ বাবে সৃষ্টি কৰিছে ৰাতি, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা আৰু দেখিবলৈ (সৃষ্টি কৰিছে) দিন। যি সম্প্ৰদায়ে কথা শুনে নিশ্চয় সিহঁতৰ বাবে ইয়াত আছে বহুতো নিদৰ্শন।

68 - Yunus (Jonah) - 068

قَالُواْ ٱتَّخَذَ ٱللَّهُ وَلَدٗاۗ سُبۡحَٰنَهُۥۖ هُوَ ٱلۡغَنِيُّۖ لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۚ إِنۡ عِندَكُم مِّن سُلۡطَٰنِۭ بِهَٰذَآۚ أَتَقُولُونَ عَلَى ٱللَّهِ مَا لَا تَعۡلَمُونَ
সিহঁতে কয়, ‘আল্লাহে সন্তান গ্ৰহণ কৰিছে’। তেওঁ মহান পৱিত্ৰ! তেওঁ অভাৱমুক্ত! আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই স

Scroll to Top